বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া যুৱকে। ছুপাৰষ্টাৰ ৰজনীকান্তৰ অভিনীত ‘জেইলাৰ ২’ ছবিত ফাইটাৰ হিচাপে কাম কৰাৰ সুযোগ লাভ কৰি চৰ্চালৈ আহিছে বৰুন বৰুৱা, দিগন্ত পাংগিং আৰু বিকিৰণ ফুকন।
ছবিখনত কাম কৰাৰ অভিজ্ঞতাই তিনিওজন যুৱককে নতুন উৎসাহ প্ৰদান কৰিছে। বিশেষকৈ ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰি আনন্দিত যুৱককেইজন। ৰজনীকান্তৰ ব্যৱহাৰ আৰু ব্যক্তিত্বই তেওঁলোকক মুগ্ধ কৰা বুলিও জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৩,০০০ যুৱকৰ মাজত অনুষ্ঠিত অডিশ্যনৰ জৰিয়তে ‘জেইলাৰ ২’ ছবিত কাম কৰাৰ সুযোগ লাভ কৰিছিল শিৱসাগৰৰ যুৱককেইজনে। ফাইটাৰ হিচাপে ছবিখনত অংশগ্ৰহণ কৰি তেওঁলোকে নিজৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ লাভ কৰে।
কেৱল ‘জেইলাৰ ২’তেই নহয়, আগন্তুক সময়ত আন কেইবাখনো ডাঙৰ বাজেটৰ ছবিত ফাইটাৰ হিচাপে দেখা যাব এই তিনি অসমীয়া যুৱকক। তেওঁলোকৰ ভাষ্য অনুসৰি, প্ৰভাস অভিনীত ‘ফৌজী’ আৰু ‘স্পিৰিট’, এন টি আৰ অভিনীত ‘ড্ৰেগন’, ছলমান খান অভিনীত ‘গালৱান’ আৰু হৰ্ষবৰ্ধন অভিনীত ‘চিলা’ নামৰ ছবিতো তেওঁলোকে কাম কৰাৰ সুযোগ লাভ কৰিছে।
নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি যুৱককেইজনে কয় যে ইচ্ছাশক্তি, কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে যিকোনো লক্ষ্যত উপনীত হোৱা সম্ভৱ। সঠিক সুযোগৰ সদ্ব্যৱহাৰ কৰি অসমৰ যুৱক-যুৱতীসকলেও ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰতিষ্ঠা কৰিব পাৰে বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।
শিৱসাগৰৰ এই তিনি যুৱকে ‘জেইলাৰ ২’ ছবিত কাম কৰাৰ অভিজ্ঞতা কেমেৰাৰ সন্মুখত বৰ্ণনা কৰে। তেওঁলোকৰ এই যাত্ৰাই অসমৰ যুৱপ্ৰজন্মৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে অভিনয় আৰু একচন জগতত আগবাঢ়ি যাবলৈ আগ্ৰহী যুৱক-যুৱতীসকলকো অনুপ্ৰাণিত কৰিব বুলি আশা কৰা হৈছে।
