দিল্লীত যমুনা নদীত বিনোদনমূলক ৰিভাৰ ক্ৰুজ সেৱা মুকলি কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে
দিল্লীৰ যমুনা নদীত আজি বিনোদনমূলক ৰিভাৰ ক্ৰুজ সেৱা মুকলি কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। এই অনুষ্ঠানত দিল্লীৰ উপ-ৰাজ্যপাল তৰণজিৎ সিং সন্ধু আৰু মুখ্যমন্ত্ৰী ৰেখা গুপ্তাও উপস্থিত থাকিব।
আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উদ্যোগত গঢ়ি তোলা হৈছে এই বিনোদনমূলক যমুনা ৰিভাৰ ক্ৰুজ সেৱা। নদীখনৰ ছোনিয়া বিহাৰ-জগতপুৰ অংশত এই সেৱা আৰম্ভ কৰা হ’ব। ইয়াৰ জৰিয়তে নদীকেন্দ্ৰিক পৰ্যটনৰ প্ৰসাৰ ঘটোৱাৰ লগতে দেশৰ ৰাজধানী দিল্লীৰ বাসিন্দা আৰু পৰ্যটকসকলক এক নতুন বিনোদনৰ অভিজ্ঞতা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
দিল্লীত এই ৰিভাৰ ক্ৰুজ সেৱাৰ বিকাশে ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃত যমুনা নদীৰ বিনোদনমূলক জলপৰিবহণ আৰু নদীকেন্দ্ৰিক পৰ্যটনৰ সম্ভাৱনাক ব্যৱহাৰ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
উল্লেখ্য যে, সেৱা মুকলিৰ পূৰ্বে যোৱা মাহত ক্ৰুজ জাহাজখনৰ পৰীক্ষামূলক যাত্ৰা সফলতাৰে সম্পন্ন কৰা হৈছিল। এই নতুন পদক্ষেপে দিল্লীৰ বাসিন্দা আৰু পৰ্যটকসকলক যমুনা নদীত এক ব্যতিক্ৰমী অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে। লগতে যমুনা নদীৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক আৰু আগ্ৰহ বৃদ্ধি কৰাতো এই উদ্যোগে সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
আনহাতে, বিদ্যুৎচালিত ক্ৰুজ জাহাজৰ ব্যৱহাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত পৰিৱেশ-অনুকূল বিনোদনৰ এক নতুন আকৰ্ষণ সংযোজন কৰিব।
