লাডাখৰ সমাজকৰ্মী সোনম ৱাংচুকে আজি দিল্লীত আটক কৰা নেতাসকলক কাইলৈৰ ভিতৰত মুকলি কৰি নিদিলে অনশন অথবা পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে।
নিৰ্বাচন আয়োগৰ কাম-কাজত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত নতুন দিল্লীৰ যন্তৰ-মন্তৰৰ দিশে প্ৰতিবাদী সমদল উলিওৱাৰ চেষ্টা কৰাৰ সময়তে দিল্লী আৰক্ষীয়ে কেইবাগৰাকীও ৰাজনৈতিক নেতা, সমাজকৰ্মী আৰু প্ৰতিবাদকাৰীক আটক কৰে। আটকাধীনসকলৰ ভিতৰত কক্ৰ’চ জনতা পাৰ্টি (CJP)-ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে, আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জীও আছে।
ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰা এটা ভিডিঅ’ বাৰ্তাত সোণম ৱাংচুকে দেশত ‘অঘোষিত জৰুৰীকালীন অৱস্থা’ চলি থকা বুলি মন্তব্য কৰে। তেওঁ প্ৰকাশ কৰিছে, ‘কালি মই আজিৰ প্ৰতিবাদত ঐক্য আৰু শান্তি বজাই ৰাখিবলৈ আহ্বান জনাই এটা বাৰ্তা প্ৰকাশ কৰিছিলোঁ। কিন্তু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰখন যে অঘোষিত জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ’ব, সেয়া মই কেতিয়াও কল্পনা কৰা নাছিলোঁ।’
নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে চলা প্ৰতিবাদলৈ সমৰ্থন আগবঢ়োৱা ৱাংচুকে অৱশ্যে দিল্লীত উপস্থিত থাকি প্ৰতিবাদত অংশগ্ৰহণ কৰিব পৰা নাছিল। তেওঁ কয়, ‘এই আন্দোলনৰ নেতৃত্ব দিবলৈ যথেষ্ট সংখ্যক নেতা আগবাঢ়ি অহা দেখি মই আনন্দিত হৈছিলোঁ। কিন্তু এতিয়া জানিব পাৰিছোঁ যে তেওঁলোক সকলোকে গ্ৰেপ্তাৰ কৰা হৈছে।”
আটকাধীন নেতাসকলক শীঘ্ৰেই মুকলি কৰি দিব বুলি আশা প্ৰকাশ কৰে ৱাংচুকে। অৱশ্যে, দেওবাৰৰ ভিতৰত তেওঁলোকক মুকলি কৰি নিদিলে অনশন অথবা পদযাত্ৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিয়ে লাডাখৰ সমাজকৰ্মীগৰাকীয়ে। পৰৱৰ্তী সময়ত তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
