চৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে অসম দল ঘোষণা

অহা ১৪ নৱেম্বৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ’বলগীয়া চৈয়দ মুস্তাক আলী ট্ৰফী টি-২০ প্ৰতিযোগিতাৰ বাবে অসম ক্ৰিকেট দল ঘোষণা কৰা হৈছে। ডেনিছ দাসক দলৰ অধিনায়ক আৰু চাহিল জৈনক উপ-অধিনায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

ঘোষিত ১৬জনীয়া মূল দলটোত স্থান লাভ কৰিছে শিৱশংকৰ ৰায়, অভিনৱ চৌধুৰী, ৰোচন আলম, আকাশ সেনগুপ্ত, আয়ুষ্মান মালাকাৰ, মৃণ্ময় দত্ত, মুক্তাৰ হুছেইন, বিশাল সাহা, প্ৰদ্যুন শইকীয়া, ভাৰ্গব প্ৰতিম লহকৰ, আয়ুষ আগৰৱালা (উইকেটকীপাৰ), ৰোহিত সেন (উইকেটকীপাৰ), জিতুমণি কলিতা আৰু আব্দুল আজিজ কুৰাইছিয়ে।

ইফালে, নজনীয়া ষ্টেণ্ডবাই তালিকাত আছে নিহাৰ ডেকা, সঞ্জয় কুমাৰ সিং, এৰিক ৰয় (উইকেটকীপাৰ), অম্লানজ্যোতি দাস, ছাদেক হুছেইন, ৰাহুল সিং, গুঞ্জনজ্যোতি ডেকা, জিতু আলী আৰু নিপন ডেকা।

প্ৰতিযোগিতাখনৰ বাবে অসম দলৰ সহযোগী ষ্টাফৰ দায়িত্বত থাকিব মেনেজাৰ সুজিত চৌধুৰী, মুখ্য প্ৰশিক্ষক কিৰণ পোৱাৰ, সহকাৰী প্ৰশিক্ষক আৰ কে যাদৱ আৰু প্ৰীতম দাস। আনহাতে, ট্ৰেইনাৰ হিচাপে ভাস্কৰ বৰা, ফিজিঅ’ হিচাপে ভীষ্ম প্ৰতাপ সিং, থ্ৰ’ডাউন বিশেষজ্ঞ হিচাপে বিবেক ছালুনখে আৰু পাৰফৰমেন্স বিশ্লেষক হিচাপে বিকাশ ৰঞ্জন দাসে দায়িত্ব পালন কৰিব।

অসম ক্ৰিকেট সন্থাই প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত সকলো খেলুৱৈ আৰু সহযোগী ষ্টাফলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...