হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ একত্ৰিত অঞ্চলত উদযাপন কৰা হৈছে বিশ্ব হলৌ দিৱস। বাৰেকুৰি পৰিৱেশ-পৰ্যটন উন্নয়ন সমিতি আৰু ‘Hoolock Gibbon Conservation Society, Tinsukia’ৰ যৌথ উদ্যোগত দুদিনীয়াকৈ এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
বিশ্ব হলৌ দিৱস উপলক্ষে মহিলাসকলৰ মাজত এখন সজাগতামূলক চাইকেল প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। এই প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰে মাকুম সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে।
বাৰেকুৰিক পৰ্যটনৰ ক্ষেত্ৰত অধিক আগুৱাই নিয়া, অঞ্চলটোক সেউজীয়া কৰি তোলা আৰু হলৌ বান্দৰৰ সংৰক্ষণৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।
উল্লেখ্য যে, বাৰেকুৰি গাঁও হলৌ বান্দৰৰ বাবে বিশেষভাৱে পৰিচিত। স্থানীয় লোকসকলৰ সৈতে হলৌ বান্দৰৰ এক বিশেষ সহাৱস্থানৰ সম্পৰ্কই অঞ্চলটোক এক সুকীয়া পৰিচয় প্ৰদান কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ‘মন কি বাত’ অনুষ্ঠানত বাৰেকুৰিৰ এই বিশেষ সম্পৰ্কৰ কথা উল্লেখ কৰিছিল।
বিশ্ব হলৌ দিৱসৰ জৰিয়তে হলৌ বান্দৰৰ সংৰক্ষণৰ লগতে বাৰেকুৰিৰ প্ৰাকৃতিক পৰিৱেশ আৰু পৰ্যটনৰ সম্ভাৱনাক অধিক বিকশিত কৰাৰ প্ৰয়াস কৰা হৈছে। এই পদক্ষেপে অঞ্চলটোৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ লগতে স্থানীয় ৰাইজৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে।
