আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত পুনৰ উজলিল অসমৰ মহিলা ক্ৰিকেটাৰ উমা ছেত্ৰী। ইংলেণ্ড A মহিলা দলৰ ভাৰত ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰত Aৰ বহুদিনীয়া ফৰ্মেটৰ (Multi-Day) দলত স্থান লাভ কৰিছে অসমকন্যা উমা ছেত্ৰীয়ে।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (BCCI) ঘোষণা কৰা ১৬জনীয়া দলটোত উইকেটকীপাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে উমাক। ইংলেণ্ড A দলৰ বিৰুদ্ধে আগন্তুক শৃংখলাত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ আন এক সুযোগ লাভ কৰিলে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে।
উল্লেখ্য যে, অসমৰ মহিলা ক্ৰিকেটৰ অন্যতম চিনাকি মুখ উমা ছেত্ৰীয়ে ইয়াৰ পূৰ্বেও ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত খেলাৰ সুযোগ লাভ কৰিছে।
ইংলেণ্ড Aৰ বিৰুদ্ধে ভাৰত A দলত স্থান লাভৰ খবৰে অসমৰ ক্ৰীড়াপ্ৰেমীৰ মাজত আনন্দৰ সৃষ্টি কৰিছে।
