ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ (FRU)ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধীক্ষক ডাঃ মুকুট বৰাৰ বিৰুদ্ধে শ্ৰৱণ কুমাৰৰ স্মৃতিত স্থাপন কৰা প্ৰতিমূৰ্তি আৰু ফলক খুলি নিয়াৰ লগতে কাৰ্যালয়ৰ বিভিন্ন চৰকাৰী সামগ্ৰী লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, দুৰ্নীতি আৰু অনিয়মৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে ডাঃ মুকুট বৰাক দক্ষিণ শালমাৰা-মানকাচৰ জিলালৈ বদলি কৰিছিল। কিন্তু বদলিৰ পিছতো তেওঁক লৈ বিতৰ্ক অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি, শনিবাৰে পুৱতি নিশা কেইজনমান লোকৰ সহযোগত চিকিৎসালয় চৌহদত থকা শ্ৰৱণ কুমাৰৰ প্ৰতিমূৰ্তি আৰু স্মৃতিফলকখন খুলি নিয়া হয়। ইয়াৰ লগতে কাৰ্যালয়ৰ আন আন চৰকাৰী আচবাব আৰু সা-সামগ্ৰীও লৈ যোৱাৰ অভিযোগ উঠিছে।
উল্লেখ্য যে, শ্ৰৱণ কুমাৰৰ স্মৃতিত স্থাপন কৰা ফলকখন ২০২৫ চনৰ ১১ ফেব্ৰুৱাৰীত তদানীন্তন নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল। চিকিৎসালয়খনৰ সৌন্দৰ্যবৰ্ধনৰ লগতে মহান ব্যক্তিগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
ঘটনাটোক কেন্দ্ৰ কৰি ধিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে স্থানীয় সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে, পূৰ্বেও ডাঃ মুকুট বৰাৰ বিৰুদ্ধে চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। আনকি এগৰাকী মহিলা স্বাস্থ্যকৰ্মীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগো তেওঁৰ বিৰুদ্ধে আছে।
স্থানীয় স্বাস্থ্যকৰ্মী আৰু ৰাইজে বিষয়টো সন্দৰ্ভত সাংসদ দেৱাশীষ শৰ্মা আৰু ধিঙৰ বিধায়ক মেহবুব মুক্তাৰৰ ওচৰত অভিযোগ দাখিল কৰিছিল বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে স্বাস্থ্য বিভাগে তেওঁক বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি অভিযোগকাৰীসকলে দাবী কৰিছে।
ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে ধিং FRUৰ মহকুমা স্বাস্থ্য বিষয়াই। চৰকাৰী সম্পত্তি খুলি নিয়া আৰু কাৰ্যালয়ৰ সা-সামগ্ৰী লৈ যোৱাৰ অভিযোগক লৈ আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
