‘ডিজিটেল এৰেষ্ট’ৰ বলি হোৱা লোকক ক্ষতিপূৰণ দিব লাগিব বেংকে, গুৰুত্বপূৰ্ণ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

‘ডিজিটেল এৰেষ্ট’ৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ বলি হৈ ধন হেৰুওৱা লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ গাফিলতিৰ ফলত কোনো লোকে ধন হেৰুৱালে সংশ্লিষ্ট বেংক কৰ্তৃপক্ষই ক্ষতিপূৰণ দিব লাগিব বুলি স্পষ্ট কৰিছে ন্যায়ালয়ে।

বৃহস্পতিবাৰে চাইবাৰ অপৰাধ সম্পৰ্কীয় এটা গোচৰৰ শুনানিৰ সময়ত এই নিৰ্দেশনা প্ৰদান কৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে, ক্ষতিপূৰণ প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ চৰ্তও নিৰ্ধাৰণ কৰি দিছে আদালতে।

ন্যায়ালয়ৰ মতে, বিশেষকৈ প্ৰযুক্তিৰ ব্যৱহাৰ সম্পৰ্কে অজ্ঞ লোকসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা গুৰুত্বপূৰ্ণ হ’ব। বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ ফালৰ পৰা কোনো ধৰণৰ গাফিলতি প্ৰমাণিত হ’লে ভুক্তভোগীক ক্ষতিপূৰণ দিব লাগিব।

আনহাতে, ‘ডিজিটেল এৰেষ্ট’ৰ দৰে চাইবাৰ প্ৰৱঞ্চনাৰ জালত শিক্ষিত লোকো পৰাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰে উচ্চতম ন্যায়ালয়ে। শিক্ষিত লোকসকল এনে প্ৰৱঞ্চনাৰ বলি হোৱাটো দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে ন্যায়ালয়ে।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনাই চাইবাৰ প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলৰ ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ দায়বদ্ধতাৰ বিষয়টো পুনৰ চৰ্চালৈ আনিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধুবুৰীৰ যোগমায়া ঘাটত আৰক্ষীৰ বৃহৎ অভিযান, ২৫ সন্দেহজনক লোক আটক

ধুবুৰীৰ যোগমায়া ঘাটত সন্দেহজনক নাগৰিকৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে বৃহৎ...

হোটেল বিলাস ইন হত্যাকাণ্ডৰ শেহতীয়া খবৰ

সাউকুছিৰ ভাৰাঘৰত ঘনকান্তক লৈ আৰক্ষীৰ অভিযান সমাপ্ত, ঘনকান্তক কথা...

ভূটানত গ্লেচিয়াৰ বিস্ফোৰণ, গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি ভয়ংকৰ বান

নেপালৰ পিছত এইবাৰ ভূটানত গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে...