উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ ইণ্ডিয়া গে’টত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে বৃহস্পতিবাৰে পুৱতি নিশা মৃত যুৱতীগৰাকীৰ পিতৃ-মাতৃসহ বিৰোধী দলৰ কেইবাগৰাকীও নেতাক আটক কৰে দিল্লী আৰক্ষীয়ে। এই আৰক্ষীৰ পদক্ষেপক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাসকলে। প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৪ বজাত প্ৰতিবাদকাৰীসকলক আটক কৰা হয় আৰু পুৱা প্ৰায় ৫ বজাত তেওঁলোকক মুকলি কৰি দিয়া হয়।

উল্লেখ্য যে, অংকিতা হত্যাকাণ্ডৰ ঘটনাৰে নাম সোঙোৰ খোৱা দুশ্যন্ত কুমাৰ গৌতমক ছিকিমৰ নতুনকৈ ৰাজ্যপাল হিচাপে নিযুক্ত দিয়া হৈছে। ইফালে ৪ বছৰ অতিক্ৰম কৰাৰ পাছতো অংকিতাই কোনো ধৰণৰ ন্যায় নাপালে।

কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাতে, পৱন খেৰা আৰু কাজী নিজামুদ্দিনে আৰক্ষীৰ এই পদক্ষেপৰ সমালোচনা কৰি অভিযোগ কৰে যে অংকিতা ভাণ্ডাৰীৰ বাবে ন্যায় বিচৰা লোকসকলক লক্ষ্য কৰি লোৱা হৈছে। লগতে ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰা বিজেপি নেতা দুশ্যন্ত কুমাৰ গৌতমক লৈও প্ৰশ্ন উত্থাপন কৰে নেতাকেইগৰাকীয়ে।

এগৰাকী প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে, “আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীসকলক আটক কৰিছে। সাংসদসকলক আটক কৰাৰ সময়ত তেওঁলোকৰ সৈতে যি ধৰণৰ দুৰ্ব্যৱহাৰ কৰা হৈছে, সেয়া অত্যন্ত লজ্জাজনক। চৰকাৰে বুজা উচিত যে অংকিতা ভাণ্ডাৰীৰ পিতৃ-মাতৃৰ চকুপানীৰ পৰিণাম ভুগিব লাগিব।”

কংগ্ৰেছ সাংসদ পৱন খেৰাই আৰক্ষীৰ পদক্ষেপক গণতান্ত্ৰিক অধিকাৰৰ অৱক্ষয়ৰ প্ৰতিফলন বুলি অভিহিত কৰে। তেওঁ কয়, “এয়া নিৰ্মমতা। ইণ্ডিয়া গে’টত গণতন্ত্ৰৰ অৱসান ঘটাৰ দৃশ্য আপোনালোকে দেখিছে। পুৱা ৪ বজাতে গণতন্ত্ৰৰ অৱসান ঘটিছে।”

ছিকিমৰ নতুনকৈ নিযুক্ত ৰাজ্যপাল দুশ্যন্ত কুমাৰ গৌতমক লক্ষ্য কৰি খেৰাই অভিযোগ কৰে যে অভিযুক্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলক আটক কৰা হৈছে, অথচ তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ থকাৰ সময়তে তেওঁক সাংবিধানিক পদত নিযুক্তি দিয়া হৈছে।

তেওঁ কয়, “দেশত বৰ্বৰতা চলিছে। যিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, তেওঁ ৰাজ্যপাল হ’ব আৰু অংকিতাৰ পিতৃ-মাতৃ কাৰাগাৰলৈ যাব নেকি? আমি ধৰ্ষণকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ বাবে কাৰাগাৰলৈ যাব লাগিব, আনহাতে ধৰ্ষণৰ অভিযোগৰ সৈতে নাম সাঙোৰ খোৱা ব্যক্তিজন ৰাজ্যপাল হ’ব—এয়াই নেকি গণতন্ত্ৰ?”

কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাতে আৰক্ষীৰ পদক্ষেপক গৰিহণা দি কয় যে বিগত চাৰি বছৰ ধৰি ন্যায়ৰ বাবে যুঁজি অহা অংকিতা ভাণ্ডাৰীৰ অসহায় পিতৃ-মাতৃৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

তেওঁ প্ৰশ্ন কৰে, “এয়া কেনে ধৰণৰ ব্যৱস্থা? চাৰি বছৰ ধৰি ন্যায় বিচাৰি অহা অসহায় পিতৃ-মাতৃৰ বিৰুদ্ধে এনে নিৰ্দয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁলোকক ন্যায় প্ৰদান কৰাৰ পৰিৱৰ্তে চৰকাৰে মূল অভিযুক্তক ৰাজ্যপাল হিচাপে নিযুক্তি দিছে আৰু তাৰ পাছত পিতৃ-মাতৃৰ সৈতে এনে নিৰ্মম আচৰণ কৰা হৈছে।”

মহিলা প্ৰতিবাদকাৰীসকলক পুৱা ৬ বজাৰ পূৰ্বেই আটক কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীৰ পদক্ষেপৰ সময়ক লৈও প্ৰশ্ন তোলে শ্ৰীনাতে।

প্ৰতিবাদকাৰীসকলে দুশ্যন্ত কুমাৰ গৌতমৰ ৰাজ্যপাল হিচাপে নিযুক্তি বাতিল কৰাৰ দাবী জনায়। অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হোৱা ‘ভিআইপি’ৰ ভূমিকা সন্দৰ্ভত তদন্ত চলি থকাৰ সময়তে তেওঁৰ নিযুক্তি স্থগিত ৰাখিবলৈও দাবী জনায় প্ৰতিবাদকাৰীসকলে।

দিল্লী প্ৰদেশ কংগ্ৰেছৰ দায়িত্বত থকা আৰু বিধায়ক কাজী নিজামুদ্দিনেও আৰক্ষীৰ পদক্ষেপৰ সমালোচনা কৰে। তেওঁৰ অভিযোগ, অংকিতা ভাণ্ডাৰীৰ পিতৃ-মাতৃক আটক কৰাৰ পৰিৱৰ্তে দুশ্যন্ত কুমাৰ গৌতমৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা উচিত আছিল।

নিজামুদ্দিনে কয়, “অংকিতা ভাণ্ডাৰীৰ পৰিয়ালে ৰাষ্ট্ৰপতি ভৱনৰ সন্মুখত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁলোকৰ মনোবল বৃদ্ধি কৰিছিল। নিশা পলমকৈ আৰক্ষী আহি মহিলা প্ৰতিবাদকাৰী আৰু আমাক আটক কৰি লৈ যায়। দুশ্যন্ত কুমাৰ গৌতমক কাৰাগাৰলৈ প্ৰেৰণ নকৰালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব।”

তেওঁ লগতে কয় যে অংকিতা ভাণ্ডাৰীৰ ন্যায়ৰ দাবীত কংগ্ৰেছে আন্দোলন অব্যাহত ৰাখিব। উত্তৰাখণ্ডৰ ৰাইজে অংকিতাৰ পিতৃ-মাতৃৰ সৈতে হোৱা এনে আচৰণ কেতিয়াও সহ্য নকৰিব বুলিও তেওঁ মন্তব্য কৰে।

নিজামুদ্দিনৰ ভাষ্য অনুসৰি, “কংগ্ৰেছ দলে এই যুঁজ অব্যাহত ৰাখিব। আৰক্ষীয়ে দুশ্যন্ত কুমাৰ গৌতমক আটক কৰা উচিত আছিল। এফালে ৰাষ্ট্ৰপতি ভৱন, আনফালে স্মৃতিসৌধ আৰু ইণ্ডিয়া গে’ট থকাৰ পাছতো অংকিতাৰ পিতৃ-মাতৃক আমাৰ সৈতে বলপূৰ্বকভাৱে আটক কৰা হৈছে। বিশেষকৈ নিশাৰ এনে সময়ত হোৱা এই ঘটনাক উত্তৰাখণ্ডৰ ৰাইজে কেতিয়াও মানি নল’ব।”

ইয়াৰ পূৰ্বে বুধবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ইণ্ডিয়া গে’টত প্ৰতিবাদ সাব্যস্ত কৰি থকা অংকিতা ভাণ্ডাৰীৰ পিতৃ-মাতৃক সাক্ষাৎ কৰিছিল।

উল্লেখযোগ্য যে, ২০২২ চনৰ ১৮ ছেপ্টেম্বৰত অংকিতা ভাণ্ডাৰীক হত্যা কৰা হৈছিল। ২৪ ছেপ্টেম্বৰত চিল্লা খালৰ পৰা উদ্ধাৰ কৰা হৈছিল তেওঁৰ মৃতদেহ।

এই হত্যাকাণ্ডৰ গোচৰত ৰিজৰ্টৰ মালিক পুলকিত আৰ্য, বহিষ্কৃত বিজেপি নেতা বিনোদ আৰ্যৰ পুত্ৰ, আৰু ৰিজৰ্টটোৰ দুজন কৰ্মচাৰী সৌৰভ ভাস্কৰ আৰু অংকিত গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছিল। ২০২৫ চনৰ ৩০ মে’ত কোটদ্বাৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ ৰীণা নেগীয়ে হত্যাকাণ্ড, প্ৰমাণ নষ্ট কৰা আৰু অন্যান্য অপৰাধৰ গোচৰত তিনিওজনকে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

ইফালে, অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হোৱা ‘ভিআইপি’ৰ ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় তদন্তৰ দাবী জনাই আহিছে পৰিয়ালটোৱে। অংকিতাৰ পিতৃ বীৰেন্দ্ৰ সিং ভাণ্ডাৰীয়ে দুশ্যন্ত কুমাৰ গৌতমৰ নিযুক্তিক লৈ অসন্তুষ্টি প্ৰকাশ কৰি ৰাষ্ট্ৰপতিলৈ আবেদন জনাইছে। তেওঁৰ দাবী, “চিবিআইৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে দুশ্যন্ত কুমাৰক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া উচিত নহয়। তেওঁক কাৰাগাৰত ৰখা উচিত।”

অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত পৰিয়ালটোৰ প্ৰতিবাদ আৰু দুশ্যন্ত কুমাৰ গৌতমৰ নিযুক্তিক লৈ সৃষ্টি হোৱা বিতৰ্কই এতিয়া নতুনকৈ ৰাজনৈতিক আৰু সামাজিক চৰ্চাৰ সৃষ্টি কৰিছে। অৱশ্যে, গৌতমৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহৰ সন্দৰ্ভত তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ স্থিতি পৃথকভাৱে বিবেচনা কৰাটো প্ৰয়োজনীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...