দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদৰ সময়ত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰি গ্ৰেপ্তাৰ হোৱা কক্ৰোচ জনতা পাৰ্টি (CJP)ৰ দুই মুখপাত্ৰ সৌৰভ দাস আৰু আশুতোষ ৰাংকাক মুকলি কৰি দিয়া হৈছে। ১৪ অক্টোবৰৰ পৰা ন্যায়িক জিম্মাত থকা দুয়োগৰাকী নেতাক বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ নিৰ্দেশত মুকলি কৰা হয়।
উল্লেখ্য যে, জন্তৰ-মন্তৰক নিৰ্ধাৰিত প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা আঁতৰোৱাৰ প্ৰতিবাদত ১৩ অক্টোবৰত তলা লগোৱা প্ৰৱেশদ্বাৰ পাৰ হৈ ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰিছিল দাস আৰু ৰাংকাই। ইয়াৰ পিছতে শান্তি-শৃংখলা বজাই ৰখাৰ বাবে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগত তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
মুকলি হোৱাৰ সময়ত সৌৰভ দাসে কয়, “সত্যৰ জয় হৈছে।” অৱশ্যে, গোচৰটোৰ তদন্ত অব্যাহত থাকিব আৰু পৰৱৰ্তী শুনানি শুকুৰবাৰে অনুষ্ঠিত হ’ব।
