১১৩ বছৰৰ পিছত যুদ্ধবীৰৰ শেষকৃত্য! ৮০ বছৰ সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ সামগ্ৰী হৈ আছিল কংকাল

মাত্ৰ ১০ পাউণ্ডত বিক্ৰী কৰা হৈছিল জাৰ্মান যুদ্ধবীৰৰ কংকাল, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা প্ৰায় ৮০ বছৰ ধৰি ৰখা হৈছিল সংগ্ৰহালয়ৰ কাঁচৰ বাকচত।

এগৰাকী যুদ্ধবীৰৰ মৃত্যুৰ পিছতো শেষ নহ’ল দুৰ্ভাগ্য। মৃত্যুৰ ১১৩ বছৰৰ পিছত অৱশেষত সম্পন্ন হ’ল তেওঁৰ শেষকৃত্য। জাৰ্মানীৰ সৰ্বোচ্চ সামৰিক সন্মান ‘আইৰন ক্ৰছ’ লাভ কৰা যুদ্ধবীৰ জোহান ডেভিড মেক্স ড্ৰেইছিগৰ কংকাল দীৰ্ঘদিন ধৰি অষ্ট্ৰেলিয়াৰ এটা সংগ্ৰহালয়ত প্ৰদৰ্শনীৰ সামগ্ৰী হিচাপে ৰখা হৈছিল। অৱশেষত অষ্ট্ৰেলিয়াৰ এডিলেইডৰ ৱেষ্ট টেৰেচ সমাধিক্ষেত্ৰত জাৰ্মানীৰ জাতীয় পতাকাৰে মেৰিয়াই তেওঁৰ কংকালটো সমাধিস্থ কৰা হয়।

শনিবাৰে লুথেৰান ধৰ্মযাজকৰ পৰিচালনাত সম্পন্ন হয় শেষকৃত্য। অনুষ্ঠানত এডিলেইডৰ জাৰ্মান ক্লাবৰ প্ৰায় ২০গৰাকী সদস্য উপস্থিত থাকে।

উল্লেখ্য যে, ১৮৭০-৭১ চনৰ ফ্ৰাংকো-প্ৰুছিয়ান যুদ্ধত সাহসিকতাৰ পৰিচয় দি ‘আইৰন ক্ৰছ’ সন্মান লাভ কৰিছিল মেক্সে। ১৮৮৫ চনত অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কৰা মেক্সে পৰৱৰ্তী সময়ত লোহা আৰু তীখাৰ ব্যৱসায়ৰ জৰিয়তে সফলতা অৰ্জন কৰিছিল।

কিন্তু ১৯১৩ চনত ৬২ বছৰ বয়সত পিঠি আৰু পেটৰ তীব্ৰ বিষত আক্ৰান্ত হৈ তেওঁ এডিলেইড বিশ্ববিদ্যালয়ৰ শৰীৰতত্ত্ব বিভাগৰ অধ্যাপক ডাঃ আৰ্চিবল্ড ৱাটছনৰ কাষ চাপিছিল। পৰীক্ষাৰ পিছত তেওঁৰ কৰ্কট ৰোগ ধৰা পৰে। ৱাটছনে অস্ত্ৰোপচাৰ কৰাৰ প্ৰায় তিনি সপ্তাহ পিছতেই মেক্সৰ মৃত্যু হয়।

বিতৰ্কিত চিকিৎসক ৱাটছনৰ বিৰুদ্ধে পূৰ্বতে হত্যাকাণ্ড আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মানুহক বলপূৰ্বক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ অভিযোগো উত্থাপিত হৈছিল। মৃতদেহ আৰু মানৱ শৰীৰৰ অংগ সংগ্ৰহৰ প্ৰতিও তেওঁৰ বিশেষ আগ্ৰহ আছিল।

সেই সময়ৰ আইন অনুসৰি, কোনো ব্যক্তিয়ে নিজৰ মৃতদেহ চিকিৎসকক দান কৰিব নোৱাৰিছিল। সেয়েহে মেক্সৰ মৃতদেহৰ পৰা মাংস আঁতৰাই কংকালটো পৃথক কৰা হয়। ১৯২০ চনত মাত্ৰ ১০ পাউণ্ডৰ বিনিময়ত কংকালটো সংগ্ৰহালয়ক বিক্ৰী কৰা হয়।

১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শৰীৰতত্ত্ব বিজ্ঞানৰ শিক্ষাৰ বাবে কংকালটো ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰা হয়। প্ৰায় ৮০ বছৰ ধৰি কাঁচৰ বাকচত বিভিন্ন ভংগীত সজাই ৰখা হৈছিল যুদ্ধবীৰজনৰ কংকাল। কাষত কেৱল ‘Human: Homo sapiens’ বুলি এখন ফলক লগোৱা আছিল।

২০০৯ চনত এগৰাকী জাৰ্মান পৰ্যটকে এই দৃশ্য দেখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু বিষয়টো জাৰ্মান চৰকাৰৰ দৃষ্টিগোচৰ কৰে। ইয়াৰ পিছতে বিষয়টোৱে আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক বিতৰ্কৰ ৰূপ লয়। অৱশেষত ২০১৯ চনত সংগ্ৰহালয়ৰ প্ৰদৰ্শনীৰ পৰা কংকালটো আঁতৰাই দিয়া হয়।

মেক্সৰ কোনো উত্তৰাধিকাৰী জীয়াই নথকাৰ বাবে তেওঁৰ শেষকৃত্য সম্পন্ন কৰাত পলম হয়। ১৯৬০ চনতেই তেওঁৰ পৰিয়ালৰ বংশধাৰা শেষ হৈছিল। অৱশেষত দক্ষিণ অষ্ট্ৰেলিয়াৰ সংগ্ৰহালয় আৰু এডিলেইডৰ জাৰ্মান সমিতিয়ে যৌথভাৱে সমাধিস্থ কৰাৰ ব্যৱস্থা কৰে।

সংগ্ৰহালয়ৰ ব’ৰ্ডৰ অধ্যক্ষ ডাঃ ৰব চেণ্টে স্বীকাৰ কৰে যে বিজ্ঞানৰ নামত সেই সময়ত অনৈতিক আৰু বেআইনী আচৰণ কৰা হৈছিল। অৱশেষত ১১৩ বছৰৰ পিছত প্ৰদৰ্শনীৰ সামগ্ৰীৰ পৰিৱৰ্তে এগৰাকী যুদ্ধবীৰৰ মৰ্যাদাৰে সমাধিস্থ কৰা হ’ল জোহান ডেভিড মেক্স ড্ৰেইছিগক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিজ্ঞানীয়ে প্ৰকাশ কৰিলে উদ্বেগজনক তথ্য; মানৱ সৃষ্ট শব্দ প্ৰদূষণত ক্ষতিগ্ৰস্ত হৈছে ৮০ শতাংশ বন্যপ্ৰাণীৰ প্ৰজাতি

মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত শব্দৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি...

৯ বছৰৰ অভিলেখ ভংগ! দীপাৱলীৰ ট্ৰেডিঙত লোকচানৰ সন্মুখীন শ্বেয়াৰ বজাৰ

দীপাৱলীৰ পৱিত্ৰ ক্ষণত নতুন বিত্তীয় বৰ্ষ ‘সম্বৎ ২০৮৩’ৰ আৰম্ভণি...