খানাপাৰাত বস্তাত উদ্ধাৰ হোৱা মৃতদেহৰ ৰহস্য! আৰক্ষীৰ জালত হত্যাকাৰী, পোহৰলৈ আহিল ১০ বছৰীয়া গোপন সম্পৰ্কৰ ভয়ংকৰ কাহিনী

খানাপাৰাৰ দ-খাৱৈত উদ্ধাৰ হোৱা মহিলাৰ মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে। আৰক্ষীৰ জালত পৰিল অভিযুক্ত হত্যাকাৰী। কিন্তু কিদৰে লাভ কৰিলে আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধান?

যোৱা ৭ নৱেম্বৰত খানাপাৰাৰ এটা দ-খাৱৈত বস্তাৰে বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী মহিলাৰ মৃতদেহ। পিছত স্বামী জিতু বৈশ্যই চিনাক্ত কৰে মৃতদেহটো। মৃত মহিলাগৰাকী আছিল কইনাধৰাৰ উদয়পুৰৰ জিনা বৈশ্য। স্বামী আৰু দুই সন্তানৰ সৈতে উদয়পুৰত বাস কৰিছিল জিনাই। কিন্তু কোনে, কিয় আৰু কি কাৰণত ইমান নৃশংসভাৱে হত্যা কৰিলে জিনাক?

এই প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰথমে দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত। পিছলৈ ঘটনাস্থলী বশিষ্ঠ থানাৰ অন্তৰ্গত হোৱাত তদন্তৰ দায়িত্ব লয় বশিষ্ঠ আৰক্ষীয়ে। হত্যাকাণ্ডৰ আঁৰত তিৰ, স্বামী, পৰকীয়া প্ৰেম নে পুৰণি শত্ৰুতা—এনেদৰে কেইবাটাও দিশ সামৰি আৰক্ষীয়ে আৰম্ভ কৰে অনুসন্ধান।

আৰক্ষীৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল কোনো প্ৰত্যক্ষ ক্লু নথকাটো। জিনাই ব্যৱহাৰ কৰা নাছিল মোবাইল ফোন। অৱশ্যে তেওঁ প্ৰায়ে খানাপাৰাত তিৰ খেলিবলৈ যোৱাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। প্ৰথমে কোনো তিৰ মাফিয়া এই হত্যাকাণ্ডৰ সৈতে জড়িত নেকি, সেই দিশতো তদন্ত চলাইছিল আৰক্ষীয়ে। কিন্তু তেনে কোনো তথ্য লাভ নকৰাত সেই সম্ভাৱনা নাকচ কৰে।

আনহাতে, স্থানীয় লোকৰ সৈতে কথা পাতি আৰক্ষীয়ে জানিব পাৰে যে জিনা আছিল সকলোৰে সৈতে মিলাপ্ৰীতিৰে থকা এগৰাকী মহিলা। ইফালে পত্নী নিৰুদ্দেশ হোৱাৰ দিনাই স্বামী জিতু বৈশ্যই থানাত এজাহাৰ দাখিল কৰাত তেওঁৰ ওপৰত থকা সন্দেহো ক্ৰমাৎ আঁতৰিছিল আৰক্ষীৰ।

কিন্তু তদন্তৰ মাজতে আৰক্ষীৰ হাতত আহি পৰে এক চাঞ্চল্যকৰ তথ্য। ঘৰৰ ওচৰতে বাস কৰা প্ৰদীপ টাই নামৰ এজন লোকৰ সৈতে জিনাৰ আছিল দীৰ্ঘদিনীয়া গোপন সম্পৰ্ক। আৰক্ষীৰ তদন্তত পোহৰলৈ আহে, প্ৰায় ১০ বছৰ ধৰি গোপনে চলি আছিল দুয়োৰে এই সম্পৰ্ক।

পেছাত এজন মেজিক চালক প্ৰদীপে প্ৰায়ে খানাপাৰা মেজিক ষ্টেণ্ডত বাহন ৰখাইছিল। তিনিটা সন্তানৰ পিতৃ প্ৰদীপ আৰু দুই সন্তানৰ মাতৃ জিনাৰ মাজত থকা সম্পৰ্কই অৱশেষত কোন দিশলৈ লৈ গ’ল ঘটনাৰ গতি?

আৰক্ষীয়ে প্ৰদীপৰ মোবাইল নম্বৰ লাভ কৰাৰ পিছতে আৰম্ভ কৰে কাৰিকৰী অনুসন্ধান। ফোন নম্বৰৰ লোকেশ্যন ট্ৰেছ কৰি আৰক্ষীয়ে লাভ কৰে ১ নৱেম্বৰৰ নিশাৰ এক গুৰুত্বপূৰ্ণ তথ্য। সেই তথ্যৰ ভিত্তিতে আৰক্ষীৰ সন্দেহৰ আৱৰ্তত সোমাই পৰে প্ৰদীপ।

আৰু অৱশেষত আৰক্ষীৰ জালত পৰে অভিযুক্ত প্ৰদীপ টাই। আৰক্ষীৰ জেৰাত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত ঘটনাস্থলীৰ কাষৰ পৰা হত্যাত ব্যৱহৃত দাখনো উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ তদন্ত অনুসৰি, ১ নৱেম্বৰৰ দিনটোত জিনা প্ৰদীপৰ মেজিক বাহনতে ঘূৰি ফুৰিছিল। নিশা প্ৰায় ৯.৩০ বজাত খানাপাৰাত জিনাক দাৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে প্ৰদীপে। তাৰ পিছত মৃতদেহটো বস্তাত ভৰাই দ-খাৱৈত পেলাই দিয়ে। ঘটনাস্থলীত কোনো চিচিটিভি কেমেৰা নথকাত তদন্ত অধিক জটিল হৈ পৰিছিল।

হত্যাকাণ্ডৰ ছদিনৰ পিছত ৭ নৱেম্বৰত উদ্ধাৰ হয় উৱলি যোৱা জিনাৰ মৃতদেহ। অৱশেষত ফোনৰ লোকেশ্যন আৰু আৰক্ষীৰ অনুসন্ধানৰ জৰিয়তে পোহৰলৈ আহে হত্যাকাণ্ডৰ আঁৰৰ অভিযুক্তৰ নাম।

এই সন্দৰ্ভত বশিষ্ঠ আৰক্ষী থানাত ৪২৭/২৬ নম্বৰত ৰুজু হৈছে গোচৰ। গোচৰটোত হত্যাৰ সৈতে জড়িত দুটাকৈ ধাৰা সন্নিৱিষ্ট কৰা হৈছে। অভিযুক্তক পাঁচ দিনৰ আৰক্ষী জিম্মাত বিচাৰি আদালতত আবেদন জনোৱাৰ প্ৰস্তুতি চলাইছে আৰক্ষীয়ে।

কিন্তু এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ। দীৰ্ঘদিনীয়া গোপন সম্পৰ্কৰ পৰিণতিতে সংঘটিত হৈছিল নেকি এই নৃশংস হত্যাকাণ্ড? নে ইয়াৰ আঁৰত লুকাই আছে আন কোনো গভীৰ ৰহস্য?

এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি অভিযুক্ত প্ৰদীপ টাইৰ অধিক জেৰাৰ প্ৰয়োজন হ’ব। আৰক্ষীৰ পৰৱৰ্তী তদন্ততহে পোহৰলৈ আহিব জিনা বৈশ্যৰ হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত ৰহস্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...