‘এয়া কোনো যুদ্ধ নহয়, পাঁচ মাহত কোনো লোক হতাহত হোৱা নাই’, ইৰানৰ সৈতে সংঘাতক ‘যুদ্ধ’ বুলি মানিবলৈ অস্বীকাৰ ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাতক লৈ পুনৰ চৰ্চালৈ আহিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ইৰানৰ বিৰুদ্ধে ৱাশ্বিংটনে চলোৱা সামৰিক অভিযানক যুদ্ধ বুলি অভিহিত কৰিবলৈ অস্বীকাৰ কৰিছে ট্ৰাম্পে। একে সময়তে তেহৰানৰ সৈতে আলোচনাই ইতিবাচক দিশে অগ্ৰগতি লাভ কৰা বুলিও ইংগিত দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

ট্ৰাম্পে কয়, “ইৰানৰ সৈতে আলোচনা ভাল দিশে আগবাঢ়িছে। যুদ্ধৰ পূৰ্বে আমি যিমান পৰিমাণৰ তেল উৎপাদন কৰিছিলোঁ, বৰ্তমান তাতকৈ অধিক উৎপাদন কৰি আছোঁ।”

ইয়াৰ পিছতে ইৰানৰ সৈতে চলি থকা সংঘাতৰ প্ৰসংগত ট্ৰাম্পে কয়, “এয়া কোনো যুদ্ধ নহয়। যোৱা পাঁচ মাহত কোনো লোক আহত হোৱা নাই, কোনো লোকৰ মৃত্যু হোৱা নাই। গতিকে ইয়াক যুদ্ধ বুলি ক’ব নোৱাৰি।”

উল্লেখ্য যে, আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ শোচনীয় পৰাজয়ৰ পিছতে ইৰানৰ সৈতে সংঘাতক দলটোৰ পৰাজয়ৰ অন্যতম কাৰণ হিচাপে উল্লেখ কৰিছিল ট্ৰাম্পে। আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও এই সন্দৰ্ভত মন্তব্য কৰিছিল। অৱশ্যে দুয়োগৰাকীৰ বক্তব্যৰ মাজত পাৰ্থক্য পৰিলক্ষিত হৈছিল।

ট্ৰাম্পে স্পষ্ট কৰি দিছিল যে ইৰানৰ বিৰুদ্ধে সামৰিক অভিযান চলোৱাৰ সিদ্ধান্তক লৈ তেওঁৰ কোনো অনুশোচনা নাই। প্ৰয়োজন হ’লে পুনৰ একেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈও তেওঁ সাজু বুলি মন্তব্য কৰিছিল।

আনহাতে, উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে এই সামৰিক অভিযানৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। ৰিপাব্লিকান পাৰ্টিৰ আন কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এই বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে।

এনে পৰিস্থিতিত ইৰানৰ সৈতে সংঘাতক লৈ ট্ৰাম্পৰ শেহতীয়া মন্তব্যই নতুন ৰাজনৈতিক চৰ্চাৰ সৃষ্টি কৰিছে। বিশেষকৈ আলোচনাই ইতিবাচক দিশে আগবঢ়াৰ ইংগিতে দুয়োখন দেশৰ মাজত সম্ভাৱ্য কূটনৈতিক সমঝোতাক লৈ নতুন চৰ্চাৰ সূচনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

য়েমেনৰ বিমান আক্ৰমণত নিহত ২২জন, আহত ৩০ । ছৌদি আৰৱক জগৰীয়া হুথিৰ

য়েমেনৰ ৰাজধানী ছানাৰ সমীপৱৰ্তী এখন চহৰত শনিবাৰে সংঘটিত বিমান...