জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ বাবে উপস্থিত হয় পৰিচালক ৰাজেশ ভূঞা। অৱশ্যে আজি তেওঁৰ সাক্ষ্যদান সম্পূৰ্ণ নহ’ল। কাইলৈ পুনৰ আদালতত সাক্ষ্যদান কৰিব ৰাজেশ ভূঞাই। আদালতৰ পৰা ওলাই আহি ৰাজেশ ভূঞাই কয়, “মই নৱৰাত্ৰিত দেৱী পূজা কৰি আহিছোঁ, দানৱ চাব খোজা নাই।” লগতে তেওঁ কয় যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত তেওঁৰ সাক্ষ্যই সামান্যতমো সহায় কৰিলে তেওঁ নিজৰ জীৱন সাৰ্থক হোৱা বুলি মানি ল’ব।
জামিন লাভ কৰাৰ বিষয়টো উল্লেখ কৰি ৰাজেশ ভূঞাই কয় যে জামিন পোৱাটোৱে দোষমুক্ত হোৱা বুজাব নোৱাৰে। তেওঁৰ ভাষ্য অনুসৰি, জামিন লাভ কৰি অভিযুক্ত পুনৰ ৰাইজৰ মাজলৈ আহিছে আৰু গোটেই জীৱন ৰাইজৰ ওচৰত মুখ ঢাকি ঘূৰিব লাগিব।
ইফালে, আজি আদালতত অধিবক্তাৰ সৈতে উপস্থিত হোৱা অমৃতপ্ৰভা মহন্তই আদালতৰ পৰা ওলাই অহাৰ সময়ত সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ নকৰিলে। মুখত মাস্ক পৰিধান কৰি অধিবক্তাৰ সৈতে ওলাই অহা অমৃতপ্ৰভাক অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমৰ প্ৰশ্নৰ পৰা আঁতৰাই ৰখাৰ চেষ্টা কৰে আৰু মতামত লোৱাৰ পৰা বিৰত থাকিবলৈ কয়।
আনহাতে, আদালতৰ পৰা ওলাই আহি ৰাজা বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁক কিছুমান অপ্ৰয়োজনীয় প্ৰশ্ন সোধা হৈছে। অমৃতপ্ৰভা মহন্তৰ সন্দৰ্ভত তেওঁ কয় যে আজি তেওঁ প্ৰথমবাৰৰ বাবে তেওঁৰ মুখৰ অৱয়ব দেখিছে আৰু তেওঁক চিনি পায় নেকি বুলিও প্ৰশ্ন কৰা হৈছিল।

লগতে, জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত এগৰাকী অসমীয়া অধিবক্তাই বিপক্ষে অৱস্থান লোৱাটো লাজৰ কথা বুলিও মন্তব্য কৰে ৰাজা বৰুৱাই।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি চলি থকা আইনী প্ৰক্ৰিয়াৰ মাজতে আদালতত সাক্ষ্যদান আৰু সংশ্লিষ্ট পক্ষসমূহৰ মন্তব্যই বিশেষ গুৰুত্ব লাভ কৰিছে।
