ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ৰাজ্যৰ ১২খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ পুঁজি অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিতৰত চাৰিখন বিশ্ববিদ্যালয়লৈ ৫০ কোটি টকাকৈ আৰু আন আঠখন বিশ্ববিদ্যালয়লৈ ১০০ কোটি টকাকৈ ধন আৱণ্টন কৰা হৈছে।
এই সন্দৰ্ভত ১২খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ লগতে উচ্চ শিক্ষা বিভাগ আৰু লোকনিৰ্মাণ বিভাগ (PWD)ৰ বিষয়া তথা অভিযন্তাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী ৰণোজ পেগু। বৈঠকত বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।
ঘোষণা অনুসৰি, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয় আৰু অসম মহিলা বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ কোটি টকাকৈ অনুমোদন জনোৱা হৈছে।
আনহাতে, PM-DevINE আঁচনিৰ অধীনত কটন বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয়ৰ বাবে ১০০ কোটি টকাকৈ অনুমোদন জনোৱা হৈছে।
এই পুঁজিৰ জৰিয়তে বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে শৈক্ষিক পৰিৱেশ অধিক উন্নত কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি আশা কৰা হৈছে। শিক্ষামন্ত্ৰীৰ এই ঘোষণাই ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিছে।
