আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পাছতো ইৰাণৰ হাতত ১,৫০০–২,৫০০ ক্ষেপণাস্ত্ৰ মজুত! যুদ্ধ পুনৰ আৰম্ভ হ’লে আমেৰিকা আৰু মিত্ৰ দেশসমূহক আক্ৰমণৰ ক্ষমতা আছে ইৰাণৰ

আমেৰিকা আৰু ইজৰাইলৰ কেইবামাহো ধৰি চলোৱা সামৰিক আক্ৰমণৰ পিছতো ইৰাণৰ হাতত এতিয়াও ১,৫০০ৰ পৰা ২,৫০০টালৈকে ক্ষেপণাস্ত্ৰ মজুত আছে। আমেৰিকাৰ এক চোৰাংচোৱা মূল্যায়নৰ উদ্ধৃতি দি দ্য ৱাল ষ্ট্ৰীট জাৰ্নেল (WSJ)-এ এই তথ্য প্ৰকাশ কৰিছে। প্ৰতিবেদন অনুসৰি, যুদ্ধ পুনৰ তীব্ৰতৰ হ’লে এই ক্ষেপণাস্ত্ৰসমূহৰ জৰিয়তে ইৰাণে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি আক্ৰমণ চলাব পাৰে।

আমেৰিকাৰ বিষয়াসকলে সংবাদ মাধ্যমটোক জনোৱা অনুসৰি, ইৰাণৰ হাতত কিমানসংখ্যক ক্ষেপণাস্ত্ৰ তাৎক্ষণিকভাৱে নিক্ষেপৰ বাবে সাজু হৈ আছে আৰু কিমানসংখ্যক মজুত কৰি ৰখা হৈছে, সেয়া নিশ্চিত কৰাটো কঠিন। সেয়েহে এই সংখ্যাৰ ক্ষেত্ৰত কিছু অনিশ্চয়তা আছে। অৱশ্যে তেওঁলোকে স্বীকাৰ কৰিছে যে ইৰাণৰ হাতত এতিয়াও বৃহৎ পৰিমাণৰ ক্ষেপণাস্ত্ৰৰ ভঁৰাল আছে।

ইজৰাইলৰ সামৰিক বিষয়াসকলেও ইৰাণৰ হাতত ১,৫০০ৰো অধিক বেলিষ্টিক ক্ষেপণাস্ত্ৰ থকা বুলি অনুমান কৰিছে। অৱশ্যে বিভিন্ন পক্ষৰ মূল্যায়নত সংখ্যাৰ কিছু পাৰ্থক্য দেখা গৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথমটো কাৰ্যকালত উপসাগৰীয় অঞ্চলৰ বাবে প্ৰতিৰক্ষা বিভাগৰ উপ-সহকাৰী সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰা ছিম’ন লিডেনে কয় যে, নিম্নতম ১,৫০০টা ক্ষেপণাস্ত্ৰৰ অনুমানটোও সঁচা হ’লে ইয়াৰ অৰ্থ হ’ল যুদ্ধৰ পূৰ্বে থকা ইৰাণৰ ক্ষেপণাস্ত্ৰৰ ভঁৰালৰ আধাতকৈও অধিক পুনৰ পূৰণ কৰিবলৈ দেশখনে সক্ষম হৈছে।

তেওঁৰ মতে, ২০২৫ চনৰ জুন মাহৰ ১২ দিনীয়া যুদ্ধৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত আৰম্ভ হোৱা যুদ্ধৰ পূৰ্বলৈকে ইৰাণে নিজৰ ক্ষেপণাস্ত্ৰৰ ভঁৰাল সম্পূৰ্ণৰূপে পুনৰ গঢ়ি তুলিছিল।

এই মূল্যায়নে ট্ৰাম্প প্ৰশাসনৰ পূৰ্বৰ দাবীৰ বিপৰীত ছবি দাঙি ধৰিছে। উল্লেখ্য যে, ‘অপাৰেচন এপিক ফিউৰি’ৰ পিছত হোৱাইট হাউছে এপ্ৰিল মাহত দাবী কৰিছিল যে ইৰাণৰ প্ৰতিৰক্ষা-শিল্প খণ্ডৰ ৮৫ শতাংশতকৈও অধিক ধ্বংস কৰা হৈছে। লগতে দেশখনৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ ভঁৰাল আৰু উৎপাদন ক্ষমতা সম্পূৰ্ণৰূপে বিধ্বস্ত কৰা হৈছে বুলিও দাবী কৰা হৈছিল।

আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ ক্ষেপণাস্ত্ৰ উৎপাদন কেন্দ্ৰসমূহৰ যথেষ্ট ক্ষতিসাধন হৈছিল। তথাপি দেশখনে নিজৰ ক্ষেপণাস্ত্ৰৰ ভঁৰাল পুনৰ গঢ়ি তোলাৰ কাম অব্যাহত ৰাখিছে। আমেৰিকাৰ বিষয়াসকলৰ মতে, যুদ্ধৰ পূৰ্বে মজুত কৰি ৰখা বিভিন্ন উপাদান ব্যৱহাৰ কৰিয়েই ইৰাণে এই কাম আগবঢ়াই নিছে। অৱশ্যে যুদ্ধৰ পূৰ্বৰ তুলনাত বৰ্তমান ক্ষেপণাস্ত্ৰ উৎপাদনৰ গতি যথেষ্ট মন্থৰ।

ইয়াৰ উপৰি ইৰাণৰ হাতত এতিয়াও বৃহৎ পৰিমাণৰ ড্ৰ’ন আৰু কম দূৰত্বৰ ক্ষেপণাস্ত্ৰ মজুত আছে।

ইফালে, বেলিষ্টিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ সহায়ত উপসাগৰীয় অঞ্চলত থকা আমেৰিকাৰ সামৰিক ঘাটি, ৰাডাৰ ব্যৱস্থা আৰু আগতীয়া সতৰ্কীকৰণ কেন্দ্ৰসমূহক লক্ষ্য কৰি ইৰাণে আক্ৰমণ অব্যাহত ৰাখিছে। এই আক্ৰমণত আমেৰিকাৰ কেইবাটাও সামৰিক সম্পত্তিৰ ক্ষতিসাধন হৈছে। ফলত আমেৰিকাৰ কিছুমান সামৰিক সম্পদ ইজৰাইললৈ স্থানান্তৰ কৰা হৈছে। আমেৰিকা আৰু ইজৰাইলৰ বিষয়াসকলে ইজৰাইলক তুলনামূলকভাৱে নিৰাপদ স্থান বুলি বিবেচনা কৰিছে।

ইৰাণে নিজৰ সামৰিক ক্ষমতা সম্পৰ্কীয় তথ্য অতি গোপনে ৰখাৰ বাবে দেশখনৰ হাতত প্ৰকৃততে কিমান ক্ষেপণাস্ত্ৰ আছে, সেয়া নিৰ্ধাৰণ কৰাটো কঠিন হৈ পৰিছে। তদুপৰি দেশখনত কেইবাটাও ক্ষেপণাস্ত্ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে। ভূগৰ্ভস্থ ভঁৰালত মজুত কৰি ৰখা সম্পূৰ্ণ বা অৰ্ধনিৰ্মিত উপাদান ব্যৱহাৰ কৰি কিমান নতুন ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰিব পাৰিব, সেয়াও স্পষ্ট নহয়।

লণ্ডনৰ কিংছ কলেজৰ অতিথি গৱেষক তথা ইৰাণৰ সামৰিক বিষয়ত বিশেষজ্ঞ আৰু প্ৰাক্তন চিআইএ বিশ্লেষক জিম লেমছনে কয় যে, এই সকলোবোৰ কাৰকৰ বাবে ইৰাণৰ ক্ষেপণাস্ত্ৰৰ প্ৰকৃত সংখ্যা নিৰ্ভৰযোগ্যভাৱে নিৰ্ধাৰণ কৰাটো অত্যন্ত কঠিন।

তেওঁৰ মতে, যুদ্ধৰ পূৰ্বে ইৰাণৰ হাতত কিমান ক্ষেপণাস্ত্ৰ আছিল, সেই সন্দৰ্ভতো স্পষ্ট তথ্যৰ অভাৱ থকাৰ বাবে বৰ্তমানৰ মূল্যায়ন অধিক জটিল হৈ পৰিছে।

দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ আগত তেওঁ কয়, “চৰকাৰৰ বাবে এনে ধৰণৰ কাম কৰাৰ অভিজ্ঞতাৰ পৰা মই জানো যে, সকলো গোপনীয় তথ্য হাতত থকাৰ পিছতো এনে মূল্যায়নৰ নিৰ্ভৰযোগ্যতা অতি কম হ’ব পাৰে।”

ইৰাণৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সামৰ্থ্য ধ্বংস কৰাটো আমেৰিকা-ইজৰাইলৰ যৌথ সামৰিক অভিযানৰ অন্যতম প্ৰধান লক্ষ্য আছিল। দুয়োখন দেশে যৌথ আক্ৰমণৰ পিছত অভিযান সফল হোৱা বুলি ঘোষণা কৰিছিল। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও দাবী কৰিছিল যে ইৰাণৰ ক্ষেপণাস্ত্ৰ কাৰ্যসূচী বিধ্বস্ত কৰা হৈছে আৰু দেশখনৰ অৱশিষ্ট ক্ষেপণাস্ত্ৰৰ ভঁৰাল প্ৰায় শেষ হোৱাৰ পথত।

কিন্তু ইজৰাইলৰ এজন সামৰিক বিষয়াই স্বীকাৰ কৰিছে যে আক্ৰমণৰ পিছতো ইৰাণে পুনৰ সামৰিক শক্তি গঢ়ি তুলিছে। বিষয়াগৰাকীয়ে কয়, “তেওঁলোকে পুনৰ নিৰ্মাণ আৰু অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল পূৰণ কৰি আছে।” লগতে তেওঁ কয় যে তেহৰানে আন এক বৃহৎ পৰ্যায়ৰ যুদ্ধৰ বাবে প্ৰস্তুতি চলাইছে।

ৱাশ্বিংটনস্থিত ভূ-ৰাজনৈতিক বিপদাশংকা বিশ্লেষণকাৰী প্ৰতিষ্ঠান ‘ট্ৰেণ্ডছ ইউএছ’ৰ জ্যেষ্ঠ পৰিচালন সঞ্চালক বিলাল ছাবে কয় যে, ইৰাণৰ সামৰিক ক্ষমতা কেৱল ক্ষেপণাস্ত্ৰৰ সংখ্যাৰ ভিত্তিত মূল্যায়ন কৰাটো উচিত নহয়।

তেওঁ দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলক কয়, “কেৱল ক্ষেপণাস্ত্ৰৰ সংখ্যাই সকলো কথা নিৰ্ধাৰণ নকৰে। ইৰাণে সেইবোৰ কেনেদৰে ব্যৱহাৰ কৰে, সেয়াও গুৰুত্বপূৰ্ণ। দেশখনৰ সামৰিক কমাণ্ডাৰসকলে অধিক ফলপ্ৰসূভাৱে আক্ৰমণ চলাবলৈ ইতিমধ্যে কেইবাটাও নতুন কৌশল আয়ত্ত কৰিছে।”

ইফালে, ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জ্যেষ্ঠ উপদেষ্টাসকলক জনাইছে যে ইৰাণ আৰু য়েমেনৰ ইৰাণ-সমৰ্থিত হুথি বিদ্ৰোহীসকলে আমেৰিকাক উচটনি নিদিলে তেওঁ ইৰাণৰ বিৰুদ্ধে নতুন সামৰিক আক্ৰমণৰ পৰা বিৰত থকাৰ কথা বিবেচনা কৰিছে।

প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, ছৌদি আৰব আৰু তুৰস্ককে ধৰি উপসাগৰীয় অঞ্চলৰ মিত্ৰ দেশসমূহেও ট্ৰাম্পক পুনৰ পূৰ্ণ পৰ্যায়ৰ যুদ্ধ আৰম্ভ নকৰিবলৈ আহ্বান জনাইছে। তেওঁলোকৰ মতে, নিষেধাজ্ঞা আৰু আমেৰিকাৰ নৌ-অৱৰোধৰ ফলত ইতিমধ্যে ইৰাণৰ অৰ্থনীতি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

বৃহস্পতিবাৰে ট্ৰাম্পে কয়, “মই ইচ্ছা কৰিলে এই যুদ্ধ তৎক্ষণাৎ শেষ কৰিব পাৰোঁ। কিন্তু মই যিসমূহ দেশক সুৰক্ষা দিব বিচাৰিছোঁ, সেই দেশসমূহৰ অনুৰোধত আমি অলপ দীঘলীয়া আৰু কিছু অধিক শান্তিপূৰ্ণ পথেৰে আগবাঢ়িছোঁ।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজস্থানত ৰে’লপথত বিস্ফোৰণৰ ঘটনাৰে পাকিস্তানৰ সম্পৰ্ক! পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ দুই অভিযুক্ত

ৰাজস্থানৰ শ্ৰী গংগানগৰ জিলাত ৰে’লপথত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ সৈতে...