এগৰাকী মহিলাৰ এটা নতুন জীৱন গঢ়াৰ সপোন। প্ৰিয় পাঁচটা পোহনীয়া গিনিপিগক লগত লৈ পৰ্তুগাললৈ যোৱাৰ প্ৰস্তুতি। পৰিকল্পনা প্ৰায় সম্পূৰ্ণ হৈছিল, কিন্তু সেই যাত্ৰা কেতিয়াও সম্ভৱ নহ’ল। তাৰ পৰিৱৰ্তে মহিলা গৰাকীৰ জীৱনৰ কৰুণ পৰিসমাপ্তি ঘটিল এক ভয়ংকৰ পৰিস্থিতিত। আনহাতে, তেওঁৰ নিৰুদ্দেশৰ আঁৰত লুকাই থাকিল প্ৰায় তিনি বছৰীয়া এক শিহৰণকাৰী ৰহস্য।
৬২ বছৰীয়া শিল্পী ডেলিয়া মেকইনাৰ্নিয়ে ২০২৩ চনৰ এপ্ৰিল মাহত পৰ্তুগাললৈ গৈ নতুন জীৱন আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। ব্ৰিটেইনৰ মেৰ্ছিছাইডৰ বাসিন্দা মহিলাগৰাকীয়ে নিজৰ পাঁচটা পোহনীয়া গিনিপিগকো লগত লৈ যোৱাৰ কথা আছিল। কিন্তু পৰ্তুগাললৈ যোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে তেওঁ নিৰুদ্দেশ হৈ পৰে। পৰিয়াল-পৰিজন আৰু বন্ধু-বান্ধৱীৰ সৈতে তেওঁৰ যোগাযোগো বন্ধ হৈ পৰে।

লিভাৰপুল ক্ৰাউন কৰ্টত ৪ নৱেম্বৰত আৰম্ভ হোৱা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াত পোহৰলৈ আহিছে এই ভয়ংকৰ ঘটনাৰ বহু তথ্য। অভিযোগ অনুসৰি, ৬৫ বছৰীয়া জৰ্জ গৰ্ডনে ২০২৩ চনৰ ১১ এপ্ৰিলৰ নিশা অথবা ১২ এপ্ৰিলৰ পুৱতি নিশা ডেলিয়া মেকইনাৰ্নিক হত্যা কৰিছিল। ডেলিয়াই গৰ্ডনক ঘনিষ্ঠ বন্ধু হিচাপে গণ্য কৰিছিল। আনকি ডেলিয়াৰ এগৰাকী আত্মীয়ই গৰ্ডনক তেওঁৰ ‘লগৰী’ বুলিও অভিহিত কৰিছিল।
কিন্তু ডেলিয়াৰ পৰ্তুগাললৈ যোৱাৰ পৰিকল্পনাৰ বিষয়ে জানিব পাৰি গৰ্ডনে এখন হাতুৰীসদৃশ কৰতকে ধৰি কেইবাবিধো সামগ্ৰী ক্ৰয় কৰিছিল বুলি আদালতত অভিযোগ উত্থাপন কৰা হৈছে। চৰকাৰী পক্ষৰ অধিবক্তাই আদালতত কয় যে এই সামগ্ৰীসমূহ পৰৱৰ্তী সময়ত ডেলিয়াক হত্যা আৰু তেওঁৰ মৃতদেহ টুকুৰা-টুকুৰ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল।
আদালতত আৰু জনোৱা হয় যে ১১ এপ্ৰিলত গৰ্ডনে ডেলিয়াৰ সৈতে তেওঁৰ পাঁচটা পোহনীয়া গিনিপিগৰ এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল। সেইটোৱেই আছিল ডেলিয়াক জীৱিত অৱস্থাত দেখা পোৱা অন্তিম ভিডিঅ’। কিন্তু পৰৱৰ্তী সময়ত গিনিপিগকেইটাৰো মৃত্যু ঘটে। পৰীক্ষাত সিহঁতৰ পানীত ডুবি মৃত্যু হোৱাৰ তথ্য পোৱা গৈছিল বুলি আদালতত প্ৰকাশ কৰা হয়।
ডেলিয়াৰ মৃত্যুৰ পাছত গৰ্ডনে তেওঁৰ বন্ধু-বান্ধৱীলৈ ডেলিয়াৰ পৰিচয়েৰে বাৰ্তা আৰু ই-মেইল প্ৰেৰণ কৰি তেওঁ জীৱিত থকাৰ ভুৱা পৰিৱেশ সৃষ্টি কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। কোনো কোনোক ডেলিয়া অসুস্থ বুলি জনাইছিল, আন কোনোবাক আকৌ ২০২৩ চনৰ মে’ মাহত ৰজা তৃতীয় চাৰ্লছৰ ৰাজ অভিষেক অনুষ্ঠানত উপস্থিত থকা বুলি কৈছিল। আনকি সেই অনুষ্ঠানত ডেলিয়াই অভিনেত্ৰী জোৱানা লামলি আৰু ষ্টিফেন ফ্ৰাইক লগ পোৱা বুলিও কাহিনী সাজিছিল।
ইফালে, ডেলিয়াৰ বেংক একাউণ্টৰ পৰা হাজাৰ হাজাৰ পাউণ্ড উলিয়াই লোৱাৰ লগতে তেওঁৰ নামত ঋণ আৰু ক্ৰেডিট কাৰ্ডো সংগ্ৰহ কৰিছিল গৰ্ডনে। ১২ এপ্ৰিলত ডেলিয়াৰ বেংক একাউণ্টৰ পৰা ২,০০০ পাউণ্ডতকৈ অধিক ধন গৰ্ডনলৈ স্থানান্তৰিত হৈছিল। সেইদিনাই তেওঁ অনলাইনৰ পৰা এটা ডাঙৰ ফ্ৰীজাৰ অৰ্ডাৰ কৰিছিল বুলি আদালতত জানিবলৈ দিছে।
প্ৰায় তিনি বছৰ ধৰি চলি থকা এই প্ৰতাৰণাৰ জাল অৱশেষত ২০২৫ চনৰ ডিচেম্বৰ মাহত উন্মোচিত হ’বলৈ আৰম্ভ কৰে। ক্ৰিছ কেভেণ্ডিছ-গৰ্ডন নামৰ এজন ব্যক্তিয়ে সমাজকৰ্মী বুলি পৰিচয় দি ব্ৰিটেইনৰ Department for Work and Pensions (DWP)ৰ সৈতে যোগাযোগ কৰিছিল। ডেলিয়া মেকইনাৰ্নিৰ নামত লাভ কৰা Personal Independence Payment (PIP)ৰ ধন অন্য এটা বেংক একাউণ্টলৈ স্থানান্তৰ কৰাৰ অনুৰোধ জনাইছিল তেওঁ।
ইয়াৰ পাছতে আৰম্ভ হয় অনুসন্ধান। ফোনযোগে কৰা অনুসন্ধান আৰু বিত্তীয় লেনদেনৰ তথ্য পৰীক্ষাৰ পাছত ২০২৬ চনৰ ৮ জানুৱাৰীত আৰক্ষীয়ে গৰ্ডনৰ বাসগৃহত অভিযান চলায়।

আৰক্ষীয়ে গৰ্ডনক গ্ৰেপ্তাৰ কৰি বাহিৰলৈ লৈ যোৱাৰ সময়তে তেওঁ কয়, ‘তাই তাত আছে’। তাৰ পাছতে তেওঁ স্পষ্টকৈ কয়, ‘তাই ফ্ৰীজাৰৰ ভিতৰত আছে’। আৰক্ষীয়ে ঘৰৰ ভিতৰত থকা এটা ডাঙৰ ফ্ৰীজাৰৰ পৰা ডেলিয়া মেকইনাৰ্নিৰ টুকুৰা-টুকুৰ কৰা মৃতদেহ উদ্ধাৰ কৰে।
অভিযুক্ত গৰ্ডনে আৰক্ষীৰ আগত প্ৰথমে স্বীকাৰ কৰিছিল যে ডেলিয়াই অত্যধিক ঔষধ সেৱন কৰাৰ পাছত তেওঁৰ দুখ-কষ্টৰ অন্ত পেলাবলৈ হাতুৰীৰে আঘাত কৰিছিল। অৱশ্যে বৰ্তমান তেওঁ আত্মৰক্ষাৰ স্বাৰ্থত এই ঘটনা সংঘটিত কৰা বুলি দাবী কৰিছে।
গৰ্ডনে ডেলিয়াক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলেও হত্যাৰ অভিযোগ আৰু পোহনীয়া জীৱ-জন্তুৰ প্ৰতি অপ্ৰয়োজনীয় নিৰ্যাতন চলোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে। লিভাৰপুল ক্ৰাউন কৰ্টত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে।
পৰ্তুগালত নতুন জীৱন আৰম্ভ কৰাৰ সপোন দেখা ডেলিয়াৰ সেই যাত্ৰা আধৰুৱা হৈ ৰ’ল। আনহাতে, প্ৰায় তিনি বছৰ ধৰি তেওঁৰ নিৰুদ্দেশৰ আঁৰত লুকাই থকা ভয়ংকৰ সত্যই এতিয়া জোকাৰি গৈছে সমগ্ৰ পৃথিৱী।
