প্ৰসংগঃ টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টা; পোহৰলৈ আহিল গুলীচালনাত জড়িত ২ দুৰ্বৃত্তৰ প্ৰথমখন ছবি

মুম্বাইত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তৰ প্ৰথম ছবি পোহৰলৈ অহাৰ পিছতে মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে।

মুম্বাইৰ জুহুত এখন ফুটবল খেলপথাৰৰ পৰা অভিনেতাজন ওলাই অহাৰ সময়তে তেওঁৰ বাহন লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰিছিল। পোহৰলৈ অহা ভিডিঅ’সমূহত অভিনেতাজনৰ বাহনখনৰ অতি ওচৰৰ পৰা গুলীচালনা কৰা দৃশ্য দেখা গৈছে। আন এটা ভিডিঅ’ত গুলীচালনাৰ পিছতে টাইগাৰ শ্ৰফে নিজৰ বিএমডব্লিউ বাহনখন চলাই গুলীত আহত হোৱা চালকজনক চিকিৎসাৰ বাবে নানাৱতী হাস্পতাললৈ লৈ যোৱা দেখা গৈছে।

এই ঘটনাৰ পিছতে জুহু আৰক্ষীয়ে তিনিজন অচিনাক্ত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ ১০৯(১) আৰু ৩(৫) ধাৰাৰ লগতে অস্ত্ৰ আইনৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়েও অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে গুলীচালনাৰ পিছত অভিযুক্তই এখন পালছাৰ বাইকেৰে জুহুৰ পৰা আন্ধেৰীলৈ পলায়ন কৰিছিল। আৰক্ষীয়ে বাইকখন জব্দ কৰি ডি এন নগৰ আৰক্ষী থানাত ৰাখিছে। বাহনখনৰ নম্বৰ প্লেট আৰু চেছিছ নম্বৰ পৰীক্ষা কৰি জানিব পৰা গৈছে যে বাইকখনৰ মালিকানা পূৰ্বতে তিনিবাৰ সলনি হৈছিল। অভিযুক্তই বাইকখন তৃতীয়গৰাকী মালিকৰ পৰা ক্ৰয় কৰিছিল বুলি প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে।

ইফালে, গুলীচালনাৰ পিছত অভিযুক্ত দুজনে আন্ধেৰী ৰে’ল ষ্টেচনৰ পৰা ৰে’লেৰে পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে। তেওঁলোকৰ গতিবিধি নিশ্চিত কৰিবলৈ আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে। লগতে মুম্বাইৰ পৰা আন ৰাজ্যলৈ যোৱা ৰে’ল আৰু চৰকাৰী-বেচৰকাৰী বাছসমূহতো তালাচী অভিযান চলোৱা হৈছে।

বৰ্তমানলৈকে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে কোনো নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই। ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে মুম্বাই আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণৰ নতুন প্ৰতিৰক্ষা মন্ত্ৰী মেহৰদাদ আখলাঘীৰ হুংকাৰ! আমেৰিকাক দিলে সকীয়নি, আক্ৰমণ কৰিলে হ’ব ‘বিপুল ক্ষতি’

আমেৰিকা-ইজৰাইলৰ আক্ৰমণত পূৰ্বৰ প্ৰতিৰক্ষা মন্ত্ৰী নিহত হোৱাৰ পিছত দায়িত্ব...

ৰায়পুৰত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়; দ্বিতীয়খন T20ত জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত ভাৰতৰ

মহিলা ক্ৰিকেটত ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট...

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...