চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান, ভূমিৰ পট্টা প্ৰদান, দৈনিক মজুৰি বৃদ্ধি আৰু জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাহ বাগিচাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে বিভিন্ন শাখা আৰু উপ-শাখাৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী।
বিশ্বনাথৰ পাভৈ চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ জনজাতি মহিলা সমিতি আৰু পাভৈ প্ৰাথমিক গোটৰ উদ্যোগত চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ দাবী উত্থাপন কৰাৰ লগতে চিকিৎসা, খোৱাপানী, আৱাস আৰু শিক্ষাৰ সুবিধা উন্নত কৰাৰ দাবী জনায়। প্ৰতিবাদস্থলীত ‘চাহ শ্ৰমিক জিন্দাবাদ’ আৰু ‘ATTSA Long Live’ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।
ইফালে, দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিচাতো আটছাৰ উদ্যোগত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে চাহ শ্ৰমিকসকলে। নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চাহ শ্ৰমিকসকলক ভূমিৰ পট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। শীঘ্ৰে ভূমিৰ পট্টা প্ৰদান নকৰিলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰো হুংকাৰ দিয়ে তেওঁলোকে।
আনহাতে, গোলাঘাটৰ জালান চাহ বাগিচাতো আটছাৰ গোলাঘাট শাখাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। চাহ শ্ৰমিকক ভূমিৰ পট্টা প্ৰদান, জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰমিকসকলে। দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে পৰৱৰ্তী সময়ত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।
তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কুমচাং চাহ বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখতো আটছাৰ কাকপথাৰ উপ-শাখাৰ উদ্যোগত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি, ভূমিৰ পট্টা প্ৰদানৰ কাম শীঘ্ৰে আৰম্ভ কৰা আৰু বাগিচাৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ দাবী জনায়। প্ৰতিবাদস্থলীৰ পৰাই ৰাজ্যৰ শ্ৰম মন্ত্ৰী আৰু অসম চৰকাৰক দাবীসমূহ পূৰণৰ ব্যৱস্থা কৰিবলৈ সকীয়াই দিয়ে আটছাই।
ইয়াৰ সমান্তৰালকৈ হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰতো চাহ জনজাতি ছাত্ৰ সন্থাৰ হোজাই শাখাৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰা হয়। শংকৰবস্তি উপ-শাখা আৰু প্ৰাথমিক গোটৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত চাহ জনজাতিৰ লোকসকলক ভূমিৰ পট্টা প্ৰদানকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন কৰা হয়। নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে পৰৱৰ্তী সময়ত ধাৰাবাহিক প্ৰতিবাদৰ লগতে বৃহত্তৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।
চৰাইদেউ জিলাৰ মথুৰাপুৰতো চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ দাবীত আটছাৰ মথুৰাপুৰ উপ-শাখাই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। মথুৰাপুৰ চাহ বাগিচাৰ কলঘৰৰ সন্মুখত অনুষ্ঠিত এই প্ৰতিবাদত দীৰ্ঘদিন ধৰি চাহ বাগিচাত বসবাস কৰি অহা শ্ৰমিক পৰিয়ালসমূহক ভূমিৰ পট্টা প্ৰদানৰ দাবী জনোৱা হয়।
আনহাতে, চৰাইদেউ জিলাৰ মাহমৰাৰ হেলাইগুৰিত ক্ষুদ্ৰ চাহ বাগিচাৰ মহিলা শ্ৰমিকসকলৰ সমস্যাৰ বুজ ল’বলৈ উপস্থিত হয় ৰাষ্ট্ৰসংঘৰ এটা প্ৰতিনিধি দল। প্ৰতিনিধি দলটোত আছিল ৰাষ্ট্ৰসংঘৰ মহিলা বিভাগৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি চক’ ইচিকুৱা আৰু ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ পৰিচালক বেদ ভৰদ্বাজ।
প্ৰতিনিধি দলটোৱে ক্ষুদ্ৰ চাহ বাগিচাৰ মহিলা শ্ৰমিকসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যা, কৰ্মক্ষেত্ৰৰ পৰিৱেশ আৰু কৰ্মজীৱনৰ পৰিস্থিতিৰ বুজ লয়। ক্ষুদ্ৰ চাহ খেতিয়ক বিনোদ চেতিয়াৰ বাসগৃহত এই মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত একেদিনাই চাহ শ্ৰমিকৰ দাবীক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ ঘটনাই চাহ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ পুনৰ চৰ্চালৈ আনিছে। ভূমিৰ অধিকাৰ, মজুৰি বৃদ্ধি, জনজাতিকৰণ, স্বাস্থ্য আৰু শিক্ষাৰ সুবিধা নিশ্চিত কৰাৰ দাবীত সৰৱ হৈ পৰিছে চাহ শ্ৰমিকসকল। দাবীসমূহ শীঘ্ৰে পূৰণ নকৰিলে আগন্তুক দিনত অধিক বৃহৎ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে বিভিন্ন চাহ শ্ৰমিক সংগঠনে।
