‘দৃশ্যম’ চাই শিকিলে অপৰাধৰ কৌশল! সোণৰ চেইন, বাইকৰ লোভত সহপাঠীক হত্যাৰ অভিযোগ দুই কিশোৰৰ বিৰুদ্ধে

মহাৰাষ্ট্ৰৰ থানে জিলাত জন্মদিনৰ পাৰ্টি আৰু এখন মটৰ চাইকেল কিনাৰ পৰিকল্পনাই কাল হ’ল এগৰাকী ১৭ বছৰীয়া কিশোৰৰ বাবে। সোণৰ চেইন কাঢ়ি নিয়াৰ উদ্দেশ্যে নিজৰ সহপাঠীক হত্যা কৰাৰ অভিযোগ উঠিছে দ্বাদশ শ্ৰেণীত অধ্যয়নৰত দুই কিশোৰৰ বিৰুদ্ধে। হত্যাৰ পিছত মৃতদেহ জ্বলাই দিয়াৰ লগতে অপৰাধৰ প্ৰমাণ নষ্ট কৰিবলৈও চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি, থানেৰ আজাদ নগৰৰ বাসিন্দা অভিযুক্ত দুই কিশোৰে ১৭ বছৰীয়া সহপাঠীজনৰ প্ৰায় ৭ গ্ৰাম ওজনৰ সোণৰ চেইনডাল কাঢ়ি নিয়াৰ পৰিকল্পনা কৰিছিল। চেইনডালৰ মূল্য প্ৰায় ১ লাখ টকা বুলি জানিব পৰা গৈছে। চেইনডাল বিক্ৰী কৰি এজন বন্ধুৰ জন্মদিনৰ পাৰ্টিৰ খৰচ বহন কৰাৰ লগতে এখন মটৰ চাইকেল কিনাৰ পৰিকল্পনা কৰিছিল অভিযুক্ত দুজনে।

ঘটনাৰ তদন্তৰ পিছত কাছাৰভাদাৱলী আৰক্ষীয়ে দুয়োগৰাকী নাবালক অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ১০৩(১) নং ধাৰা (হত্যা) আৰু ২৩৮ নং ধাৰা (প্ৰমাণ নষ্ট কৰা)ৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰায় ৭ বজাত কিশোৰজন ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তাৰ পিছত তেওঁ ঘৰলৈ উভতি নহাত পিছদিনা তেওঁৰ পিতৃয়ে আৰক্ষীৰ কাষ চাপে। ইয়াৰ পিছতে আৰক্ষীয়ে অপহৰণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত অভিযুক্তসকলৰ মাজৰ এজনে আৰক্ষী আৰু কিশোৰজনৰ পৰিয়ালক জনাইছিল যে ব্ৰহ্মাণ্ড চাৰ্কলৰ বিপৰীত দিশৰ এটা পথত তেওঁ কিশোৰজনক এগৰাকী অচিনাক্ত যুৱকৰ সৈতে বগা ৰঙৰ এক্টিভা স্কুটীত উঠি যোৱা দেখিছিল।

আৰক্ষীৰ মতে, সন্দেহৰ পৰা হাত সাৰিবলৈ অভিযুক্তজনে দুখ প্ৰকাশ কৰাৰ অভিনয়ো কৰিছিল।

কিশোৰজনৰ সন্ধানত আৰক্ষীয়ে প্ৰায় ৮০ৰ পৰা ৯০টা চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰে। কিন্তু প্ৰথম অৱস্থাত সন্ধানহীন কিশোৰজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

তদন্ত আগবঢ়াৰ লগে লগে আৰক্ষীৰ সন্দেহৰ আঙুলি দুই কিশোৰৰ ফালে যায়। তেওঁলোকে ঘটনাটোৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই ৰখা বুলি আৰক্ষীৰ সন্দেহ হয়।

ইয়াৰ পিছত আৰক্ষীয়ে অভিযুক্তসকলৰ ম’বাইল ফোনৰ তথ্য বিশ্লেষণ কৰে আৰু পুনৰ জেৰা চলায়।

বৃহস্পতিবাৰে পুনৰ জেৰা চলোৱাৰ সময়ত অভিযুক্তসকলৰ মাজৰ এজনে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে মৃতদেহ পেলাই থোৱা স্থানৰ সন্ধান লাভ কৰে।

আৰক্ষীৰ মতে, অভিযুক্ত দুজনে শেহতীয়াকৈ অজয় দেৱগনৰ অভিনীত ছাচপেন্সধৰ্মী ছবি ‘দৃশ্যম ৩’ চাইছিল। অভিযোগ অনুসৰি, ছবিখনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে অপৰাধৰ পৰিকল্পনা কৰিছিল আৰু আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল।

ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে হত্যাকাণ্ডৰ সৈতে জড়িত সকলো দিশৰ তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজস্থানত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা, কমেও ৮জনৰ মৃত্যু, আহত ৯ জন

ৰাজস্থানৰ কোটাত শনিবাৰে পুৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ...