ভাৰতত দুবছৰতকৈ অধিক সময় ধৰি আশ্ৰয় লৈ থকা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পুনৰ নিজ দেশলৈ উভতি যোৱাৰ প্ৰস্তুতি চলাইছে। এইবাৰ বাংলাদেশৰ নতুন পাছপ’ৰ্ট আৰু ৰাষ্ট্ৰীয় পৰিচয়-পত্ৰ (NID) লাভৰ বাবে আনুষ্ঠানিকভাৱে আবেদন জনাইছে হাছিনাই। তেওঁৰ দল আৱামী লীগে সোমবাৰে এই কথা প্ৰকাশ কৰিছে। দলটোৰ এই ঘোষণাই বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতিৰ লগতে নতুন দিল্লী আৰু ঢাকাৰ মাজৰ সম্পৰ্কক লৈও পুনৰ চৰ্চাৰ সৃষ্টি কৰিছে।
আৱামী লীগৰ প্ৰকাশ কৰা তথ্য অনুসৰি, লণ্ডনস্থিত আইন প্ৰতিষ্ঠান মেট্ৰিক্স চেম্বাৰ্ছৰ জৰিয়তে নিজৰ আইনী প্ৰতিনিধিসকলৰ সহায়ত নতুন দিল্লীস্থিত বাংলাদেশ উচ্চায়োগৰ কাষ চাপিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। বাংলাদেশৰ নাগৰিক হিচাপে তেওঁৰ অধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সম্পৰ্কীয় চুক্তিৰ অধীনত নিজ দেশলৈ উভতি যোৱাৰ অধিকাৰৰ কথা উল্লেখ কৰি নতুন পাছপ’ৰ্ট আৰু NID প্ৰদানৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ আহ্বান জনোৱা হৈছে।
উল্লেখযোগ্য যে, পূৰ্বৰ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ কাৰ্যকালত হাছিনাৰ পূৰ্বৰ পাছপ’ৰ্ট আৰু পৰিচয়-পত্ৰ বাতিল কৰা হৈছিল বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছিল। সেই পৰিপ্ৰেক্ষিততে নতুন নথি-পত্ৰ লাভৰ বাবে তেওঁৰ এই পদক্ষেপক কেৱল প্ৰশাসনিক প্ৰক্ৰিয়া হিচাপে নহয়, বৰং বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপেও দেখা হৈছে।
আৱামী লীগে জনোৱা মতে, ডিচেম্বৰ মাহতে বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছে হাছিনাই। দেশলৈ উভতি আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হোৱাৰ কথাও তেওঁ পুনৰ স্পষ্ট কৰিছে। দলটোৱে এক বিবৃতিত উল্লেখ কৰিছে যে জাতিৰ পিতা শ্বেখ মুজিবুৰ ৰহমানৰ কন্যা হিচাপে হাছিনাৰ শিপা, পৰিচয় আৰু ৰাজনৈতিক যাত্ৰা বাংলাদেশৰ সৈতে অবিচ্ছেদ্যভাৱে জড়িত। নিজ দেশলৈ উভতি যোৱাটো তেওঁৰ মৌলিক অধিকাৰ বুলিও দাবী কৰিছে দলটোৱে।
কিন্তু হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পথ ইমান সহজ নহয়। কাৰণ, তেওঁক নতুন পাছপ’ৰ্ট বা ভ্ৰমণৰ নথি প্ৰদান কৰাৰ প্ৰয়োজনীয়তাক লৈও বাংলাদেশ চৰকাৰৰ স্থিতি সম্পূৰ্ণ পৃথক। যোৱা সপ্তাহত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হুমায়ুন কবিৰে স্পষ্ট কৰি দিছিল যে ঢাকাই হাছিনাক ভাৰতৰ পৰা প্ৰত্যৰ্পণৰ জৰিয়তে ঘূৰাই আনিব বিচাৰে। তেওঁৰ মতে, বাংলাদেশ আৰু ভাৰতৰ মাজত প্ৰত্যৰ্পণ চুক্তি কাৰ্যকৰী হৈ আছে আৰু সেই ব্যৱস্থাৰ অধীনতে হাছিনাক বাংলাদেশৰ হাতত গতাই দিব লাগে।
বাংলাদেশৰ সংবাদ মাধ্যম দ্য ডেইলী ষ্টাৰৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰীগৰাকীয়ে কয় যে হাছিনাক পাছপ’ৰ্ট প্ৰদান কৰি দেশলৈ উভতাৰ সুযোগ দিয়াৰ প্ৰশ্ন নহয়, এয়া প্ৰত্যৰ্পণ আৰু ন্যায়িক প্ৰক্ৰিয়াৰ বিষয়। তেওঁ হাছিনাক এগৰাকী পলাতক আৰু সন্ত্ৰাসবাদী বুলিও অভিহিত কৰে। ফলত হাছিনাৰ নতুন পাছপ’ৰ্টৰ আবেদন আৰু বাংলাদেশ চৰকাৰৰ প্ৰত্যৰ্পণৰ দাবীৰ মাজত এক স্পষ্ট মতানৈক্য দেখা গৈছে।
ইয়াৰ পূৰ্বে অক্টোবৰ মাহত ৱাশ্বিংটনস্থিত এখন সংবাদমেলত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰি হাছিনাই দেশলৈ উভতি যোৱাৰ দৃঢ় সংকল্প প্ৰকাশ কৰিছিল। গ্ৰেপ্তাৰ, নিৰ্যাতন আনকি মৃত্যুৰ আশংকা থাকিলেও তেওঁ বাংলাদেশলৈ উভতিব বুলি মন্তব্য কৰিছিল। তেওঁৰ ভাষ্য আছিল, “কিমান বিপদজনক হ’ব পাৰে, সেয়া মই চিন্তা নকৰোঁ। মই উভতি যাবই লাগিব।”
হাছিনাই লগতে কয় যে তেওঁৰ সমৰ্থক আৰু সাধাৰণ বাংলাদেশী নাগৰিকে যেতিয়া সংকটৰ সন্মুখীন হৈ আছে, তেনে সময়ত তেওঁ দেশৰ পৰা আঁতৰি থাকিব নোৱাৰে। ভাৰত চৰকাৰ আৰু ভাৰতীয় জনসাধাৰণৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১৯৭৫ চনত তেওঁৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্যৰ হত্যাকাণ্ডৰ সময়ত তেওঁ আৰু তেওঁৰ ভগ্নীয়ে ভাৰতত আশ্ৰয় লাভ কৰাৰ অভিজ্ঞতাৰ কথাও স্মৰণ কৰে হাছিনাই।
২০২৪ চনৰ গণ-অভ্যুত্থানৰ পাছৰে পৰা ভাৰতত হাছিনা
২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশত ছাত্ৰ-নেতৃত্বাধীন প্ৰতিবাদে ভয়ংকৰ ৰূপ লোৱাৰ পাছত ক্ষমতাচ্যুত হৈছিল শ্বেখ হাছিনা। কেইবা সপ্তাহ ধৰি চলা প্ৰতিবাদ ক্ৰমাৎ দেশজোৰা গণ-অভ্যুত্থানলৈ ৰূপান্তৰিত হৈছিল। অৱশেষত তেওঁৰ চৰকাৰৰ পতন ঘটে আৰু ২০২৪ চনৰ আগষ্টতে তেওঁ বাংলাদেশ এৰি ভাৰতলৈ আহে।
দুবছৰতকৈ অধিক সময় ধৰি ভাৰতত থকা হাছিনাৰ উপস্থিতি তেতিয়াৰ পৰাই ভাৰত-বাংলাদেশ সম্পৰ্কৰ এক সংবেদনশীল বিষয় হৈ আহিছে। ঢাকাই কেইবাবাৰো তেওঁক বাংলাদেশলৈ প্ৰত্যৰ্পণ কৰাৰ দাবী জনাইছে। আনহাতে, নতুন দিল্লীয়ে বাংলাদেশৰ এই অনুৰোধ পৰীক্ষা কৰি থকা বুলি পূৰ্বে জনাইছিল।
গুৰুতৰ আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হাছিনা
হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে তেওঁৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়া। ২০২৫ চনৰ নৱেম্বৰ মাহত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে ২০২৪ চনৰ গণ-অভ্যুত্থানৰ সময়ত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে তেওঁৰ চৰকাৰৰ কঠোৰ দমন অভিযানৰ সৈতে জড়িত মানৱতাবিৰোধী অপৰাধৰ গোচৰত অনুপস্থিতিতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
অৱশ্যে, নিৰ্বাসিত অৱস্থাৰ পৰাই হাছিনাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে। বাংলাদেশলৈ উভতি আহিলে আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনাৰ কথাও তেওঁ প্ৰকাশ কৰিছে।
ইফালে, ক্ষমতাৰ পৰা আঁতৰাৰ পাছত হাছিনাৰ নেতৃত্বাধীন আৱামী লীগ দলটোকো বাংলাদেশত নিষিদ্ধ কৰা হৈছে। দলটোৰ কেইবাগৰাকীও নেতা-কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। আন একাংশই ভাৰতকে ধৰি বিভিন্ন দেশত আশ্ৰয় ল’বলগীয়া হৈছে। সেয়েহে হাছিনাৰ প্ৰত্যাৱৰ্তন কেৱল এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ দেশলৈ উভতি অহাৰ বিষয় হৈ থকা নাই; ইয়াৰ সৈতে জড়িত হৈ পৰিছে বাংলাদেশৰ ৰাজনৈতিক ভৱিষ্যৎ, দলীয় মেৰুকৰণ আৰু ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰশ্ন।
হাছিনা উভতি আহিলে কি হ’ব বাংলাদেশৰ ৰাজনীতিত?
বাংলাদেশত এতিয়াও হাছিনাৰ সমৰ্থক আছে। আনহাতে, ২০২৪ চনৰ প্ৰতিবাদ দমনৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে বিৰোধী পক্ষৰ একাংশই। এনে পৰিস্থিতিত হাছিনাৰ সম্ভাৱ্য প্ৰত্যাৱৰ্তনে দেশখনৰ ৰাজনৈতিক বিভাজন অধিক গভীৰ কৰাৰ আশংকা নুই কৰিব নোৱাৰি।
ইয়াৰ সমান্তৰালকৈ ভাৰতৰ বাবেও বিষয়টো যথেষ্ট সংবেদনশীল। এফালে বাংলাদেশৰ সৈতে প্ৰত্যৰ্পণ চুক্তি আৰু দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰশ্ন, আনফালে ভাৰতত আশ্ৰয় লৈ থকা হাছিনাৰ ভৱিষ্যৎ—দুয়োটা দিশতে নতুন দিল্লীয়ে সাৱধানতাৰে সিদ্ধান্ত ল’ব লাগিব।
ডিচেম্বৰ মাহত হাছিনা সঁচাকৈয়ে বাংলাদেশলৈ উভতি যাব পাৰিবনে, নে প্ৰত্যৰ্পণ আৰু আইনী জটিলতাই তেওঁৰ পৰিকল্পনাত বাধাৰ সৃষ্টি কৰিব—সেয়া এতিয়াও স্পষ্ট নহয়। কিন্তু নতুন পাছপ’ৰ্ট আৰু পৰিচয়-পত্ৰৰ বাবে তেওঁৰ আবেদনেই এটা কথা স্পষ্ট কৰিছে যে বাংলাদেশলৈ উভতি যোৱাৰ প্ৰশ্নটো এতিয়া পুনৰ দেশখনৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দুলৈ আহিছে।
