‘আমি আৰু ঘনিষ্ঠ হ’ব বিচাৰোঁ’: কৌশলগত সম্পৰ্কৰ পৰ্যালোচনাৰ বাবে এছ জয়শংকৰক সাক্ষাৎ ইউএইৰ মন্ত্ৰী শ্বেইখ আব্দুল্লাৰ
পশ্চিম এছিয়াৰ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে শান্তি পুনৰুদ্ধাৰ আৰু বাণিজ্যৰ সুচল প্ৰবাহ নিশ্চিত কৰাৰ প্ৰচেষ্টাক সমৰ্থন জনাইছে ভাৰতে। মঙলবাৰে মুম্বাইত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ (UAE) সমকক্ষ শ্বেইখ আব্দুল্লা বিন জায়েদ আল নাহিয়ানৰ মাজত অনুষ্ঠিত বৈঠকত দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰা হয়।
সোমবাৰে মুম্বাইত উপস্থিত হোৱা শ্বেইখ আব্দুল্লাই কয় যে বাণিজ্যৰ পৰা আৰম্ভ কৰি দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কলৈকে বিভিন্ন ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰাৰ বাবে ইউএই আগ্ৰহী।
বৰ্তমান চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ পিছতে ইউএই ভাৰতৰ তৃতীয় বৃহত্তম বাণিজ্যিক অংশীদাৰ। দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰো অধিক।
বৈঠকৰ আৰম্ভণিতে জয়শংকৰে কয়, “উপসাগৰীয় অঞ্চলৰ পৰিস্থিতি এতিয়াও গভীৰ উদ্বেগৰ বিষয় হৈ আছে। আলোচনা আৰু কূটনীতিৰ জৰিয়তে পৰিস্থিতিৰ উন্নতি সাধন কৰাৰ সকলো প্ৰচেষ্টাক আমি একেলগে সমৰ্থন জনাই যাম।”
তেওঁ লগতে কয়, “বাণিজ্য, শক্তি আৰু সাৰৰ মুক্ত, নিৰাপদ তথা বাধাহীন সৰবৰাহ অব্যাহত ৰখাৰ ক্ষেত্ৰত আমি সমৰ্থন জনাই আহিছোঁ। ইউএইত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ কল্যাণ নিশ্চিত কৰাৰ বাবে আপোনাক আৰু আপোনাৰ জৰিয়তে ইউএইৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ।”
উল্লেখ্য যে ইউএইত প্ৰায় ৪৫ লাখ ভাৰতীয় লোকে বাস কৰে।
জয়শংকৰে কয় যে বিশ্বজুৰি প্ৰত্যাহ্বান আৰু আঞ্চলিক পৰিস্থিতিৰ অনিশ্চয়তা সত্ত্বেও ভাৰত-ইউএইৰ অৰ্থনৈতিক অংশীদাৰিত্বই নতুন নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। ২০২২ চনত দুয়োখন দেশে স্বাক্ষৰ কৰা বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি (CEPA)ৰ পিছৰে পৰা দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১০০ বিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰিছে।
দুয়োখন দেশৰ মাজত পাৰস্পৰিক বিনিয়োগো বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে দুয়োখন দেশৰ অৰ্থনীতিৰ প্ৰতি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ আস্থা প্ৰতিফলিত হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা, শক্তি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাই কৌশলগত ৰূপ লাভ কৰিছে বুলিও জয়শংকৰে কয়।
পশ্চিম এছিয়াৰ সংঘাতৰ ফলত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ইউএইৰ কেইবাগৰাকীও শীৰ্ষ নেতাই ভাৰত ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত শ্বেইখ আব্দুল্লাৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।
ইউএইৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্বেইখ আব্দুল্লাই কয় যে ভাৰতৰ অন্যতম বৃহৎ বাণিজ্যিক অংশীদাৰ হ’ব পৰাটো ইউএইৰ বাবে সন্মানৰ বিষয়। দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অধিক ঘনিষ্ঠ, শক্তিশালী আৰু বহুমুখী কৰি তোলাটো ইউএইৰ নেতৃত্বৰ লক্ষ্য বুলিও তেওঁ প্ৰকাশ কৰে।
“আমি ইতিমধ্যে অতি ঘনিষ্ঠ, কিন্তু আমি আৰু অধিক ঘনিষ্ঠ হ’ব বিচাৰোঁ,” বুলি মন্তব্য কৰে শ্বেইখ আব্দুল্লাই।
তেওঁ লগতে কয় যে জনসাধাৰণৰ মাজৰ সম্পৰ্ক, সংস্কৃতি আৰু শিক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতা অধিক সম্প্ৰসাৰিত কৰিব বিচাৰে ইউএইয়ে।
পৰৱৰ্তী সময়ত সামাজিক মাধ্যমযোগে জয়শংকৰে শ্বেইখ আব্দুল্লাৰ সৈতে অনুষ্ঠিত বৈঠকখনক ফলপ্ৰসূ বুলি অভিহিত কৰে। দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ বিস্তৃত পৰ্যালোচনা কৰা বুলিও তেওঁ উল্লেখ কৰে।
জয়শংকৰে কয়, “বাণিজ্য, বিনিয়োগ, শক্তি, প্ৰযুক্তি, লজিষ্টিকছ, প্ৰতিৰক্ষা, শিক্ষা আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত আমাৰ সহযোগিতাৰ ব্যাপকতা আৰু উচ্চাকাংক্ষা স্পষ্টভাৱে প্ৰতিফলিত হৈছে।”
উল্লেখযোগ্য যে চলিত বৰ্ষত ভাৰত আৰু ইউএইৰ মাজত কেইবাটাও উচ্চপৰ্যায়ৰ বৈঠক আৰু ভ্ৰমণ অনুষ্ঠিত হৈছে। জানুৱাৰী মাহত ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদে ভাৰত ভ্ৰমণ কৰিছিল। ফেব্ৰুৱাৰী মাহত এআই ইমপেক্ট সন্মিলন আৰু ছেপ্টেম্বৰ মাহত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ খালিদে ইউএইৰ প্ৰতিনিধি দলৰ নেতৃত্ব দিছিল। আনহাতে, মে’ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএই ভ্ৰমণ কৰিছিল।
দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, প্ৰযুক্তি আৰু সাংস্কৃতিক সহযোগিতা অধিক সম্প্ৰসাৰিত কৰাৰ লগতে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক শান্তি আৰু স্থিৰতা বজাই ৰখাৰ ক্ষেত্ৰতো ভাৰত-ইউএইৰ সহযোগিতা গুৰুত্বপূৰ্ণ হৈ উঠিছে।
