ডেটিং এপত চিনাকি হোৱা যুৱকক বিয়া কৰাবলৈ কানাডাৰ পৰা ভাৰতলৈ আহিল মহিলা, বয়স জানি বিয়াত অমান্তি যুৱকৰ

প্ৰেমৰ কোনো সীমা নাথাকে বুলি কোৱা হয়। কিন্তু সকলো প্ৰেম কাহিনীৰ পৰিণতি যে সুখৰ হয়, সেয়া নহয়। ডেটিং এপৰ জৰিয়তে চিনাকি হোৱা এজন যুৱকক বিয়া কৰাবলৈ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈৰ কানাডাৰ পৰা ৰাজস্থানলৈ আহিছিল এগৰাকী মহিলা। কিন্তু বিয়াৰ কথা আগবঢ়াৰ সময়তে মহিলাগৰাকীৰ বয়স জানিব পাৰি যুৱকজনে বিয়াত অমান্তি হোৱাত সৃষ্টি হয় তীব্ৰ বিবাদ। অৱশেষত মহিলাগৰাকীয়ে কানাডাৰ দূতাবাসৰ কাষ চাপিবলৈ বাধ্য হয়।

ৰাজস্থানৰ কোটপুটলি-বেহৰোৰ জিলাৰ নিমৰানা অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বিয়াক লৈ দুয়োৰে মাজত মতানৈক্য সৃষ্টি হোৱাৰ পিছত মহিলাগৰাকীয়ে কানাডাৰ দূতাবাসক বিষয়টো অৱগত কৰে। দূতাবাসৰ পৰা আৰক্ষীক খবৰ দিয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।\

নিমৰানা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰেন্দ্ৰ যাদৱৰ মতে, প্ৰায় এবছৰ পূৰ্বে এটা ডেটিং এপৰ জৰিয়তে কানাডাৰ মহিলাগৰাকীৰ সৈতে হাৰিয়ানাৰ পানীপতৰ বাসিন্দা নিতিন নামৰ যুৱকজনৰ চিনাকি হৈছিল।

লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। সেই পৰিকল্পনা অনুসৰিয়েই মহিলাগৰাকীয়ে পৰ্যটকৰ ভিছা লৈ ভাৰতলৈ আহে। যোৱা ১১ নৱেম্বৰত তেওঁ দিল্লীত উপস্থিত হয়।

আৰক্ষীৰ তথ্য অনুসৰি, নিতিনে দিল্লী বিমানবন্দৰলৈ গৈ মহিলাগৰাকীক আদৰি আনে আৰু পিছত তেওঁক নিমৰানালৈ লৈ যায়। তাত নিতিনৰ খুৰাক আৰু খুৰীয়েকৰ এটা ফ্লেটত দুয়ো একেলগে থাকিবলৈ লয়।

আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে নিতিনৰ সৈতে আৱাসিক চৌহদটোত দুদিন কটায়। এই সময়ছোৱাত তেওঁলোকৰ বিবাহৰ বিষয়েও আলোচনা আগবাঢ়িছিল। কিন্তু মহিলাগৰাকীৰ বয়স প্ৰায় ৬১ বছৰ বুলি জানিব পৰাৰ পিছতে পৰিস্থিতিৰ পৰিৱৰ্তন ঘটে।

আৰক্ষীৰ মতে, মহিলাগৰাকীৰ বয়সৰ কথা জানিব পাৰি নিতিনে বিবাহৰ সিদ্ধান্তৰ পৰা আঁতৰি আহে। ইয়াকে লৈ দুয়োৰে মাজত মতানৈক্য আৰু বিবাদৰ সৃষ্টি হয়।

এই ঘটনাৰ পিছতে যোৱা ১৩ নৱেম্বৰত মহিলাগৰাকীয়ে কানাডাৰ দূতাবাসৰ সৈতে যোগাযোগ কৰি সমগ্ৰ বিষয়টো অৱগত কৰে। দূতাবাসৰ পৰা তথ্য লাভ কৰাৰ পিছত নিমৰানা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকী তথা নিতিন দুয়োকে আৰক্ষী থানালৈ লৈ যায়।

আৰক্ষীয়ে বৰ্তমান নিতিনক জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে। আনহাতে, কানাডাৰ মহিলাগৰাকীক কোটপুটলিৰ ক’ৰ চেণ্টাৰত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, নিতিন মূলতঃ হাৰিয়ানাৰ পানীপতৰ বাসিন্দা আৰু এখন ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত।

ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সোধা-পোছা আৰু তদন্তত লাভ কৰা তথ্যৰ ভিত্তিত পৰৱৰ্তী সময়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত নিউজিলেণ্ডৰ হাতত ০-৩ গ’লত পৰাস্ত ভাৰত

দেওবাৰে অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰীতি মেচত নিউজিলেণ্ডৰ হাতত...