লোকসেৱা ভৱনত বন বিভাগৰ অনলাইন ট্ৰান্সফাৰ প’ৰ্টেল মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, বন বিভাগত স্বচ্ছতা বৃদ্ধি আৰু প্ৰশাসনিক ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্য

লোকসেৱা ভৱনত বন বিভাগৰ অনলাইন ট্ৰান্সফাৰ প’ৰ্টেল মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বন বিভাগত স্বচ্ছতা বৃদ্ধি আৰু প্ৰশাসনিক ব্যৱস্থাৰ উন্নয়নৰ লক্ষ্যৰে কেইবাটাও নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই উপলক্ষে বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাইও বিভাগটোৰ সংস্কাৰ আৰু উন্নয়নৰ বিভিন্ন দিশৰ কথা উল্লেখ কৰে।

বদলিৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা অনুসৰি, বন্যপ্ৰাণী শাখাৰ বিভিন্ন শিতানত একেটা স্থানতে পাঁচ বছৰতকৈ অধিক সময় কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলক বদলিৰ সুবিধা প্ৰদান কৰা হ’ব। অৱশ্যে, ৫২ বছৰৰ ঊৰ্ধ্বৰ কোনো বনকৰ্মীক বন্যপ্ৰাণী শাখাৰ অধীনত ভিতৰুৱা অঞ্চললৈ বদলি কৰা নহ’ব। একেদৰে, পৰিয়ালৰ কোনো সদস্য দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থাকিলেও সংশ্লিষ্ট বনকৰ্মীক ভিতৰুৱা অঞ্চললৈ বদলি কৰা নহ’ব। আনহাতে, ফিক্সড পে’ কৰ্মচাৰীসকলক ১৫০ কিলোমিটাৰৰ ভিতৰত বদলি কৰা হ’ব। আজিৰে পৰা প্ৰথম পৰ্যায়ৰ বদলি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

বন বিভাগৰ কাম-কাজৰ স্বচ্ছতাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বিভাগটোৰ কেইজনমান কৰ্মীৰ কাৰ্যকলাপে সমগ্ৰ বিভাগটোৰ ভাবমূৰ্তিত নেতিবাচক প্ৰভাৱ পেলায়। এনে পৰিস্থিতিৰ পৰিৱৰ্তন ঘটাই বিভাগটোক অধিক স্বচ্ছ আৰু দায়বদ্ধ কৰি তোলাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।

ইফালে, ৰাজ্যত ডেৰ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বন বিভাগৰ ৰাজহ সংগ্ৰহ বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁৰ মতে, বিগত সময়ছোৱাত বন বিভাগে প্ৰায় ৭০০ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে আৰু এই পৰিমাণ অধিক বৃদ্ধি কৰাৰ প্ৰয়োজন আছে।

অবৈধ শিল-বালিৰ সৰবৰাহ বন্ধ কৰাৰ লক্ষ্যৰে নতুন বৈধ বালি আৰু শিলৰ মহল স্থাপনৰ বাবেও বন বিভাগক নিৰ্দেশ দিয়া হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে বৈধভাৱে শিল-বালি যোগানৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিলে অবৈধ সৰবৰাহ হ্ৰাস পাব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত প্ৰায় এক লাখ কোটি টকাৰ প্ৰকল্পৰ কাম আগন্তুক সময়ত ৰূপায়ণ হোৱাৰ সম্ভাৱনা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই প্ৰকল্পসমূহৰ বাবে বৃহৎ পৰিমাণৰ শিল-বালিৰ প্ৰয়োজন হ’ব। সেয়ে বৈধ উৎসৰ পৰা এই সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা শক্তিশালী কৰিব লাগিব।

বনাঞ্চলৰ বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ প্ৰশ্ন কৰে যে বন বিভাগৰ দৰে বৃহৎ এটা বিভাগ থকাৰ পাছতো প্ৰথমটো অবৈধ ঘৰ নিৰ্মাণ হোৱাৰ সময়তে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহয়। এশটা ঘৰ নিৰ্মাণ হোৱাৰ পাছত ব্যৱস্থা গ্ৰহণ কৰিলে বিভিন্ন জটিলতাৰ সৃষ্টি হয় বুলি উল্লেখ কৰি তেওঁ আৰম্ভণিৰ পৰাই বেদখল ৰোধ কৰাৰ পোষকতা কৰে।

ইয়াৰ লগতে, আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ অবিহনে বনকৰ্মীসকলৰ বাবে বেদখল আৰু গছ কটা ৰোধ কৰাটো কঠিন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। বন বিভাগৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁ উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...

অৰুণাচল প্ৰদেশৰ একাধিক স্থানত ভাৰত-চীনৰ সেনাৰ মুখামুখি সংঘৰ্ষ অব্যাহত, স্বীকাৰ ITBPৰ মুৰব্বীৰ

অৰুণাচল প্ৰদেশৰ একাধিক স্থানত ভাৰত আৰু চীনৰ সেনাৰ মাজত...

জিঅ’ প্লেটফৰ্মছৰ ৩০,২০০ কোটি টকাৰ IPO-ত বিনিয়োগকাৰীৰ ব্যাপক সঁহাৰি

ভাৰতৰ ধনকুবেৰ মুকেশ আম্বানীৰ জিঅ’ প্লেটফৰ্মছ লিমিটেডৰ ৩০,২০০ কোটি...