কলিয়াবৰৰ ২নং বৰঘূলিত নিশা সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা। দীৰ্ঘদিনীয়া ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত এই আক্ৰমণত গুলীবিদ্ধ হোৱাৰ লগতে শিলগুটিৰ আঘাতত আহত হয় মুঠ ৯জন লোক। নিশা প্ৰায় ১২.৩০ বজাত এটা পৰিয়ালৰ ওপৰত অচিনাক্ত অস্ত্ৰধাৰী লোকৰ দলে চলায় এই আক্ৰমণ।
ঘটনাৰ বিৱৰণী অনুসৰি, উলুৱনী থানাৰ অন্তৰ্গত চুলুং আৰক্ষী চকীৰ অধীনস্থ বৰঘূলিত প্ৰায় ২০জনীয়া এটা অস্ত্ৰধাৰী দলে ৰফিকুল ইছলাম আৰু ৰুস্তম আলিৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলায়। আক্ৰমণকাৰীৰ দলটোৱে শিলগুটি নিক্ষেপ কৰাৰ লগতে কেইবাজাই গুলীচালনা কৰে। ভুক্তভোগীসকলৰ ভাষ্য অনুসৰি, দলটোত ৪ৰ পৰা ৫জনকৈ বন্দুকধাৰীও আছিল।
এই আক্ৰমণত আব্দুল হেকিম, ৰফিকুল ইছলাম, ৰুস্তম আলি, ইউচুব আলি, আতৰ আলি, ওফাইদুল ইছলাম, আছাদুল ইছলাম আৰু মফিজুল ইছলাম আহত হয়। ইয়াৰে ৰুস্তম আলিৰ ভৰিত গুলী লাগে। আনহাতে, বাকীকেইজন শিলগুটিৰ আঘাতত আহত হয়। আহতসকলক নিশাই তেজপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ইফালে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুটা গুলীৰ খালী কাৰ্টিজ উদ্ধাৰ কৰিছে। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
উল্লেখ্য যে, বৰঘূলিৰ সাপমাৰীৰ এডোখৰ মাটিক কেন্দ্ৰ কৰি ৰফিকুল ইছলাম আৰু ৰুস্তম আলিৰ পৰিয়ালৰ সৈতে চফিকুল ইছলাম নামৰ লোকজনৰ দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছিল। এই ভূমি বিবাদক লৈ আদালততো গোচৰ চলি থকা বুলি জানিব পৰা গৈছে।
ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, এই ভূমি বিবাদক কেন্দ্ৰ কৰিয়েই চফিকুল ইছলামে ভেৰোণীয়া লোকৰ জৰিয়তে তেওঁলোকৰ ওপৰত আক্ৰমণ সংঘটিত কৰায়। এটা পক্ষই বিবদমান ভূমি দখলৰ চেষ্টা কৰাৰ বিপৰীতে আনটো পক্ষই বাধা প্ৰদান কৰি অহাৰ ফলতে সংঘাতে ভয়ংকৰ ৰূপ লয় বুলি অভিযোগ কৰিছে পৰিয়ালটোৱে।
অৱশ্যে, এই গুলীচালনাৰ ঘটনাত কোন কোন লোক জড়িত, সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই। ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
