জুৰীয়াত আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহ চক্ৰৰ বিৰুদ্ধে এজাহাৰ; যুৱতীক ওমানলৈ সৰবৰাহ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ, উদ্ধাৰৰ নামত ধন দাবী

নগাঁও জিলাৰ জুৰীয়াত পুনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী সৰবৰাহ চক্ৰৰ সক্ৰিয়তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত জুৰীয়াৰ কছাৰীগাঁৱৰ ইমান আলী আৰু দলনিজুৰীয়াৰ ছাবিকুন নেহাৰৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে এগৰাকী ভুক্তভোগী যুৱতীৰ পৰিয়ালে।

পৰিয়ালৰ অভিযোগ অনুসৰি, নগাঁও জিলাৰ উত্তৰ অঞ্চলৰ সহজ-সৰল যুৱতীসকলক উন্নত জীৱন আৰু উজ্জ্বল ভৱিষ্যতৰ সপোন দেখুৱাই বিদেশলৈ সৰবৰাহ কৰা হয়। অভিযোগ অনুসৰি, অতি কম সময়ৰ ভিতৰতে পাছপ’ৰ্টৰ ব্যৱস্থা কৰি যুৱতীসকলক মুম্বাইৰ জৰিয়তে বিদেশলৈ পঠিওৱা হয় আৰু বিদেশী এজেণ্টৰ হাতত ২ লাখৰ পৰা ৫ লাখ টকাৰ বিনিময়ত গতাই দিয়া হয়।

শেহতীয়াকৈ কদমনি টাউন গাঁৱৰ নৰজুল হকৰ ২৪ বছৰীয়া কন্যা জাহাৰুন নেছাক লৈ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পৰিয়ালৰ দাবী অনুসৰি, ছাবিকুন নেহাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে যুৱতীগৰাকীৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল। তাৰ পাছত তেওঁক বিভিন্ন প্ৰলোভন দেখুৱাই পৰিয়ালৰ অজ্ঞাতে ওমানলৈ পঠিওৱা হয় বুলি অভিযোগ উত্থাপন হৈছে।

পৰিয়ালৰ অভিযোগ অনুসৰি, ওমানত উপস্থিত হোৱাৰ পাছত যুৱতীগৰাকীয়ে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে। যুৱতীগৰাকীক উদ্ধাৰ কৰি ঘৰলৈ ওভতাই অনাৰ বাবে সহায় বিচৰাত চক্ৰটোৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপিত ব্যক্তিসকলে ধন দাবী কৰা বুলিও পৰিয়ালে অভিযোগ কৰিছে।

এই ঘটনাক কেন্দ্ৰ কৰি ভুক্তভোগীৰ পৰিয়ালে ন্যায় বিচাৰি জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। অৱশ্যে, অভিযুক্তসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ সত্যতা এতিয়াও স্বাধীনভাৱে নিশ্চিত হোৱা নাই।

উল্লেখযোগ্য যে, এই চক্ৰটোৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বিভিন্ন আৰক্ষী থানাত একাধিক অভিযোগ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে। অৱশ্যে, পূৰ্বৰ গোচৰসমূহৰ তদন্ত আৰু আৰক্ষীৰ ব্যৱস্থা সম্পৰ্কে সবিশেষ তথ্য স্পষ্ট হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...