পৱিত্ৰ দুৰ্গোৎসৱ উপলক্ষে দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ সময়ত জনসাধাৰণৰ সুৰক্ষা আৰু সুচল যাতায়ত নিশ্চিত কৰাৰ লক্ষ্যৰে গুৱাহাটীত বিশেষ যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যান-বাহন আৰক্ষীয়ে। ২১ আৰু ২২ অক্টোবৰত পুৱা ১০ বজাৰ পৰা প্ৰতিমা বিসৰ্জন সম্পূৰ্ণ নোহোৱালৈকে এই নিৰ্দেশনাসমূহ বলৱৎ থাকিব।
উপ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ যান-বাহন শাখাই জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি, প্ৰতিমা বিসৰ্জনৰ সময়ত বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনৰ বাবে পৃথক পথ নিৰ্ধাৰণ কৰাৰ লগতে সাধাৰণ যান-বাহনৰ চলাচলতো কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিশেষকৈ কাচমাৰী আই ডব্লিউ টি ঘাট আৰু নাচতি ঘাট অভিমুখী পথসমূহত এই নিয়ন্ত্ৰণ কাৰ্যকৰী হ’ব।
অঞ্চলভেদে প্ৰতিমা কঢ়িওৱা বাহনৰ বাবে নিৰ্ধাৰিত পথ
চান্দমাৰীৰ ফালৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহে মহাৰাজ পদ্ম কুমাৰ সেতুৰ তলেদি আহি জিলা পুথিভঁৰাল পইণ্ট, কে এল বি ৰোড আৰু হেদায়েতপুৰ পইণ্ট হৈ এম জি ৰোডেৰে নাচতি ঘাটত উপস্থিত হ’ব লাগিব।
আনহাতে, টকৌবাৰী, পল্টনবজাৰ, উলুবাৰী, বিৰুবাৰী, ৰিহাবাৰী, ছাত্ৰীবাৰী আৰু বিষ্ণুপুৰৰ লগতে এ টি ৰোডৰ দিশৰ পৰা অহা বাহনসমূহে আৰ্য্যনগৰ, এ কে আজাদ ৰোড, নেপালী মন্দিৰ, পল্টনি বজাৰ, বিফাল পইণ্ট, পল্টনবজাৰ ৰে’লৱে আণ্ডাৰব্ৰীজ, পানবজাৰ ৰে’লৱে অভাৰব্ৰীজ আৰু পানীবজাৰ থানা পইণ্ট হৈ এম জি ৰোডেৰে ঘাটলৈ যাব লাগিব।
কুমাৰপাৰা আৰু ফাঁচীবজাৰ অঞ্চলৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহৰ বাবে বিষ্ণুপুৰ ৰোড, চতিপুৰ, আৰ্য্যনগৰ, এ কে আজাদ ৰোড, নেপালী মন্দিৰ, পল্টনি বজাৰ, বিফাল পইণ্ট, পল্টনবজাৰ ৰে’লৱে আণ্ডাৰব্ৰীজ আৰু পানীবজাৰ থানা পইণ্ট হৈ যোৱাৰ পথ নিৰ্ধাৰণ কৰা হৈছে।
ভৰলুমুখ আৰু ফাঁচীবজাৰ অঞ্চলৰ পৰা অহা বাহনসমূহে ৰায়বাহাদুৰ ৰোড, কমাৰ্চ কলেজ পইণ্ট আৰু মহাৰাজ পদ্ম কুমাৰ সেতু হৈ জিলা পুথিভঁৰাল পইণ্ট, কে এল বি ৰোড আৰু হেদায়েতপুৰ পইণ্টৰ মাজেৰে এম জি ৰোডত প্ৰৱেশ কৰিব লাগিব।
গণেশগুৰী, ক্ৰীষ্টিয়ানবস্তি, দিশপুৰ আৰু কঁহিলীপাৰাৰ পৰা অহা প্ৰতিমা কঢ়িওৱা বাহনসমূহে আৰ জি বৰুৱা ৰোড (জু ৰোড), শ্ৰদ্ধাঞ্জলি উৰণ সেতু, মহাৰাজ পদ্ম কুমাৰ সেতু, জিলা পুথিভঁৰাল পইণ্ট, কে এল বি ৰোড আৰু হেদায়েতপুৰ পইণ্ট হৈ ঘাটলৈ যাব পাৰিব। একেদৰে, খানাপাৰাৰ পৰা অহা বাহনসমূহে জি এছ ৰোড, ভঙাগড় পইণ্ট, উলুবাৰী পইণ্ট, এ টি ৰোড, পানবজাৰ ৰে’লৱে অভাৰব্ৰীজ আৰু পানীবজাৰ থানা পইণ্ট হৈ এম জি ৰোডেৰে যাত্ৰা কৰিব লাগিব।

কেইবাটাও পথত নিষেধাজ্ঞা
যান-বাহন আৰক্ষীৰ নিৰ্দেশনা অনুসৰি, উলুবাৰীৰ পৰা বি আৰ বৰুৱা ৰোডেৰে কোনো প্ৰতিমা কঢ়িওৱা বাহন চলাচল কৰিবলৈ দিয়া নহ’ব। মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ ফালৰ পৰা এম জি ৰোডেৰে নাচতি ঘাট অভিমুখে কেৱল প্ৰতিমা কঢ়িওৱা বাহনকহে যোৱাৰ অনুমতি দিয়া হ’ব। এই বাহনসমূহে সোঁফালৰ লেনেৰে ঘাটলৈ যাব লাগিব।
নাচতি ঘাটত প্ৰতিমা বিসৰ্জন সম্পূৰ্ণ হোৱাৰ পিছত বাহনসমূহে এম জি ৰোডেৰে দয়া চি ভি ৰোড অথবা এ টি ৰোডৰ দিশে ওলাই যাব লাগিব। বিসৰ্জনৰ বাবে বাহনসমূহক নিৰ্ধাৰিত ক্ৰম অনুসৰি ঘাটলৈ প্ৰেৰণ কৰা হ’ব।
ইফালে, মালিগাঁও আৰু জালুকবাৰীৰ ফালৰ পৰা কোনো প্ৰতিমা কঢ়িওৱা বাহনক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
সাধাৰণ যান-বাহনৰ বাবেও ডাইভাৰচন
প্ৰতিমা বিসৰ্জনৰ সময়ত সৃষ্টি হ’ব পৰা যান-জঁট নিয়ন্ত্ৰণৰ বাবে সাধাৰণ বাহনৰ চলাচলতো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নুনমাটিৰ ফালৰ পৰা মহাৰাজ পদ্ম কুমাৰ সেতুৰে অহা বাহনসমূহক উৰণ সেতুৰ ওপৰত দিশ সলনি কৰি দিয়া হ’ব। চান্দমাৰীৰ ফালৰ পৰা সেতুৰ তলেদি তালুকদাৰীৰ দিশে যোৱা বাহনসমূহক বি চি পইণ্টৰ পৰা উলুবাৰী-ছাত্ৰীবাৰীৰ দিশে ঘূৰাই দিয়া হ’ব।
তালুকদাৰী আৰু ভৰলুমুখৰ ফালৰ পৰা চান্দমাৰী তথা দিশপুৰ অভিমুখে যোৱা বাহনসমূহৰ চলাচল মাছখোৱা অভাৰী পইণ্টত নিয়ন্ত্ৰণ কৰা হ’ব। এই বাহনসমূহক বি আৰ চি ৰোড অথবা এ টি ৰোডৰ দিশে ঘূৰাই দিয়া হ’ব।
আনহাতে, উজান বজাৰ, খাৰঘুলি আৰু নুনমাটিৰ ফালৰ পৰা অহা বাহনসমূহক ৰেডিঅ’ ষ্টেচন পইণ্টত নিয়ন্ত্ৰণ কৰি লেম্ব ৰোড, চি এম বি ৰোড আৰু টি চি পইণ্টৰ পথেৰে বিকল্প দিশলৈ ঘূৰাই দিয়া হ’ব।
বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনলৈ যাতায়তৰ পৰামৰ্শ
যান-জঁটৰ পৰা হাত সাৰিবলৈ জনসাধাৰণক এম জি ৰোড, জি এন বি ৰোড, বি চি ৰোড আৰু বিশেষকৈ টি চি পইণ্টৰ পৰা উৰণ সেতুৰ তলৰ অংশলৈ যোৱা পথসমূহ যথাসম্ভৱ এৰাই চলিবলৈ পৰামৰ্শ দিয়া হৈছে।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু পল্টনবজাৰ ৰে’লৱে ষ্টেচনলৈ যাত্ৰা কৰা লোকসকলক বিকল্প হিচাপে এন এইচ-৩৭ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
ইয়াৰ উপৰি, চি ভি ৰোডত এম জি ৰোডৰ পৰা কোনো প্ৰতিমা কঢ়িওৱা বাহনক বিপৰীত দিশে চলাচল কৰিবলৈ দিয়া নহ’ব। নিৰ্দেশনা উলংঘা কৰা বাহনসমূহক নিৰ্ধাৰিত স্থানত ৰখাই বিকল্প পথেৰে ঘূৰাই দিয়া হ’ব।
অৱশ্যে, জৰুৰীকালীন সেৱাৰ বাহন আৰু ধৰ্মীয় বাদ্যযন্ত্ৰ কঢ়িওৱা বাহনৰ ক্ষেত্ৰত এই নিষেধাজ্ঞাসমূহ প্ৰযোজ্য নহ’ব।
দুৰ্গোৎসৱৰ সময়ছোৱাত যান-বাহন আৰক্ষীৰ নিৰ্দেশনা মানি চলি নিৰাপদ আৰু সুচল যাতায়ত নিশ্চিত কৰিবলৈ সকলোকে আহ্বান জনোৱা হৈছে।
