তামিলনাডুৰ ৰাজনীতিত নতুন তাৰকাৰ যুঁজৰ ইংগিত!

তামিলনাডুৰ ৰাজনীতিত এইবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু জনপ্ৰিয় অভিনেতা ধনুষ। অভিনেতাগৰাকীৰ অনুৰাগী সংগঠনৰ সাংগঠনিক তৎপৰতা আৰু জনসেৱামূলক কাম-কাজক লৈ সৃষ্টি হৈছে নতুন জল্পনা-কল্পনাৰ। ৰাজনীতিত প্ৰৱেশ কৰিবলৈ সাজু হৈছে নেকি ধনুষ? আৰু যদি তেওঁ ৰাজনীতিৰ পথাৰত নামে, তেন্তে হ’ব নেকি ধনুষ বনাম থালাপতি বিজয়ৰ যুঁজ? শেহতীয়াকৈ ধনুষে তেওঁৰ অনুৰাগী সংগঠনৰ মহিলা শাখাৰ সদস্যসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে ৰাজনৈতিক প্ৰৱেশক লৈ চৰ্চা অধিক তীব্ৰ হৈছে। অৱশ্যে ধনুষে এতিয়ালৈকে ৰাজনীতিত প্ৰৱেশ বা নিজাকৈ ৰাজনৈতিক দল গঠনৰ কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই।

ইফালে, অভিনেতা বিজয়ে ইতিমধ্যে তামিলগা ভেট্টি কাজাগাম (TVK) গঠন কৰি তামিলনাডুৰ ৰাজনীতিত নিজৰ শক্তিশালী উপস্থিতি প্ৰতিষ্ঠা কৰিছে। বিজয়ৰ ৰাজনৈতিক যাত্ৰাৰ মাজতে ধনুষৰ সম্ভাৱ্য প্ৰৱেশে ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণত নতুন মাত্ৰা যোগ কৰিব পাৰে বুলি চৰ্চা চলিছে। কিন্তু কেৱল জনপ্ৰিয়তা আৰু অনুৰাগীৰ সমৰ্থনেৰে বিজয়ক প্ৰত্যাহ্বান জনাব পাৰিবনে ধনুষে? ৰাজনৈতিক সংগঠন গঢ়ি তোলা, জনসাধাৰণৰ বিশ্বাস অৰ্জন কৰা আৰু নিৰ্বাচনী যুঁজত সফলতা লাভ কৰাটো এক দীঘলীয়া প্ৰক্ৰিয়া। সেয়েহে, ‘ধনুষ বনাম থালাপতি’ৰ যুঁজ এতিয়াও এক সম্ভাৱনাহে। ধনুষে ৰাজনীতিত প্ৰৱেশৰ আনুষ্ঠানিক ঘোষণা কৰিলেহে এই চৰ্চাই বাস্তৱ ৰূপ ল’ব। তেতিয়ালৈকে তামিলনাডুৰ ৰাজনীতিত আন এগৰাকী তাৰকাৰ উত্থানৰ সম্ভাৱনাই চৰ্চা লাভ কৰি থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ নৰ্থ ব্লকত ক’লা ধোঁৱা; ৰাষ্ট্ৰপতি ভৱন আৰু পুৰণি সংসদ ভৱনৰ সমীপত আতংক

দিল্লীৰ নৰ্থ ব্লকত সোমবাৰে পুৱা ক’লা ধোঁৱা ওলোৱাক কেন্দ্ৰ...