নিৰ্ধাৰিত সময়তকৈ ২ ঘণ্টা আগতেই গুচি গ’ল ৰে’ল, বিপদত পৰিল যাত্ৰী! যাত্ৰীৰ হাৰাশাস্তিৰ বাবে ৰে’ল বিভাগক ১৫,৬২০ টকা ক্ষতিপূৰণৰ নিৰ্দেশ আদালতৰ

টিকটত উল্লেখ থকা সময় অনুসৰিয়েই পত্নী আৰু কন্যাক লৈ ৰে’ল ষ্টেচনত উপস্থিত হৈছিল এজন ব্যক্তি। কিন্তু ষ্টেচনত উপস্থিত হৈহে জানিব পাৰিলে যে প্ৰায় দুঘণ্টা পূৰ্বেই ষ্টেচন এৰি গুচি গৈছে তেওঁলোকৰ ৰে’লখন। অভিযোগ অনুসৰি, ৰে’লৰ সময়সূচী সলনি হোৱাৰ বিষয়ে যাত্ৰীজনক আগতীয়াকৈ কোনো জাননী দিয়া হোৱা নাছিল। ফলত নিৰ্ধাৰিত সময়ত গন্তব্যস্থানত উপস্থিত হ’বলৈ পত্নী আৰু কন্যাৰ সৈতে বিমানৰ টিকট ক্ৰয় কৰিবলগীয়া হয় ব্যক্তিজনে। এই ঘটনাত ৰে’ল বিভাগৰ সেৱাত গাফিলতিৰ অভিযোগ মানি লৈ যাত্ৰীজনক মুঠ ১৫,৬২০ টকা ঘূৰাই দিয়া আৰু ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে উপভোক্তা সুৰক্ষা আয়োগে।

ঘটনাটো সংঘটিত হৈছিল ২০২৪ চনৰ ১০ জুনত। অভিযোগকাৰী ব্যক্তিজনে পত্নী আৰু কন্যাৰ সৈতে গোৱাৰ মাদগাঁও ষ্টেচনৰ পৰা দিল্লীৰ হজৰত নিজামুদ্দিনলৈ যাত্ৰা কৰাৰ বাবে তিনিখন ৰে’লৰ টিকট ক্ৰয় কৰিছিল। ইয়াৰ বাবে তেওঁ ব্যয় কৰিছিল ১০,৬২০ টকা।

অভিযোগ অনুসৰি, টিকটত উল্লেখ কৰা নিৰ্ধাৰিত সময়ৰ আগতেই পৰিয়ালটোৱে ষ্টেচনত উপস্থিত হৈছিল। কিন্তু তাত গৈহে জানিব পাৰে যে সময়সূচী সলনি হোৱাৰ বাবে ৰে’লখন প্ৰায় দুঘণ্টা আগতেই ষ্টেচন এৰি গৈছে। যাত্ৰীজনৰ দাবী, নতুন সময়সূচীৰ বিষয়ে ৰে’ল বিভাগ বা IRCTC—কোনো পক্ষৰ পৰাই তেওঁক ব্যক্তিগতভাৱে অৱগত কৰা হোৱা নাছিল।

এই সন্দৰ্ভত ষ্টেচন মাষ্টৰৰ ওচৰত অভিযোগ দাখিল কৰাত তেওঁক জনোৱা হয় যে সময়সূচী সলনিৰ বিষয়ে যাত্ৰীসকলক অৱগত কৰাৰ দায়িত্ব IRCTCৰ।

আন কোনো বিকল্প নথকাত নিৰ্ধাৰিত সময়ত দিল্লী পাবলৈ তিনিওজনে বিমানৰ টিকট ক্ৰয় কৰিবলগীয়া হয়। ইয়াৰ ফলত অতিৰিক্ত ধন ব্যয় কৰাৰ লগতে যথেষ্ট হাৰাশাস্তিৰো সন্মুখীন হ’বলগীয়া হয় পৰিয়ালটো।

ৰে’ল বিভাগে নিজৰ পক্ষত যুক্তি দি জনায় যে বছৰৰ আন সময়ৰ তুলনাত বাৰিষা কালত ৰে’লৰ সময়সূচী পৃথক হয়। বিভাগটোৰ মতে, প্ৰতি বছৰে ১০ জুনৰ পৰা ৩০ অক্টোবৰৰ ভিতৰত বাৰিষাকালীন সময়সূচী কাৰ্যকৰী কৰা হয়।

ৰে’লৰ দাবী অনুসৰি, সংশোধিত সময়সূচী ষ্টেচনৰ জাননী ফলকত আঁৰি দিয়া হৈছিল, মাইকযোগে ঘোষণা কৰা হৈছিল আৰু কোংকন ৰে’লৱেৰ ৱেবছাইটতো উপলব্ধ আছিল। সেয়েহে যাত্ৰীজনে নিজেও যাত্ৰাৰ পূৰ্বে সময়সূচী পৰীক্ষা কৰা উচিত আছিল বুলি যুক্তি আগবঢ়ায় ৰে’ল বিভাগে।

আনহাতে, IRCTCয়ে জনায় যে তেওঁলোকৰ দায়িত্ব কেৱল অনলাইনযোগে টিকট বুকিং কৰালৈকেহে সীমাবদ্ধ। ৰে’ল চলাচল বা সময়সূচী সলনিৰ সৈতে তেওঁলোকৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই।

কিন্তু ৰে’ল বিভাগ আৰু IRCTCৰ এই যুক্তি নাকচ কৰে ফিৰোজপুৰ জিলা উপভোক্তা সুৰক্ষা আয়োগে। আয়োগে স্পষ্ট কৰি দিয়ে যে কেৱল ৱেবছাইট বা ষ্টেচনৰ জাননী ফলকত পৰিৱৰ্তিত সময়সূচী প্ৰকাশ কৰিয়েই কৰ্তৃপক্ষই নিজৰ দায়িত্ব সামৰিব নোৱাৰে। সময়সূচীৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ বিষয়ে যাত্ৰীসকলক যথাযথভাৱে অৱগত কৰাটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দায়িত্ব।

এই গোচৰত নৰ্দাৰ্ন ৰে’লৱে, কোংকন ৰে’লৱে আৰু IRCTCক সেৱাত গাফিলতিৰ বাবে দোষী সাব্যস্ত কৰে আয়োগে।

আয়োগৰ নিৰ্দেশ অনুসৰি, যাত্ৰীজনক টিকটৰ বাবদ ব্যয় কৰা ১০,৬২০ টকা ঘূৰাই দিব লাগিব। ইয়াৰ উপৰি মানসিক যন্ত্ৰণা, হাৰাশাস্তি আৰু গোচৰৰ আইনী খৰচৰ বাবদ অতিৰিক্ত ৫,০০০ টকা ক্ষতিপূৰণ হিচাপে দিব লাগিব।

অৰ্থাৎ, যাত্ৰীজনক মুঠ ১৫,৬২০ টকা ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে উপভোক্তা সুৰক্ষা আয়োগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১১৩ বছৰৰ পিছত যুদ্ধবীৰৰ শেষকৃত্য! ৮০ বছৰ সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ সামগ্ৰী হৈ আছিল কংকাল

মাত্ৰ ১০ পাউণ্ডত বিক্ৰী কৰা হৈছিল জাৰ্মান যুদ্ধবীৰৰ কংকাল,...

বিজ্ঞানীয়ে প্ৰকাশ কৰিলে উদ্বেগজনক তথ্য; মানৱ সৃষ্ট শব্দ প্ৰদূষণত ক্ষতিগ্ৰস্ত হৈছে ৮০ শতাংশ বন্যপ্ৰাণীৰ প্ৰজাতি

মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত শব্দৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি...

৯ বছৰৰ অভিলেখ ভংগ! দীপাৱলীৰ ট্ৰেডিঙত লোকচানৰ সন্মুখীন শ্বেয়াৰ বজাৰ

দীপাৱলীৰ পৱিত্ৰ ক্ষণত নতুন বিত্তীয় বৰ্ষ ‘সম্বৎ ২০৮৩’ৰ আৰম্ভণি...