ৱেলছত ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ স্বৰ্ণিল জয়! এশৰো অধিক দলক পৰাস্ত কৰি ‘এক্সাৰচাইজ কেম্ব্ৰিয়ান পেট্ৰ’ল ২০২৬’ত সোণৰ পদক অৰ্জন

ৱেলছত অনুষ্ঠিত ‘এক্সাৰচাইজ কেম্ব্ৰিয়ান পেট্ৰ’ল ২০২৬’ত ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ সোণৰ পদক অৰ্জন; এশৰো অধিক দলক পৰাস্ত কৰি বিশ্বৰ দহটা সোণৰ পদক বিজয়ী দলৰ ভিতৰত স্থান লাভ

মাৰ্কিন যুক্তৰাজ্যৰ ৱেলছত অনুষ্ঠিত ‘এক্সাৰচাইজ কেম্ব্ৰিয়ান পেট্ৰ’ল ২০২৬’ত সোণৰ পদক অৰ্জন কৰিছে ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টৰ জোৱানসকলে। ভাৰতীয় সেনাই সামাজিক মাধ্যমৰ এটা পোষ্টযোগে এই কথা সদৰী কৰে।

এই কঠিন সামৰিক টহলদাৰী অনুশীলনত এশৰো অধিক দলে অংশগ্ৰহণ কৰিছিল। ভাৰতীয় সেনাই উল্লেখ কৰা অনুসৰি, অসম ৰেজিমেণ্টৰ দলটোৱে অসাধাৰণ সহনশীলতা, কৌশলগত দক্ষতা আৰু দলীয় সমন্বয়ৰ পৰিচয় দি সোণৰ পদক লাভ কৰা দহটা দলৰ ভিতৰত স্থান লাভ কৰে।

উল্লেখযোগ্য যে, যোৱা ২ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈকে এই সামৰিক অনুশীলন অনুষ্ঠিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাৰ্কিন গায়িকা মেৰী মিলবেনৰ বিস্ফোৰক দাবী; আমেৰিকাৰ নিৰ্বাচিত দাতাৰ পৰা CJP-এ ধন লাভ কৰে

আমেৰিকান গায়িকা মেৰী মিলবেনে বুধবাৰে এক বিস্ফোৰক দাবী কৰে...

হাইজেকৰ ভাবুকিৰ পিছতে ফ্ৰেংকফুৰ্টৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান জয়পুৰলৈ ডাইভাৰ্ট

হাইজেকৰ ভাবুকিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নিৰাপত্তাজনিত পৰিস্থিতিৰ মাজতে...