দীপাৱলীত পোহৰাই তুলিলে অনুৰাগীৰ মন! পুত্ৰ বিহানৰ প্ৰথম ফটো ৰাজহুৱা কৰিলে কেটৰিনা কাইফ আৰু ভিকি কৌশলে

দীপাৱলীত অনুৰাগীক বিশেষ উপহাৰ কেটৰিনা কাইফ আৰু ভিকি কৌশলৰ, প্ৰথমবাৰৰ বাবে ৰাজহুৱা কৰিলে পুত্ৰ বিহানৰ মুখ, উদযাপন কৰিলে প্ৰথম জন্মদিন

বলিউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কেটৰিনা কাইফ আৰু ভিকি কৌশলে দীপাৱলীৰ বিশেষ ক্ষণত অনুৰাগীসকলক দিলে এক বিশেষ উপহাৰ। প্ৰথমবাৰৰ বাবে তেওঁলোকৰ পুত্ৰ বিহানৰ স্পষ্ট মুখমণ্ডলৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰিলে তাৰকা দম্পতীটোৱে। ইয়াৰ লগে লগে অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে।

উল্লেখ্য যে, বিগত এবছৰ ধৰি দম্পতীটোৱে পুত্ৰক সংবাদমাধ্যম আৰু ৰাজহুৱা চৰ্চাৰ পৰা আঁতৰাই ৰাখিছিল। মাজে-সময়ে সন্তানৰ ডাঙৰ হৈ অহাৰ কিছু মুহূৰ্ত অনুৰাগীৰ সৈতে ভাগ-বতৰা কৰিলেও তেওঁৰ মুখ কেতিয়াও স্পষ্টকৈ প্ৰকাশ কৰা নাছিল। কিন্তু এইবাৰ দীপাৱলীৰ উপলক্ষে পৰিয়ালৰ এখন সুন্দৰ ফটোৰে পুত্ৰৰ মুখ ৰাজহুৱা কৰে।

৭ নৱেম্বৰত পুত্ৰ বিহানৰ প্ৰথম জন্মদিন উদযাপনৰ এদিন পিছতে এই ফটো প্ৰকাশ কৰে দম্পতীটোৱে।

দেওবাৰে কেটৰিনা কাইফে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পৰিয়ালৰ ফটোখন শ্বেয়াৰ কৰে।

ফটোখনত তিনিওকে পৰম্পৰাগত পোছাকত দেখা গৈছে। হালধীয়া ৰঙৰ এম্ব্ৰইডাৰী কৰা পোছাক, কাণত আকৰ্ষণীয় অলংকাৰ আৰু মুকলি চুলিৰে কেটৰিনাক মজিয়াত বহি থকা দেখা গৈছে। কোলাত পুত্ৰক লৈ মৰমভৰা হাঁহিৰে বিহানৰ মুখলৈ চাই আছে অভিনেত্ৰীগৰাকীয়ে।

আনহাতে, বিহানে ক্ৰীম ৰঙৰ কুৰ্তা-পায়জামাৰ সৈতে হালধীয়া ৰঙৰ প্ৰিণ্টেড নেহৰু জেকেট পৰিধান কৰিছে। পিতৃ-মাতৃৰ মাজত থিয় হৈ কেমেৰাৰ ফালে চাই হাঁহি থকা অৱস্থাত দেখা গৈছে কণমানিটিক।

ভিকি কৌশলকো ক্ৰীম ৰঙৰ এম্ব্ৰইডাৰী কৰা কুৰ্তা পৰিধান কৰি পুত্ৰৰ কাষত বহি হাঁহি থকা দেখা গৈছে।

২০২৫ চনৰ ৭ নৱেম্বৰত এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছিল কেটৰিনা কাইফ আৰু ভিকি কৌশল। সন্তান জন্মৰ কেইমাহমান পূৰ্বে, ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কেটৰিনা আৰু ভিকিয়ে গৰ্ভধাৰণৰ খবৰো ৰাজহুৱা কৰিছিল। ২০২৬ চনৰ জানুৱাৰী মাহত দম্পতীটোৱে প্ৰথমবাৰৰ বাবে পুত্ৰৰ নাম ৰাজহুৱা কৰিছিল। কণমানি সন্তানৰ হাতখন নিজৰ হাতৰ মাজত লৈ তোলা এখন ফটো শ্বেয়াৰ কৰি তেওঁলোকে পুত্ৰৰ নাম ‘বিহান কৌশল’ বুলি প্ৰকাশ কৰিছিল।

বিহান নামটোক লৈও অনুৰাগীৰ মাজত বিশেষ চৰ্চা হৈছিল। কিয়নো ২০১৯ চনত আদিত্য ধৰ পৰিচালিত ‘উৰি: দ্য ছাৰ্জিকেল ষ্ট্ৰাইক’ ছবিত ভিকি কৌশলে মেজৰ বিহান সিং শ্বেৰগিলৰ চৰিত্ৰত অভিনয় কৰিছিল। সেয়েহে পুত্ৰৰ নামটোৰ সৈতে ছবিখনৰ চৰিত্ৰটোৰ সম্পৰ্ক বিচাৰি বহু অনুৰাগীয়ে মন্তব্য কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিজ্ঞানীয়ে প্ৰকাশ কৰিলে উদ্বেগজনক তথ্য; মানৱ সৃষ্ট শব্দ প্ৰদূষণত ক্ষতিগ্ৰস্ত হৈছে ৮০ শতাংশ বন্যপ্ৰাণীৰ প্ৰজাতি

মানুহৰ কাৰ্যকলাপৰ ফলত প্ৰাকৃতিক পৰিৱেশত শব্দৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি...

৯ বছৰৰ অভিলেখ ভংগ! দীপাৱলীৰ ট্ৰেডিঙত লোকচানৰ সন্মুখীন শ্বেয়াৰ বজাৰ

দীপাৱলীৰ পৱিত্ৰ ক্ষণত নতুন বিত্তীয় বৰ্ষ ‘সম্বৎ ২০৮৩’ৰ আৰম্ভণি...

শুই থাকিয়েই ৯.৬ লাখ টকা উপাৰ্জন! মুম্বাইৰ জিনিয়া চেটাৰ্জী হ’ল ভাৰতৰ ‘স্লিপ চেম্পিয়ন’

নিশ্চিন্তে শুই থাকিয়েই উপাৰ্জন কৰিলে ৯.৬ লাখ টকা। শুনিবলৈ...