জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ ২০২৬। পূৰ্বৰ সংস্কৰণত সৰ্বাধিক পদক লাভ কৰাৰ অভিলেখ গঢ়া ভাৰতে এইবাৰো উন্নত প্ৰদৰ্শন আগবঢ়োৱাৰ লক্ষ্য লৈছে। প্ৰতিযোগিতাখনৰ পঞ্চম সংস্কৰণত এছিয়াৰ ৪৫টা ৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটীৰ প্ৰায় ৩,০০০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ২৪ অক্টোবৰলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত ১৮টা ক্ৰীড়া শাখাত খেল অনুষ্ঠিত হ’ব।

নাগোয়াৰ পালোমা মিজুহো ষ্টেডিয়ামত আজি অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। ‘WABI: We Are Beautiful Individuals’ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠান ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাত আৰম্ভ হোৱাৰ কথা।

উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই কেইবাটাও ক্ৰীড়া শাখাৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ কথা। ইয়াৰ ভিতৰত আছে ব্লাইণ্ড ফুটবল, পেৰা বেডমিণ্টন, পেৰা টেবুল টেনিছ আৰু বচিয়া।

উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকাবাহক হিচাপে নেতৃত্ব দিব পেৰা বেডমিণ্টন খেলুৱৈ প্ৰমোদ ভগত আৰু দৌৰবিদ ছিমৰণ শৰ্মাই। কাইলৈ অনুষ্ঠিত হ’বলগীয়া কোৱাৰ্টাৰ ফাইনেল মেচৰ পূৰ্বে পৰ্যাপ্ত জিৰণি দিয়াৰ উদ্দেশ্যে পেৰা টেবুল টেনিছ খেলুৱৈ ভৱিনা পেটেলৰ সলনি ছিমৰণ শৰ্মাক পতাকাবাহকৰ দায়িত্ব দিয়া হৈছে।

এইবাৰৰ এছিয়ান পেৰা গেমছত ভাৰতে ২৮১জনীয়া দল প্ৰেৰণ কৰিছে। ইয়াৰে ১৬৮গৰাকী খেলুৱৈ আৰু ১১৩গৰাকী বিষয়া তথা সহায়ক কৰ্মী। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ ভিতৰত ১১২গৰাকী পুৰুষ আৰু ৫৬গৰাকী মহিলা। তেওঁলোকে ১১টা ক্ৰীড়া শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিব।

ভাৰতীয় দলত আছে কেইবাগৰাকীও আগশাৰীৰ পেৰা খেলুৱৈ। ইয়াৰ ভিতৰত জেভেলিন থ্ৰ’ৱাৰ সুমিত অন্তিল, পেৰা বেডমিণ্টন খেলুৱৈ প্ৰমোদ ভগত, পেৰা শ্বুটাৰ অৱনী লেখাৰা, পেৰা আৰ্চাৰ শীতল দেৱী, দৌৰবিদ ছিমৰণ শৰ্মা আৰু পেৰা টেবুল টেনিছ খেলুৱৈ ভৱিনা পেটেল অন্যতম।

উল্লেখ্য যে, ২০২৩ চনত চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে অভিলেখসংখ্যক ১১১টা পদক লাভ কৰিছিল। ইয়াৰ ভিতৰত আছিল ২৯টা সোণ, ৩১টা ৰূপ আৰু ৫১টা ব্ৰঞ্জৰ পদক। এই সাফল্যৰে পদক তালিকাৰ সামগ্ৰিক স্থানত পঞ্চম স্থান দখল কৰিছিল ভাৰতে।

ইয়াৰ পূৰ্বে ২০১৮ চনত জাকাৰ্টাত অনুষ্ঠিত প্ৰতিযোগিতাত ভাৰতে ৭২টা পদক লাভ কৰিছিল। ২০২৩ চনৰ ১১১টা পদকৰ সাফল্যই ভাৰতৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছিল।

এইবাৰো পূৰ্বৰ সফলতা অতিক্ৰম কৰাৰ লক্ষ্যৰে এছিয়াৰ বিভিন্ন দেশৰ শ্ৰেষ্ঠ প্ৰতিবন্ধী খেলুৱৈসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিব ভাৰতীয় পেৰা খেলুৱৈসকল। দেশবাসীৰ আশা, তেওঁলোকৰ উন্নত প্ৰদৰ্শনেৰে পুনৰ পদক তালিকাত উজলি উঠিব ভাৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...