আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত দ্বিতীয় Asian Masters Swimming Championships-2026ত তিনিটাকৈ পদক অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সাঁতোৰবিদগৰাকীয়ে।
পেছাত এগৰাকী শিক্ষয়িত্ৰী জেহেনা আকতাৰে কালাকুচি সাতগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। তেওঁ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰীৰ বোৱাৰী। প্ৰতিযোগিতাখনত জেহেনাই ৪০০ মিটাৰ মেডলিত সোণৰ পদক, ২০০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক আৰু ২০০ মিটাৰ ব্ৰেষ্টষ্ট্ৰ’কত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা অসমৰ একমাত্ৰ মহিলা সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে জেহেনা আকতাৰ। ইয়াৰ পূৰ্বেও তেওঁ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সাঁতোৰ প্ৰতিযোগিতাত একাধিক পদক লাভ কৰি নিজৰ প্ৰতিভাৰ পৰিচয় দিছে।
জেহেনা আকতাৰৰ এই উল্লেখযোগ্য সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে ছমৰীয়া সমষ্টিৰ টুপামাৰীবাসী ৰাইজ। এগৰাকী শিক্ষয়িত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ ক্ৰীড়াক্ষেত্ৰতো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য অৰ্জন কৰা জেহেনাৰ এই কৃতিত্বই অঞ্চলটোলৈ আনন্দ কঢ়িয়াই আনিছে।
ইফালে, প্ৰতিভাৱান মহিলা সাঁতোৰবিদগৰাকীৰ এই সাফল্যৰ পিছত স্থানীয় ৰাইজে চৰকাৰক তেওঁৰ প্ৰতি বিশেষ দৃষ্টি দিবলৈ আৰু ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱাৰ বাবে প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াবলৈ দাবী জনাইছে।
