প্রকাশন পৰিষদ সাহিত্য বঁটা ২০২৬ৰ বাবে গ্রন্থ আহ্বান

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত বিগত বছৰৰ দৰেই এইবছৰো বিশিষ্ট সাহিত্যিক আৰু প্রকাশকসকললৈ সন্মানীয় ‘প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৬’ বৰ্ষৰ বাবে প্ৰদানৰ যাৱতীয় ব্যৱস্থা হাতত লোৱা হৈছে। ২০২৩ চনৰ ১ জানুৱাৰীৰ পৰা ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰপ্রকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ মাজৰ পৰা নিৰ্বাচিত গ্ৰন্থখনৰ লেখক আৰু প্ৰকাশক দুয়োগৰাকীকে ‘প্রকাশন পৰিষদ সাহিত্য বঁটা-২০২৬’ৰে পুৰস্কৃত কৰা হ’ব। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত পৰিষদৰ সচিব প্রমোদ কলিতাই জানিবলৈ দিয়া মতে এই বঁটাত গ্ৰন্থৰ লেখকক পাঁচ লাখ টকাৰ সৈতে মানপত্ৰ আৰু প্ৰকাশকক তিনি লাখ টকাৰ লগতে মানপত্ৰ প্ৰদান কৰা হ’ব। নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত প্ৰকাশিত উপন্যাস, গল্প, নাটক আৰু কাব্যগ্ৰন্থৰ লেখক অথবা প্রকাশকৰ যিকোনো এগৰাকীয়ে গুগুল-ফৰ্মৰ প্ৰ-পত্ৰ পূৰণ কৰি এটা প্রিন্ট আউটৰ সৈতে গ্ৰন্থৰ দুটা কপি অহা ১৫-১১-২০২৬ তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব। তদুপৰি ডাকযোগেও গ্ৰন্থৰ দুটা কপি প্ৰেৰণ কৰিব পাৰিব অথবা অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ত ১৫ নৱেম্বৰ, ২০২৬ তাৰিখৰ ভিতৰত পোনপটীয়াকৈ জমা দিব পাৰিব। প্ৰ-পত্ৰখন অসম প্রকাশন পৰিষদৰ ৱেবছাইটত উপলব্ধ হ’ব। ৱেবচাইট www.publicationboardass। প্ৰ-পত্ৰৰ সৈতে গ্ৰন্থ প্ৰেৰণৰ ডাক ঠিকনা: সচিব, অসম প্রকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটী-২১।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুটখাৰ পিক পেলাবলৈ গৈ অকাল মৃত্যু; তিনিমহলাৰ বাৰান্দাৰ পৰা পিক পেলাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

মধ্যপ্ৰদেশৰ বিদিশা জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। তিনিমহলীয়া...

মানহানিৰ গোচৰত ৰাহুল গান্ধীক দোষমুক্ত ঘোষণা আদালতৰ; অমিত শ্বাহক লৈ কৰা মন্তব্যৰ গোচৰত সকাহ পালে ৰাহুল গান্ধীয়ে

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হত্যাৰ গোচৰত অভিযুক্ত বুলি উল্লেখ...

টাইগাৰ শ্ৰফ নহয়, আক্ৰমণকাৰীৰ লক্ষ্য আছিল আমিৰ খান; কিয় সলনি কৰিলে লক্ষ্য? তদন্তত চাঞ্চল্যকৰ তথ্য

বলিউডৰ অভিনেতা টাইগাৰ শ্ৰফৰ গাড়ী লক্ষ্য কৰি গুলীচালনা কৰা...