য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান আক্ৰমণত ২২জন লোক নিহত হোৱাৰ লগতে আন ৩০জন আহত হৈছে। নিহত আৰু আহতসকলৰ অধিকাংশই মহিলা আৰু শিশু বুলি হুথী নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্ৰালয়ৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।
The Associated Press (AP)ৰ সৈতে হোৱা বাৰ্তালাপত হুথি নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ আনিছ আল-আছবাহীয়ে আল-শ্বাৰিয়া নামৰ গাঁওখনত সংঘটিত এই বিমান আক্ৰমণৰ বাবে ছৌদি আৰৱক জগৰীয়া কৰে। অৱশ্যে এই আক্ৰমণ সন্দৰ্ভত ছৌদি আৰৱৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।
উল্লেখ্য যে, ইয়াৰ এদিন পূৰ্বে দক্ষিণ য়েমেনৰ এখন বজাৰত হোৱা বিমান আক্ৰমণত ৩০জন লোক নিহত হোৱা বুলি হুথি বিষয়াসকলে দাবী কৰিছিল। অৱশ্যে সেই আক্ৰমণৰ বাবে ইৰান সমৰ্থিত হুথি বিদ্ৰোহী আৰু ছৌদি আৰব সমৰ্থিত য়েমেনৰ সামৰিক বাহিনীয়ে পৰস্পৰক দোষাৰোপ কৰিছে।
