হোৱাইট হাউছৰ প্ৰেছ ছেক্ৰেটাৰীৰ পদত UFCৰ মুখ্য কাৰ্যবাহী বিষয়া ডানা হোৱাইটক নিযুক্তিৰ প্ৰস্তাৱ দিয়া বুলি ধেমেলীয়াভাৱে ঘোষণা কৰি পুনৰ চৰ্চালৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। এইবাৰ ডানা হোৱাইটক প্ৰশংসাৰে উপচাই পেলাইছে ট্ৰাম্পে।
দেওবাৰে সন্ধিয়া ফ্ল’ৰিডাৰ পাম বিচ বিমানবন্দৰৰ ৰানৱেত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ট্ৰাম্পে স্পষ্ট কৰে যে ডানা হোৱাইটক প্ৰেছ ছেক্ৰেটাৰীৰ পদ দিয়াৰ প্ৰস্তাৱটো কেৱল ধেমালি আছিল।
ট্ৰাম্পে কয়, “মই কেৱল ধেমালিহে কৰিছিলোঁ। কিন্তু ডানাই এই কথাটো ভাল পাইছে। ডানাৰ দৰে আন কোনো নাই। তেওঁ অসাধাৰণ।”
উল্লেখ্য যে ইয়াৰ এদিন পূৰ্বে শনিবাৰে নিজৰ Truth Social একাউণ্টত এটা পোষ্ট কৰি ট্ৰাম্পে ডানা হোৱাইটক হোৱাইট হাউছৰ প্ৰেছ ছেক্ৰেটাৰীৰ গুৰুত্বপূৰ্ণ পদটো দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা বুলি ঘোষণা কৰিছিল। এই ঘোষণাই স্বাভাৱিকতে ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছিল।
পোষ্টটোত ট্ৰাম্পে ডানা হোৱাইটক এগৰাকী মহান যুঁজাৰু আৰু সাহসী ব্যক্তি বুলি অভিহিত কৰিছিল। আনকি হোৱাইট হাউছৰ প্ৰেছ ব্ৰিফিঙত এক ব্যতিক্ৰমী পৰিৱেশ সৃষ্টি কৰাৰ ইংগিতো দিছিল তেওঁ।
ইয়াৰ লগতে UFCৰ কেইবাগৰাকীও জনপ্ৰিয় যুঁজাৰু—খাবিব নুৰমাগোমেডভ, জাষ্টিন গেথজী আৰু আমাণ্ডা নুনেছক ডানা হোৱাইটৰ সহায়ক হিচাপে নিয়োগ কৰাৰ কথাও ধেমেলীয়াভাৱে উল্লেখ কৰিছিল ট্ৰাম্পে। তেওঁলোকৰ জৰিয়তে ‘লুনাটিক লেফ্ট’ক প্ৰত্যাহ্বান জনোৱাৰ কথাও কৈছিল ৰাষ্ট্ৰপতিগৰাকীয়ে।
ডানা হোৱাইটক আন সকলোতকৈ পৃথক প্ৰেছ ছেক্ৰেটাৰী বুলি অভিহিত কৰি ট্ৰাম্পে তেওঁক এই প্ৰস্তাৱ গ্ৰহণ কৰিবলৈও আহ্বান জনাইছিল।
পেছাদাৰী মিক্সড মাৰ্শ্বেল আৰ্টছৰ সৈতে জড়িত ডানা হোৱাইটক হঠাৎ হোৱাইট হাউছৰ প্ৰেছ ছেক্ৰেটাৰীৰ পদৰ সৈতে জড়িত কৰাক লৈ ৰাজনৈতিক মহলৰ লগতে ক্ৰীড়া জগততো সৃষ্টি হৈছিল কৌতূহল আৰু চৰ্চা।
কিন্তু ট্ৰাম্পৰ শেহতীয়া মন্তব্যই এই জল্পনা-কল্পনাৰ অৱসান ঘটাইছে। প্ৰস্তাৱটো যে কেৱল ধেমালি আছিল, সেয়া স্পষ্ট কৰাৰ লগতে UFCৰ মুৰব্বীগৰাকীৰ প্ৰতি নিজৰ প্ৰশংসাও পুনৰ ব্যক্ত কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।
