নেপালৰ পিছত এইবাৰ ভূটানত গ্লেচিয়াৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে হঠাৎ বান পৰিস্থিতিৰ। অসম তথা পশ্চিমবংগকো বানে প্ৰভাৱিত কৰাৰ আশংকা। ধুবুৰী জিলা প্ৰশাসনেও জিলাখনত জাৰি কৰিছে সতৰ্কতা। ওখ স্থানত অৱস্থান কৰিবলৈ জিলাবাসীক আহ্বান প্ৰশাসনৰ। নদীৰ পানীৰ স্তৰৰ ওপৰতো তীক্ষ্ণ নজৰ দিবলৈ আহ্বান।
ভূটানৰ গাছা জিলাত শিনতাফু নামৰ হিমবাহ হ্ৰদটো ফাটি অহা পানীৰ ঢলে চুবুৰীয়া পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাতো বানৰ আশংকা বৃদ্ধি কৰিছে। সংকোশ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত নদীখনৰ পাৰৰ কেইবাটাও অঞ্চল জলমগ্ন হোৱা বুলি জানিব পৰা গৈছে।
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কু‘ডিজিটেল এৰেষ্ট’ক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ধন হেৰুওৱা লোকক ক্ষতিপূৰণ দিব লাগিব বেংক কৰ্তৃপক্ষই।
বৃহস্পতিবাৰে চাইবাৰ অপৰাধ সম্পৰ্কীয় এটা গোচৰত এই নিৰ্দেশনা SCৰ। অৱশ্যে, এই সন্দৰ্ভত চৰ্ত নিৰ্ধাৰণ কৰি দিছে ন্যায়ালয়ে। প্ৰযুক্তি সন্দৰ্ভত অজ্ঞ লোকৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ গাফিলতি ধৰা পৰিলে দিব লাগিব ক্ষতিপূৰণ। শিক্ষিত লোকক ‘ডিজিটেল এৰেষ্ট’ সন্দৰ্ভত সমালোচনা SCৰ।
‘শিক্ষিত লোক এই জালত পৰাটো দুৰ্ভাগ্যজনক’ মাৰগ্ৰামৰ বিজেপি বিধায়ক মনোজ ওৰাওঁৱে সামাজিক মাধ্যমযোগে স্থানীয় ৰাইজক সতৰ্ক কৰি দিছে। সংকোশ নদীৰ পাৰৰ বাসিন্দাসকলক শীঘ্ৰে নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে।
তেওঁ কয় যে ভুটানত এটা বান্ধ ভাঙি যোৱাৰ ফলত পৰৱৰ্তী এঘণ্টাৰ পৰা ডেৰ ঘণ্টাৰ ভিতৰত সংকোশ নদীৰ কাষৰীয়া অঞ্চলত পানী সোমোৱাৰ আশংকা আছে। সেয়েহে কুমাৰগ্ৰাম আৰু সংকোশৰ আশে-পাশে বসবাস কৰা লোকসকলক নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনায়। লগতে প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি থকা বুলিও তেওঁ উল্লেখ কৰে।
ভূটানৰ প্ৰশাসনৰ তথ্য অনুসৰি, গাছা জিলাৰ লায়া গেউগৰ লুংগো অঞ্চলত ৱাকিলা পৰ্বতৰ তলত অৱস্থিত শিনতাফু হ্ৰদটো ফাটি এই বান পৰিস্থিতিৰ সৃষ্টি হয়। নিশা প্ৰায় ৮ বাজি ১৫ মিনিটত হিমবাহ হ্ৰদ বিস্ফোৰণজনিত বান (Glacial Lake Outburst Flood বা GLOF)ৰ ঘটনা পোহৰলৈ আহে।
হঠাৎ নামি অহা পানীৰ প্ৰচণ্ড সোঁতে টংচুদ্ৰাকৰ সমীপত লায়া-জংখাগ সংযোগী পথৰ ২১ৰ পৰা ২২ কিলোমিটাৰ অংশৰ বৃহৎ এলেকা উটুৱাই নিয়ে। ফলত উক্ত পথছোৱাত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে।
ভূটানৰ আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়া অনুসৰি, শুকুৰবাৰে পুৱা ক্ষয়-ক্ষতিৰ পৰিস্থিতি পৰীক্ষা কৰাৰ পিছত পথ মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব। আনহাতে, সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোৰ বাসিন্দাসকলক ইতিমধ্যে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
ৰাষ্ট্ৰীয় জলবিজ্ঞান আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, তাক্টছিমাখাং অঞ্চলত নদীৰ জলপৃষ্ঠ নিৰীক্ষণৰ বাবে এটা কেন্দ্ৰ স্থাপন কৰা হৈছে। নদীৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰিলে তাত সতৰ্কবাণী ঘণ্টা বাজি উঠে। অৱশ্যে বৰ্তমানলৈকে তেনে কোনো সতৰ্কবাণী জাৰি হোৱা নাই।
উল্লেখ্য যে ভূটানৰ ১৭টা বিপজ্জনক হিমবাহ হ্ৰদৰ ভিতৰত শিনতাফু হ্ৰদ অন্যতম। মো ছু নদী প্ৰণালীৰ সৈতে সংযুক্ত এই হ্ৰদটোৰ বিস্ফোৰণে নিম্নাংশৰ অঞ্চলসমূহত বানৰ আশংকা বৃদ্ধি কৰিছে।
