মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত কমেও ২৮টা ঘৰ জ্বলাই দিয়াৰ ঘটনা সংঘটিত হৈছে। সন্দেহযুক্ত উগ্ৰপন্থীয়ে নগা আৰু কুকি—উভয় সম্প্ৰদায়ৰ বসতিস্থলত আক্ৰমণ চলোৱাৰ ফলত অঞ্চলটোত পুনৰ উত্তেজনাই বিৰাজ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, আতংকিত বাসিন্দাসকলে নিজৰ ঘৰ এৰি ওচৰৰ বনাঞ্চল আৰু সেনা শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে।
দেওবাৰে ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী পিলং আৰু স্কাইপে গাঁৱত অচিনাক্ত দুৰ্বৃত্তই নগা সম্প্ৰদায়ৰ লোকৰ কমেও ১৩টা পৰিত্যক্ত ঘৰত অগ্নিসংযোগ কৰে। পূৰ্বতে নগা গাঁৱসমূহত সংঘটিত আক্ৰমণৰ পিছতে এই ঘৰসমূহ পৰিত্যক্ত হৈ আছিল।
এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ইফালে, শনিবাৰে নিশা কামজং জিলাৰ চাছাদ গাঁৱত কুকি সম্প্ৰদায়ৰ লোকৰ কমেও ১৫টা ঘৰ জ্বলাই দিয়া হয়। বিষয়াসকলৰ মতে, সন্দেহযুক্ত উগ্ৰপন্থীয়ে গাঁওখনত আক্ৰমণ চলাই ঘৰসমূহত জুই লগাই দিয়ে। ইয়াৰ ফলত বহু বাসিন্দাই ঘৰ এৰি বনাঞ্চল আৰু ওচৰৰ সেনা শিবিৰত আশ্ৰয় লয়।
উল্লেখযোগ্য যে, ইয়াৰ কেইঘণ্টামান পূৰ্বে গাঁওখনত হোৱা আন এক আক্ৰমণত এজন কুকি লোক নিহত হোৱাৰ লগতে আন চাৰিজন গুলীবিদ্ধ হৈ আহত হৈছিল।
পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ অসম ৰাইফলছ, সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু কামজং আৰক্ষীৰ এটা যুটীয়া নিৰাপত্তা বাহিনী আক্ৰান্ত অঞ্চলটোত মোতায়েন কৰা হৈছে বুলি আৰক্ষীয়ে বিবৃতিযোগে জনায়।
মণিপুৰৰ উপ-মুখ্যমন্ত্ৰী নেমচা কিপগেনে চাছাদ গাঁৱৰ হিংসাত্মক ঘটনাক গৰিহণা দিয়াৰ লগতে নিহত কুকি লোকজনৰ মৃত্যুত শোক প্ৰকাশ কৰে। আহত গাঁওৰ নেতাসকল আৰু গৃহহীন পৰিয়ালসমূহৰ পৰিস্থিতিক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে। ঘৰ জ্বলাই দিয়াৰ ঘটনাক তেওঁ কোনো কাৰণতে সহ্য কৰিব নোৱাৰা অপৰাধ বুলি অভিহিত কৰে।
কিপগেনে লগতে কয় যে তেওঁ জিলা প্ৰশাসন, ৰাজ্যিক আৰক্ষী আৰু নিৰাপত্তা বাহিনীক দিনে-নিশাই সতৰ্কতা বজাই ৰখা, সাধাৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰা তথা ঘটনাৰ সৈতে জড়িত লোকসকলক আইনৰ আওতালৈ অনাৰ নিৰ্দেশ দিছে।
আনহাতে, শনিবাৰে নিশা কামজং জিলাৰ সদৰ অঞ্চলত সংঘটিত আন এক ঘটনাত এটা পৃথক সম্প্ৰদায়ৰ প্ৰতিদ্বন্দ্বী সশস্ত্ৰ গোটৰ আক্ৰমণত টাংখুল নগা সম্প্ৰদায়ৰ তিনিজন সাধাৰণ নাগৰিক গুলীবিদ্ধ হয়।
উল্লেখযোগ্য যে, ফেব্ৰুৱাৰী মাহৰ পৰা মণিপুৰৰ তামেংলং, কামজং, উখৰুল, কাংপোকপি আৰু ননী জিলাত নগা আৰু কুকি সম্প্ৰদায়ৰ মাজত চলি অহা জাতিগত সংঘৰ্ষত ৫০জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। এই সংঘৰ্ষৰ সময়ছোৱাত বহু ঘৰ জ্বলাই দিয়াৰ ঘটনাও সংঘটিত হৈছে। চলিত হিংসাত্মক ঘটনাসমূহে মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ নিৰাপত্তাক লৈ পুনৰ উদ্বেগ বৃদ্ধি কৰিছে।
