যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ পৰা ধন বিচাৰিছিল ভুৱা চিকিৎসকে। পৰিয়ালক ৫ লাখ ২৫ হাজাৰ টকাৰ ভুৱা বিল দি টকা বিচাৰিছিল আহমেদ আলীয়ে। চিটি অৰ্থ’পেডিক নামৰ চিকিৎসালয়ৰ ICU ইনচাৰ্জ হিচাপে কৰ্মৰত আহমেদ আলী। টকা নিদিয়াৰ বাবে ২৪ ঘণ্টাৰো অধিক সময় ৰাখি থৈছিল মৃতদেহ। পৰিয়ালে ১ লাখ টকা দিয়াৰ পিছতো পুনৰ ৪ লাখ টকা বিচাৰিছিল আহমেদ আলীয়ে। বৈধ বিল নিদি পুনৰ ৪ লাখ টকাৰ হাতে লিখা বিল দিছিল মৃতকৰ পৰিয়ালক। ঘটনা পোহৰলৈ অহাৰ পাছতেই যোৰহাটত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শনিবাৰে ভুৱা চিকিৎসক আহমেদ আলীক গ্ৰেপ্তাৰ কৰে যোৰহাট আৰক্ষীয়ে।
পূৰ্বেও চাবুৱাত গ্ৰেপ্তাৰ হৈছিল এই একেজন ভুৱা চিকিৎসক। চাবুৱাত ডা: য়াকুব আলী আহমেদ নাম লৈ চাহ বাগানৰ চিকিৎসালয়ত কৰ্মৰত আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শ্ৰীভূমিত বিহু শিল্পীৰে মাৰপিটক লৈ উত্তাল অসম; দোষীক শাস্তিৰ দাবী

বৰাক উপত্যকাৰ শ্ৰীভূমিত প্ৰতিমা বিসৰ্জনক কেন্দ্ৰ কৰি বিহু শিল্পীৰ...

‘আপোনালোকৰ অট্টালিকাত বোমা আছে’ ! এদিনৰ ছুটী পাবলৈ ভুৱা ভাবুকিৰে ই-মেইল প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ

দিল্লীৰ এখন বিদ্যালয়ত এদিনৰ ছুটী লাভ কৰাৰ উদ্দেশ্যে এগৰাকী...

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...