গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় (এমএমচি) শীঘ্ৰেই মুকলি কৰা হ’ব। ১৬ নৱেম্বৰত চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰস্তুতি চলিছে। ইতিমধ্যে নিৰ্মাণকাৰী প্ৰতিষ্ঠান এল এণ্ড টিয়ে চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিছে।
চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি আৰু আনুষংগিক ব্যৱস্থাসমূহৰ বুজ ল’বলৈ স্বাস্থ্যমন্ত্ৰী অশোক সিংহল চিকিৎসালয়খনত উপস্থিত হোৱাৰ কথা।
উল্লেখ্য যে, চিকিৎসালয়খনৰ চৌহদতে চিকিৎসকসকলৰ বাবে আৱাসগৃহৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত চিকিৎসকসকলৰ আৱাসিক সুবিধা বৃদ্ধি পোৱাৰ লগতে চিকিৎসা সেৱা পৰিচালনাতো সহায়ক হ’ব বুলি আশা কৰা হৈছে।
আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ৰ পুনৰ নিৰ্মাণৰ পৰিকল্পনাৰ অংশ হিচাপে জিএমচিএইচৰ কেইবাটাও বিভাগ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ স্থানান্তৰ কৰা হ’ব।
স্থানান্তৰ হ’বলগীয়া বিভাগসমূহৰ ভিতৰত আছে ঔষধ বিভাগ, মনোৰোগ বিভাগ, অস্ত্ৰোপচাৰ বিভাগ, প্লাষ্টিক অস্ত্ৰোপচাৰ বিভাগ আৰু নাক-কাণ-ডিঙি বিভাগ।
মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় মুকলি হোৱাৰ পিছত এই বিভাগসমূহৰ চিকিৎসা সেৱা পৰিচালনাৰ ক্ষেত্ৰত নতুন ব্যৱস্থা গঢ়ি উঠিব। লগতে জিএমচিএইচৰ পুনৰ নিৰ্মাণকাৰ্য আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো ই সহায়ক হ’ব বুলি আশা কৰা হৈছে।
