দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে ডিমৌত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য। ফটকা আৰু আতচবাজীৰ কোলাহলৰ পৰা আঁতৰি একাংশ লোকে পালন কৰিলে সেউজ দীপাৱলী।
ডিমৌৰ বকুল বন উদ্যানত আয়োজন কৰা হয় এক ব্যতিক্ৰমী শাৰদীয় আড্ডা। এই আড্ডাত সাম্প্ৰতিক পৰিস্থিতিক লৈ আলোচনা কৰাৰ লগতে বিভিন্ন বৌদ্ধিক চিন্তা-চৰ্চা কৰা হয়।
পৰিৱেশ সুৰক্ষাৰ সজাগতা বৃদ্ধি আৰু কিতাপ পঢ়াৰ সংস্কৃতি গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা হয় এই বিশেষ পদক্ষেপ।
আটাইতকৈ আকৰ্ষণীয় দিশটো আছিল আড্ডাত অংশগ্ৰহণ কৰা লোকসকলে ইজনে-সিজনক উপহাৰ দিলে গ্ৰন্থ। ফটকাৰ পৰিৱৰ্তে গ্ৰন্থৰ সুবাসেৰে দীপাৱলী উদযাপনৰ এই প্ৰয়াসে বিশেষ চৰ্চা লাভ কৰিছে।
