মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো বিমানঘাটিত প্ৰশিক্ষণ চলি থকাৰ সময়তে বায়ুসেনাৰ দুখন SF-260 বিমান দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত ৪জন পাইলটৰ মৃত্যু হয়।

বিবৃতিটোত কোৱা হৈছে যে ২০২৬ চনৰ ২৩ অক্টোবৰত বিয়লি ৩ বাজি ৫১ মিনিটত বিমানঘাটিৰ চৌহদৰ ভিতৰতে বিমান ২খন ভূপতিত হয়। ফিলিপাইনছৰ বায়ুসেনাই জনোৱা মতে, এই ঘটনাত আন কোনো লোক হতাহত হোৱা নাই।

দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰা হৈছে বুলি বায়ুসেনাই জানিবলৈ দিছে। সাৱধানতামূলক সুৰক্ষা ব্যৱস্থা হিচাপে সকলো SF-260 বিমানৰ উৰণ সাময়িকভাৱে বন্ধ ৰখা হৈছে।

বায়ুসেনাই লগতে জনাইছে যে নিহত ৪জন পাইলটৰ পৰিয়ালক প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰখা হৈছে। লগতে নিহত পাইলটকেইজনৰ সেৱা আৰু আত্মত্যাগৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে বায়ুসেনাই।

দুৰ্ঘটনাটোৰ বিষয়ে ফিলিপাইনছৰ বায়ুসেনাই ইয়াতকৈ অধিক তথ্য প্ৰকাশ কৰা নাই। অৱশ্যে, ঘটনাটোৰ বিষয়ে অৱগত ফিলিপাইনছৰ ২জন বিষয়াই সংবাদ সংস্থাক জনোৱা মতে, বিমান দুখনৰ আকাশমাৰ্গতে সংঘৰ্ষ হৈছিল।

এজন প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ২খন আসনযুক্ত বিমানৰ এখন সামৰিক বিমানঘাটিৰ জোৱানসকলৰ বেৰেকৰ ওচৰত ভূপতিত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...