আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰৰ কথা ঘোষণা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ, বিদায় জনালে পৰ্তুগালৰ ৭ নম্বৰ জাৰ্চিক

বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। পৰ্তুগালৰ হৈ ২৩ বছৰীয়া গৌৰৱময় যাত্ৰাৰ সামৰণি মাৰি এই সিদ্ধান্তৰ কথা ছ’চিয়েল মিডিয়াত ভিডিঅ’ বাৰ্তাৰ জৰিয়তে অনুৰাগীসকলক জনাইছে পাঁচবাৰৰ বেলন ডি’অৰ বিজয়ীগৰাকীয়ে।

৪১ বছৰীয়া ৰোনাল্ডোৱে আন্তঃৰাষ্ট্ৰীয় ফুটবলত পৰ্তুগালৰ হৈ ২৩৪খন মেচ খেলি ১৪৬টা গ’ল কৰাৰ অভিলেখ গঢ়িছে। তেওঁ আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বাধিক গ’লদাতা আৰু সৰ্বাধিক মেচ খেলা ফুটবলাৰ হিচাপে নিজৰ কেৰিয়াৰৰ সামৰণি মাৰিছে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা ভিডিঅ’টোত ৰোনাল্ডোৱে পৰ্তুগালৰ ৭ নম্বৰ জাৰ্চিটোৰ পৰা বিদায় লোৱাৰ কথাও ঘোষণা কৰে। তেওঁ কয় যে ২৩ বছৰ ধৰি এই জাৰ্চি পিন্ধি দেশক প্ৰতিনিধিত্ব কৰাটো তেওঁৰ বাবে এক বিশেষ সৌভাগ্য আৰু দায়িত্ব আছিল। এতিয়া সেই দায়িত্ব পৰৱৰ্তী প্ৰজন্মৰ হাতত অৰ্পণ কৰাৰ সময় আহি পৰিছে।

উল্লেখ্য যে, ৰোনাল্ডোৰ নেতৃত্বত পৰ্তুগালে ২০১৬ চনত ইউৰোপীয়ান চেম্পিয়নশ্বিপ (ইউৰো)ৰ খিতাপ অৰ্জন কৰাৰ লগতে দুবাৰকৈ UEFA Nations Leagueৰ চেম্পিয়ন হোৱাৰ গৌৰৱ লাভ কৰিছিল। তেওঁ নিজৰ কেৰিয়াৰত ৬খন বিশ্বকাপত পৰ্তুগালক প্ৰতিনিধিত্ব কৰিছিল। বিশ্বকাপৰ ছটা পৃথক সংস্কৰণতে গ’ল কৰা একমাত্ৰ ফুটবলাৰ হিচাপেও তেওঁৰ নাম ইতিহাসত লিপিবদ্ধ হৈ আছে।

অৱশ্যে ইমানবোৰ সফলতা আৰু ব্যক্তিগত অভিলেখৰ পিছতো বিশ্বকাপৰ খিতাপ জয়ৰ সপোন পূৰণ নহ’ল তাৰকাগৰাকীৰ।

নিজৰ অৱসৰৰ সিদ্ধান্ত সন্দৰ্ভত ৰোনাল্ডোৱে কয় যে এই সিদ্ধান্ত লোৱাটো তেওঁৰ বাবে সহজ নাছিল। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় যাত্ৰা কেৱল গ’ল, ট্ৰফী আৰু অভিলেখৰ মাজতে সীমাবদ্ধ নাছিল; বৰং পৰ্তুগালৰ কোটি কোটি অনুৰাগীৰ সৈতে গঢ়ি উঠা সম্পৰ্ক আৰু দেশক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ তেওঁৰ বাবে অধিক মূল্যৱান আছিল।

তেওঁ লগতে কয় যে কেৰিয়াৰৰ সময়ছোৱাত বহু স্মৰণীয় জয়ৰ লগতে পাহৰিব নোৱাৰা পৰাজয়ৰো সন্মুখীন হৈছে। কেতিয়াবা ভুল কৰিছে, কষ্টও সহ্য কৰিছে, কিন্তু দেশক প্ৰতিনিধিত্ব কৰাৰ ইচ্ছা কেতিয়াও হেৰুৱা নাই।

ৰোনাল্ডোৰ ভাষ্য অনুসৰি, গ’ল, ট্ৰফী আৰু অভিলেখ এদিন সময়ৰ সোঁতত হেৰাই যাব পাৰে, কিন্তু মানুহৰ হৃদয়ত লাভ কৰা স্থান কেতিয়াও মচি নাযায়।

ইফালে, শেহতীয়াকৈ নেশ্যনছ লীগৰ এখন মেচত খেলিবলৈ অস্বীকাৰ কৰা আৰু দলীয় শিবিৰ ত্যাগ কৰাক লৈ পৰ্তুগালৰ প্ৰশিক্ষক জৰ্জে জেছুছৰ সৈতে ৰোনাল্ডোৰ মতানৈক্যৰ সৃষ্টি হৈছিল। দলীয় শিবিৰ ত্যাগ কৰাৰ বাবে তেওঁক ৩০ দিনৰ বাবে নিলম্বন কৰা হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল।

দীৰ্ঘ ২৩ বছৰ ধৰি পৰ্তুগালৰ জাৰ্চি পিন্ধি বিশ্ব ফুটবলত নিজৰ সুকীয়া পৰিচয় গঢ়ি তোলা ৰোনাল্ডোৰ এই ঘোষণাই এতিয়া বিশ্বজুৰি ফুটবল অনুৰাগীৰ মাজত চৰ্চাৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিগবৈৰ ঔগুৰিত ডাইনী সন্দেহত বৃদ্ধা মহিলাক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ, গ্ৰেপ্তাৰ তিনিগৰাকী মহিলা

তিনিচুকীয়া জিলাৰ ডিগবৈৰ ঔগুৰি গাঁৱত ডাইনী সন্দেহক কেন্দ্ৰ কৰি...

ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ ভয়াৱহ বিমান আক্ৰমণ, নিহত কমেও ৪০জন; ধ্বংসাৱশেষৰ তলত আবদ্ধ বহু সংখ্যক লোক

ইউক্ৰেইনৰ দক্ষিণ-পূব অঞ্চলৰ জাপোৰিঝিয়াৰ কমিছুভাখা (Komyshuvakha) গাঁৱৰ এটা সাহায্য...