ইউক্ৰেইনৰ দক্ষিণ-পূব অঞ্চলৰ জাপোৰিঝিয়াৰ কমিছুভাখা (Komyshuvakha) গাঁৱৰ এটা সাহায্য বিতৰণ কেন্দ্ৰত ৰাছিয়াৰ ভয়াৱহ বিমান আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। এই আক্ৰমণত কমেও ৪০জন লোক নিহত হোৱাৰ লগতে ৫৯জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। সোমবাৰে সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে।
যুদ্ধক্ষেত্ৰৰ ওচৰত অৱস্থিত হোৱাৰ বাবে কমিছুভাখা গাঁৱৰ এখন বিদ্যালয়ৰ বাংকাৰক আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰাৰ লগতে তাতেই সাহায্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰা হৈছিল। সেই স্থানতে ৰাছিয়াই বিমান আক্ৰমণ চলোৱা বুলি অভিযোগ উত্থাপন হৈছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে জানিবলৈ দিয়া অনুসৰি, স্থানীয় লোকসকলে সাহায্য সামগ্ৰী সংগ্ৰহ কৰিবলৈ আহি থকা সময়তে প্ৰথমটো বোমা নিক্ষেপ কৰা হৈছিল। ইয়াৰ পিছত একেটা স্থানতে দ্বিতীয়বাৰৰ বাবে আক্ৰমণ চলোৱা হয়।
জাপোৰিঝিয়া আঞ্চলিক প্ৰতিৰক্ষা পৰিষদৰ উপ-মুৰব্বী ইভান ফেডোৰভে জানিবলৈ দিয়া মতে, আক্ৰমণৰ পিছৰে পৰা ৫৯জন লোকৰ সন্ধান পোৱা হোৱা নাই। সোমবাৰে আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থা ‘ৱৰ্ল্ড চেণ্ট্ৰেল কিচেন’ৰ (World Central Kitchen) উদ্যোগত সেই অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ কৰি থকা হৈছিল।
এই আক্ৰমণত চাৰিজন আৰক্ষী কৰ্মী আৰু দুজন উদ্ধাৰকাৰীও নিহত হোৱা বুলি জানিব পৰা গৈছে। বৰ্তমান উদ্ধাৰকাৰী দলসমূহে ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ লগতে মৃতদেহ উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে।
আক্ৰমণত নিহত হোৱা এগৰাকী আৰক্ষী কৰ্মীৰ বডী কেমেৰাত বন্দী হোৱা দৃশ্যই ঘটনাটোৰ ভয়াৱহতা পোহৰলৈ আনিছে। ফুটেজত দেখা গৈছে যে আক্ৰমণৰ পূৰ্বে সতৰ্কবাণী লাভ কৰি সাধাৰণ লোকসকল বাংকাৰৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু সেই সময়তে হঠাৎ এক প্ৰচণ্ড বিস্ফোৰণ ঘটে আৰু তাৰ পিছতে কেমেৰাটোৰ দৃশ্য সম্পূৰ্ণৰূপে অন্ধকাৰ হৈ পৰে।
ইউক্ৰেইনৰ আৰক্ষীৰ দাবী অনুসৰি, এই আক্ৰমণত ৰাছিয়াই প্ৰায় ১.৪ টন বিস্ফোৰকযুক্ত তিনিটন ওজনৰ FAB শ্ৰেণীৰ গ্লাইড বোমা ব্যৱহাৰ কৰিছিল।
অৱশ্যে, ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে সাধাৰণ নাগৰিকক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে। মস্কোৰ দাবী অনুসৰি, তেওঁলোকে এটা সামৰিক ঘাটিতহে আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত ইউক্ৰেইনৰ ২৫জন সেনা নিহত হৈছিল।
উল্লেখযোগ্য যে আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পৰ মধ্যস্থতাত ওলেশ্কি অঞ্চলৰ পৰা কমেও ৮০০গৰাকী সাধাৰণ নাগৰিকক স্থানান্তৰ কৰাৰ উদ্দেশ্যে ঘোষণা কৰা ছয়দিনীয়া যুদ্ধবিৰতিৰ ম্যাদ উকলি যোৱাৰ পিছদিনাই এই আক্ৰমণ সংঘটিত হয়।
আনহাতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসান ঘটোৱাৰ লক্ষ্যৰে অহা ১০ আৰু ১১ নৱেম্বৰত আবুধাবিত দুয়োখন দেশক লৈ শান্তি আলোচনা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিছে আমেৰিকাই।
আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফে জানিবলৈ দিয়া অনুসৰি, যুদ্ধৰ অন্ত পেলোৱা আৰু ভৱিষ্যতৰ নিৰাপত্তা নিশ্চিত কৰাৰ বিষয়ক লৈ আলোচনাৰ প্ৰস্তুতি চলি আছে।
কিন্তু শান্তি আলোচনাৰ এই প্ৰস্তুতিৰ মাজতে ইউক্ৰেইনৰ সাহায্য বিতৰণ কেন্দ্ৰত সংঘটিত এই ভয়াৱহ আক্ৰমণে পুনৰ এবাৰ অঞ্চলটোৰ নিৰাপত্তা আৰু যুদ্ধৰ পৰিস্থিতিক লৈ উদ্বেগ বৃদ্ধি কৰিছে।
