গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বশিষ্ঠ আৰক্ষী। হত্যাকাণ্ডৰ গোচৰ ৰুজু হোৱাৰ মাত্ৰ ১৮ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধেমাজিৰ প্ৰদীপ টায়েক।
উল্লেখ্য যে, শনিবাৰে খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপৰ এটা দ’ খাৱৈত বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল জীনা বৈশ্যৰ মৃতদেহ। প্ৰাথমিক তদন্তত পৰকীয়া প্ৰেমৰ সম্পৰ্কক কেন্দ্ৰ কৰিয়েই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, প্ৰদীপ টায়ে আৰু জীনা বৈশ্যৰ মাজত বিগত প্ৰায় ১০ বছৰ ধৰি অবৈধ সম্পৰ্ক আছিল। খানাপাৰা অঞ্চলত গাড়ীচালক হিচাপে কৰ্মৰত প্ৰদীপ টায়ে জীনা বৈশ্য ভাড়া থকা একেটা চৌহদতে ভাড়াতীয়া হিচাপেও আছিল।
অভিযোগ অনুসৰি, ঘটনাৰ দিনা অৰ্থাৎ ১ তাৰিখে প্ৰদীপে নিজৰ মেজিক বাহনত জীনাক গোটেই দিনটো ঘূৰাই ফুৰাইছিল। ইয়াৰ মাজতে বেলতলা অঞ্চলৰ পৰা এখন নতুন দা ক্ৰয় কৰি বাহনখনত ৰাখিছিল। নিশা প্ৰায় ৮ বজাত খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপলৈ নি বাহনৰ ভিতৰতে দাৰে আক্ৰমণ কৰি জীনাক হত্যা কৰাৰ অভিযোগ উঠিছে। পাছত মৃতদেহটো বস্তাত ভৰাই নিৰ্জন স্থানৰ দ’ খাৱৈত পেলাই দিয়ে।
তদন্তত প্ৰকাশ পোৱা অনুসৰি, দুয়োৰে পৰিয়ালৰ মাজত সম্পৰ্কক লৈ পূৰ্বৰে পৰা সংঘাত চলি আছিল। সেই সংঘাতৰ পৰিণতিতে প্ৰদীপে হত্যাৰ পৰিকল্পনা কৰিছিল বুলি আৰক্ষীৰ তদন্তত সন্দেহ প্ৰকাশ পাইছে।
আনহাতে, জীনা বৈশ্যৰ হাতত মোবাইল ফোন নথকা আৰু ঘটনাস্থলীৰ আশে-পাশে CCTVৰ দৃশ্য উপলব্ধ নোহোৱাৰ বাবে তদন্তত প্ৰত্যাহ্বানৰ সৃষ্টি হৈছিল। তথাপি বিভিন্ন দিশ পৰীক্ষা কৰি বশিষ্ঠ আৰক্ষীয়ে অভিযুক্তৰ সন্ধান উলিয়াবলৈ সক্ষম হয়।
ইতিমধ্যে আৰক্ষীয়ে হত্যাকাণ্ডত ব্যৱহৃত দাখন আৰু মৃতদেহ কঢ়িয়াবলৈ ব্যৱহাৰ কৰা মেজিক বাহনখন জব্দ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
