৮১ বছৰ বয়সত বিশ্বসাহিত্যৰ অন্যতম সন্মানীয় বুকাৰ বঁটা লাভ কৰি ইতিহাস ৰচিলে ব্ৰিটিছ লেখক এম জন হেৰিছনে (M. John Harrison)। ছয় দশকৰো অধিক সময় ধৰি সাহিত্য চৰ্চা কৰি অহা লেখকগৰাকীয়ে ২০২৬ বৰ্ষৰ বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ (The End of Everything)-এ কঢ়িয়াই আনিলে এই সন্মান। কেৱল বঁটা লাভ কৰাই নহয়, বয়সৰ দিশৰ পৰাও এক নতুন অভিলেখ গঢ়িলে হেৰিছনে। বুকাৰ বঁটাৰ ইতিহাসত আটাইতকৈ অধিক বয়সত এই সন্মান লাভ কৰা লেখক হিচাপে পৰিগণিত হৈছে তেওঁ।
৯ নৱেম্বৰ, সোমবাৰে লণ্ডনৰ অল্ড বিলিংছগেটত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁৰ হাতত তুলি দিয়া হয় ৫০ হাজাৰ ব্ৰিটিছ পাউণ্ডৰ পুৰস্কাৰৰ ধন। ভাৰতীয় মুদ্ৰাৰ হিচাপত ইয়াৰ পৰিমাণ প্ৰায় ৬২ লাখ ৮০ হাজাৰ টকা।
হেৰিছনৰ এই ঐতিহাসিক সফলতা আহিছে তেওঁৰ বহুল চৰ্চিত আৰু ব্যতিক্ৰমী উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ৰ জৰিয়তে। এক ৰহস্যময় মহাপ্ৰলয়ৰ পিছত ব্ৰিটিছ সমাজৰ ধ্বংসাৱশেষৰ মাজত গঢ় লৈ উঠা পৰিস্থিতিক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছে উপন্যাসখন।
কাহিনীৰ কেন্দ্ৰত আছে এগৰাকী ব্যক্তি আৰু তেওঁৰ পেহীয়েক। ইংলেণ্ডৰ দক্ষিণ-পূব উপকূলীয় অঞ্চলত মহাপ্ৰলয়ৰ পিছৰ পৰিস্থিতিৰ মাজত তেওঁলোকে জীয়াই থকাৰ সংগ্ৰাম অব্যাহত ৰাখে। ইয়াৰ মাজতে পৃথিৱীত উপস্থিত হয় ৰহস্যময় ভিনগ্ৰহী প্ৰাণী। উপন্যাসখনত মানৱ জীৱনৰ বাস্তৱ অভিজ্ঞতা, হতাশা আৰু সকলো অন্ধকাৰৰ মাজতো আশাৰ এক ক্ষীণ পোহৰৰ ছবি সুন্দৰকৈ প্ৰতিফলিত হৈছে।
বিখ্যাত ধ্ৰুপদী ইতিহাসবিদ তথা এইবাৰৰ বিচাৰকমণ্ডলীৰ অধ্যক্ষ ডেম মেৰী বিয়াৰ্ডে উপন্যাসখনৰ ভূয়সী প্ৰশংসা কৰিছে। তেওঁৰ মতে, উপন্যাসখন পঢ়াটো যথেষ্ট কঠিন। কিন্তু উৎকৃষ্ট সাহিত্যই সদায় পাঠকক নতুন চিন্তা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন কৰায়। কিতাপখনে পাঠকৰ চিন্তা-চেতনাক নতুন ৰূপত ভাবিবলৈ বাধ্য কৰে, মুখত হাঁহি বিৰিঙায় আৰু গভীৰ অন্ধকাৰৰ মাজতো আশাৰ বতৰা দিয়ে।
দীৰ্ঘ ছটা দশকৰো অধিক সময়ৰ সাহিত্যিক জীৱনত এম জন হেৰিছনে ১৩খন উপন্যাস, পাঁচখন চুটিগল্পৰ সংকলন আৰু এখন ব্যতিক্ৰমী আত্মজীৱনীমূলক গ্ৰন্থ ৰচনা কৰিছে। ছায়েন্স ফিকচন বা ফেণ্টাছি সাহিত্যৰ দৰে শ্ৰেণীবিভাজন তেওঁ নিজে বিশেষ পছন্দ নকৰিলেও সাহিত্য জগতত তেওঁক এগৰাকী শক্তিশালী ছায়েন্স ফিকচন লেখক হিচাপে গণ্য কৰা হয়।
বুকাৰ বঁটাৰ মুখ্য কাৰ্যবাহী বিষয়া গেবী উডৰ মতে, প্ৰকৃত অৰ্থত ছায়েন্স ফিকচন সাহিত্যধাৰাৰ পৰা আহি বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী লেখক হৈছে এম জন হেৰিছন।
বিশ্বসাহিত্যৰ অন্যতম সন্মানীয় বঁটা হৈছে বুকাৰ প্ৰাইজ। ১৯৬৯ চনৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। প্ৰতি বছৰে ইংৰাজী ভাষাত ৰচিত শ্ৰেষ্ঠ উপন্যাসখনক এই সন্মান প্ৰদান কৰা হয়। বিশ্বৰ বিভিন্ন দেশৰ লেখকে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে। অৱশ্যে তেওঁলোকৰ উপন্যাস নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ব্ৰিটেইন বা আয়াৰলেণ্ডত প্ৰকাশিত হোৱাটো বাধ্যতামূলক।
প্ৰথমে বঁটাৰ বাবে জমা পৰা গ্ৰন্থসমূহৰ মাজৰ পৰা বিচাৰকমণ্ডলীয়ে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰে। ইয়াৰ পিছত সেই তালিকাৰ পৰা ছখন উপন্যাসক লৈ চূড়ান্ত সংক্ষিপ্ত তালিকা বা শ্বৰ্টলিষ্ট ঘোষণা কৰা হয়। পৰৱৰ্তী সময়ত বিচাৰকসকলৰ আলোচনা, পৰ্যালোচনা আৰু মূল্যায়নৰ অন্তত চূড়ান্ত বিজয়ী নিৰ্বাচন কৰা হয়।
বিজয়ী লেখকগৰাকীয়ে লাভ কৰে ৫০ হাজাৰ ব্ৰিটিছ পাউণ্ড। আনহাতে, শ্বৰ্টলিষ্টত স্থান লাভ কৰা বাকী প্ৰতিগৰাকী লেখকে লাভ কৰে ২,৫০০ পাউণ্ডকৈ।
২০২৬ বৰ্ষৰ বুকাৰ বঁটাৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছিল মুঠ ছখন উপন্যাসে। এই তালিকাত আছিল পূৰ্বে বুকাৰ বঁটা লাভ কৰা দুই লেখক ডগলাছ ষ্টুৱাৰ্ট আৰু মাৰ্লন জেমছো। তেওঁলোকৰ উপৰি প্ৰতিযোগিতাত আছিল লুক কেনাৰ্ড, ৰেবেকা পেৰী আৰু এলিজাবেথ ষ্ট্ৰাউট।
চূড়ান্ত তালিকাত স্থান লাভ কৰা উপন্যাসকেইখন হৈছে ‘The Disappearers’, ‘Black Bag’, ‘May We Feed the King’, ‘The Things We Never Say’ আৰু ‘John of John’ৰ লগতে বিজয়ী উপন্যাস ‘The End of Everything’।
ছখন উপন্যাসৰ মাজৰ পৰা শ্ৰেষ্ঠ গ্ৰন্থখন নিৰ্বাচন কৰাটো বিচাৰকমণ্ডলীৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। বিচাৰকমণ্ডলীৰ অধ্যক্ষ মেৰী বিয়াৰ্ডে প্ৰকাশ কৰা অনুসৰি, চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে বিচাৰকসকলৰ মাজত দীঘলীয়া আলোচনা, মতানৈক্য আৰু বিতৰ্ক হৈছিল। অৱশেষত সকলো বিচাৰকৰ সহমতত এম জন হেৰিছনক ২০২৬ বৰ্ষৰ বুকাৰ বঁটাৰ বিজয়ী হিচাপে ঘোষণা কৰা হয়।
৮১ বছৰ বয়সত লাভ কৰা এই স্বীকৃতিয়ে এম জন হেৰিছনৰ সুদীৰ্ঘ সাহিত্যিক জীৱনলৈ এক ঐতিহাসিক মাইলৰ খুঁটি সংযোজন কৰিলে।
