“আমি গোটেইটো ‘অসম পৰিয়াল’, ‘জুবিন পৰিয়াল’ হ’ব নোৱাৰোনে?” — ন্যায়ৰ দাবীত সামাজিক মাধ্যমত আৱেগিক আহ্বান গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়ৰ দাবীত সমগ্ৰ অসমবাসীক একত্ৰিত হোৱাৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে। ছ’চিয়েল মিডিয়াত কৰা এটা ফেচবুক পোষ্টত তেওঁ প্ৰশ্ন কৰিছে, “আমি গোটেইটো ‘অসম পৰিয়াল’, ‘জুবিন পৰিয়াল’ হ’ব নোৱাৰোনে?”

পোষ্টটোত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰে যে জুবিন গাৰ্গে প্ৰতিগৰাকী অসমীয়াকে নিজৰ বুলি গণ্য কৰিছিল। সেয়েহে ন্যায়ৰ যুঁজখন কেৱল জুবিনৰ পৰিয়ালৰ বুলি নাভাবি সমগ্ৰ অসমবাসীয়ে পৰিয়ালৰ সদস্যৰ দৰে একত্ৰিত হৈ আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়। তেওঁৰ মতে, পৰিয়ালতকৈ জুবিন ৰাইজৰ অধিক আপোন আৰু ৰাইজৰ সন্মিলিত শক্তি অধিক প্ৰভাৱশালী।

গোচৰটোক লৈ বিভিন্ন ধৰণৰ ভাষ্য আৰু অপপ্ৰচাৰ চলি থকাৰ অভিযোগ উত্থাপন কৰি গৰিমাই কয় যে এনে প্ৰচেষ্টাই পৰিয়াল, অনুৰাগী, জুবিনক ভালপোৱা লোক আৰু সংবাদকৰ্মীসকলকো অপমানিত কৰিছে। তেওঁৰ মতে, এনে পৰিস্থিতিয়ে গোচৰটোৰ সঠিক নিষ্পত্তিৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে।

ফেচবুক পোষ্টটোত গৰিমাই স্পষ্ট কৰি দিয়ে যে তেওঁলোকে কোনো নিৰ্দোষী ব্যক্তিক শাস্তি দিয়াটো নিবিচাৰে। বৰঞ্চ অভিজ্ঞ তদন্তকাৰী বিষয়াৰ জৰিয়তে আইনী প্ৰক্ৰিয়া অনুসৰি তদন্ত সম্পন্ন কৰি প্ৰকৃত দোষীসকলৰ শাস্তি বিচাৰিছে বুলি উল্লেখ কৰে।

জুবিন গাৰ্গৰ সৈতে থকা ব্যক্তিগত সম্পৰ্কৰ কথা উল্লেখ কৰি গৰিমাই লিখিছে, “জুবিনে মোক কয়, ‘The best thing happened to my life is you” এই কথাষাৰ তেওঁৰ বাবে সৰ্বোচ্চ স্বীকৃতি আৰু সন্মান বুলি উল্লেখ কৰি তেওঁ কয় যে আনৰ জাপি দিয়া অপবাদক তেওঁ ভয় নকৰে।

পোষ্টটোৰ শেষত গৰিমা শইকীয়া গাৰ্গে ন্যায়ক তেওঁলোকৰ প্ৰাপ্য বুলি অভিহিত কৰি কয় যে তেওঁলোকে কেৱল সত্য আৰু সঠিক বিচাৰহে বিচাৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায় নিশ্চিত কৰাৰ বাবে সমগ্ৰ অসমবাসীৰ সন্মিলিত শক্তি আৰু সমৰ্থনৰ আহ্বান জনাইছে তেওঁ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...

উত্তৰাখণ্ডৰ অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত প্ৰতিবাদ দিল্লীত; ন্যায় বিচাৰি প্ৰতিবাদ কৰা পিতৃ-মাতৃক আটক

উত্তৰাখণ্ডৰ বহু চৰ্চিত অংকিতা ভাণ্ডাৰী হত্যাকাণ্ডৰ ন্যায় বিচাৰি দিল্লীৰ...

সুৰেৰে অসমবাসীৰ মাজত আজিও অমৰ ‘ৰাণাদা’; কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ পূণ্যতিথিত স্মৰণ অসমবাসীৰ

অসমীয়া সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, দৰদী কণ্ঠশিল্পী, সুৰকাৰ...