ভাৰতৰ ন্যায়িক ইতিহাসত এক বিশেষ অধ্যায় সংযোজন কৰিবলৈ সাজু হৈছে ন্যায়াধীশ বি ভি নাগৰত্না। ২০২৭ চনৰ ২৪ ছেপ্টেম্বৰত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI) হিচাপে দায়িত্ব গ্ৰহণ কৰিব। বৰ্তমানৰ মুখ্য ন্যায়াধীশৰ উত্তৰাধিকাৰী হিচাপে তেওঁ এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হ’ব।
অৱশ্যে মুখ্য ন্যায়াধীশ হিচাপে তেওঁৰ কাৰ্যকাল হ’ব মাত্ৰ প্ৰায় পাঁচ সপ্তাহ বা ৩৭ দিন। ২০২৭ চনৰ ২৯ অক্টোবৰত অৱসৰ গ্ৰহণ কৰাৰ লগে লগে তেওঁৰ কাৰ্যকালৰো অন্ত পৰিব।
যীশুচ এণ্ড মেৰী কলেজৰ ছাত্ৰী হিচাপে শিক্ষা জীৱন আৰম্ভ কৰা ন্যায়াধীশ নাগৰত্নাৰ এই যাত্ৰা প্ৰায় চাৰি দশকৰ আইনী অভিজ্ঞতাৰে সমৃদ্ধ। এগৰাকী অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছত তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব পালন কৰে।
উল্লেখযোগ্য যে ২০০৮ চনৰ ১৮ ফেব্ৰুৱাৰীত তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। পৰৱৰ্তী সময়ত ন্যায়িক ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি তেওঁ দেশৰ সৰ্বোচ্চ ন্যায়িক পদবীলৈ উন্নীত হোৱাৰ পথ প্ৰশস্ত কৰে।
দীৰ্ঘ প্ৰায় চাৰি দশকৰ আইনী আৰু ন্যায়িক অভিজ্ঞতাৰ অন্তত ২০২৭ চনৰ ২৪ ছেপ্টেম্বৰত ভাৰতৰ মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হ’ব ন্যায়াধীশ বি ভি নাগৰত্না। যদিও তেওঁৰ কাৰ্যকাল মাত্ৰ ৩৭ দিনৰ হ’ব, তথাপি এই নিযুক্তি ভাৰতৰ ন্যায়িক ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা হিচাপে বিবেচিত হ’ব।
ন্যায়াধীশ বি ভি নাগৰত্না বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ তথ্য-
ব্যক্তিগত তথ্যঃ
জন্ম: ৩০ অক্টোবৰ, ১৯৬২
জন্মস্থান: বেংগালুৰু, কৰ্ণাটক
পিতৃ: প্ৰাক্তন মুখ্য ন্যায়াধীশ ই. এছ. ভেংকটৰমাইয়া
বৰ্তমানৰ পদ: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।
শিক্ষা আৰু কৰ্মঃ
১৯৮৪ চনত দিল্লী বিশ্ববিদ্যালয়ৰ জেছুছ এণ্ড মেৰী কলেজৰ পৰা ইতিহাস বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।
১৯৮৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ কেম্পাছ ল’ চেণ্টাৰৰ পৰা আইন বিষয়ত ডিগ্ৰী লাভ কৰে।
১৯৮৭ চনত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
১৮ ফেব্ৰুৱাৰী, ২০০৮ চনত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।
৩১ আগষ্ট, ২০২১ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয়।
ন্যায়িক জ্যেষ্ঠতাৰ পৰম্পৰা অনুসৰি, ২০২৭ চনৰ ২৪ ছেপ্টেম্বৰত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰিব। তেওঁৰ কাৰ্যকাল অৱশ্যে হ’ব মাত্ৰ ৩৭ দিন। কিয়নো ২৯ অক্টোবৰ, ২০২৭ তাৰিখে তেওঁৰ অৱসৰ গ্ৰহণ কৰিব।
তেওঁৰ পিতৃ ই. এছ. ভেংকটৰমাইয়াও ভাৰতৰ মুখ্য ন্যায়াধীশ আছিল। অৰ্থাৎ পিতৃৰ পিছত কন্যাই দেশৰ সৰ্বোচ্চ ন্যায়িক পদত অধিষ্ঠিত হোৱাৰ এক বিশেষ অধ্যায় ৰচনা কৰিছে।
