ধনতেৰাছৰ নিশা বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা, স্বৰ্ণ ব্যৱসায়ীৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা দুৰ্বৃত্তৰ

ধনতেৰাছৰ নিশা বঙাইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁৱৰ পালপাৰাস্থিত প্ৰিয়া জুৱেলাৰ্ছৰ স্বত্বাধিকাৰীৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তৰ এটা দলে।

জানিব পৰা মতে, নিশা দোকান বন্ধ কৰি ঘৰলৈ উভতি যোৱাৰ সময়তে স্বৰ্ণ ব্যৱসায়ীগৰাকীৰ হাতৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰে দুৰ্বৃত্তৰ দলটোৱে।

অৱশ্যে, দুৰ্বৃত্তৰ এই অপচেষ্টা বিফল হয়। বেগ কাঢ়ি নিয়াত ব্যৰ্থ হৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটো।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ কেইবাগৰাকীও বিষয়া ঘটনাস্থলীত উপস্থিত হয়।

বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। দুৰ্বৃত্তৰ দলটোক চিনাক্ত কৰাৰ লগতে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটনৰ চেষ্টা চলাইছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

টেঙাখাতত OCSৰ ভয়ংকৰ অগ্নিকাণ্ডত মৃতকৰ সংখ্যা ৩জনলৈ বৃদ্ধি, চিকিৎসাধীন অৱস্থাত মৃত্যু আন দুজন কৰ্মচাৰীৰ

ডিব্ৰুগড়ৰ টেঙাখাতৰ কঁঠালগুৰিস্থিত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) OCSত সংঘটিত...