শতিকা পুৰণি ‘অভিশাপ’! আজিও দিপাৱলীৰ দিনা আন্ধাৰত থাকে হিমাচল প্ৰদেশৰ এখন গাঁও; দিপাৱলী উদযাপন কৰিলেই মৃত্যুৰ আশংকা, কি আছে এই ৰহস্যময় বিশ্বাসৰ আঁৰত?

সমগ্ৰ দেশতে পোহৰৰ উৎসৱ দেৱালীক লৈ আনন্দ-উল্লাসৰ পৰিৱেশ। চৌদিশে চাকিৰ পোহৰ, আতচবাজী আৰু উৎসৱৰ উছাহ। কিন্তু ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা যায় হিমাচল প্ৰদেশৰ এখন বিশেষ গাঁৱত। দেৱালীৰ দিনাও এই গাঁওখনত বিৰাজ কৰে নিস্তব্ধতা আৰু অন্ধকাৰ। আনকি গাঁওখনৰ কোনো লোকেই দেৱালী উদযাপন কৰাৰ সাহস নকৰে। কাৰণ, গাঁওবাসীৰ বিশ্বাস অনুসৰি, কোনোবাই দেৱালী পালন কৰিলে তেওঁৰ মৃত্যু অনিবাৰ্য!

শতিকা পুৰণি এক ‘অভিশাপ’ৰ বিশ্বাসৰ বাবেই আজিও দেৱালীৰ আনন্দৰ পৰা আঁতৰি থাকে এই গাঁওখনৰ বাসিন্দাসকল। গাঁওখনৰ নাম হৈছে ছাম্মো (Sammoo)। হিমাচল প্ৰদেশৰ হামিৰপুৰ সদৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখনত এশ বছৰতকৈও অধিক সময় ধৰি দেৱালী উদযাপন কৰা হোৱা নাই।

গাঁওবাসীৰ মতে, তেওঁলোকে পূৰ্বপুৰুষৰ পৰা অভিশাপৰ কথা শুনি আহিছে। তেওঁলোকৰ বিশ্বাস, এই পৰম্পৰা ভংগ কৰি কোনোবাই দেৱালী উদযাপন কৰিলে জীৱনলৈ নামি আহিব অমংগল। আনকি মৃত্যুও হ’ব পাৰে বুলি আশংকা কৰে গাঁওবাসীয়ে।

গাঁওখনৰ এগৰাকী বাসিন্দাই জানিবলৈ দিয়া মতে, বহু বছৰ ধৰি এই পৰম্পৰা চলি আহিছে। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি গাঁওখনৰ কোনেও দেৱালী উদযাপন কৰা নাই। গাঁওবাসীৰ বিশ্বাস অনুসৰি, ইয়াৰ আঁৰত আছে এগৰাকী নৱবিবাহিতা যুৱতীৰ কৰুণ কাহিনী।

লোকবিশ্বাস অনুসৰি, গাঁওখনৰ এগৰাকী যুৱতীয়ে স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ চিতাত সতী হৈছিল। চিতাত আত্মাহুতি দিয়াৰ পূৰ্বে যুৱতীগৰাকীয়ে অভিশাপ দিছিল যে গাঁওখনৰ কোনো লোকে দেৱালী উদযাপন কৰিব নোৱাৰিব।

গাঁওখনৰ আন এগৰাকী বাসিন্দাই কয় যে, এবাৰ এই পৰম্পৰা ভংগ কৰি দেৱালী উদযাপনৰ চেষ্টা কৰা হৈছিল। কিন্তু তাৰ পিছতে গাঁওখনলৈ বিপদ নামি অহা বুলি তেওঁলোকে বিশ্বাস কৰে। সেই ঘটনাৰ পিছৰে পৰা কোনেও পুনৰ এই নিয়ম ভংগ কৰাৰ সাহস কৰা নাই।

এই বিশ্বাসৰ বাবেই দেৱালীৰ দিনা গাঁওখনত কোনো বিশেষ খাদ্যও প্ৰস্তুত কৰা নহয়। আতচবাজী ফুটোৱা বা উৎসৱ উদযাপন কৰাটোও নিষিদ্ধ। অৱশ্যে পৰম্পৰা অনুসৰি সন্ধিয়াৰ সময়ত ঘৰৰ ভিতৰত কম পোহৰৰ চাকি জ্বলোৱা হয়।

আনকি নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলেও বছৰ বছৰ ধৰি চলি অহা এই পৰম্পৰা ভংগ কৰাৰ সাহস কৰা নাই। দেৱালীৰ দিনা তেওঁলোকে ওচৰ-পাজৰৰ আন গাঁৱলৈ গৈ পোহৰৰ উৎসৱৰ আনন্দ উপভোগ কৰে। কিন্তু নিজৰ গাঁৱত সেই উৎসৱ উদযাপন কৰাৰ পৰা আজিও বিৰত থাকে।

এনেদৰেই সমগ্ৰ দেশ পোহৰৰ উৎসৱত মতলীয়া হৈ থকাৰ সময়তো হিমাচল প্ৰদেশৰ ছাম্মো গাঁওখনত আজিও অটুট আছে শতিকা পুৰণি এক লোকবিশ্বাস আৰু পৰম্পৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১০ বছৰীয়া অবৈধ সম্পৰ্কৰ ভয়ংকৰ পৰিণতি, জীনা বৈশ্য হত্যাকাণ্ডৰ অভিযুক্ত প্ৰদীপ টায়ক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ খানাপাৰাত সংঘটিত জীনা বৈশ্য হত্যাকাণ্ডৰ মূল অভিযুক্তক...